পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

 গুৰুদেৱ প্ৰণাম গ্ৰহণ কৰক। উৰ্ধহস্থে মাৰ্কণ্ডেয় মুনি আশীৰ্বাদ দিলে-কল্যাণ হওঁক, মনোবাঞ্চা পূৰ্ণ হওঁক। আসন গ্ৰহণ কৰক আৰু পৰিচয় দানে মোক কৃতাৰ্থ কৰক। মোৰ নাম জৈমিনী গুৰুদেৱ। আপুনি সৰ্বজ্ঞানী, আপুনি গুণধাৰ৷ আপোনাৰ ওচৰত কিছু জ্ঞান আহৰণৰ বাবে আহিছো। অনুগ্ৰহ কৰি আপুনি মোক কিছু জ্ঞান দান কৰক।

 হে মহৰ্ষি মোৰ মনৰ কৌতুহল নিহিত প্ৰশ্নবোৰৰ উত্তৰ আপোনাৰ বাহিৰে আন কোনোৱে দিব পাৰিব বুলি মই নেভাবো। সেয়েহে মহাশয় মোৰ প্ৰতি দয়া পৰবশ হৈ মোৰ প্ৰশ্নবোৰৰ উত্তৰ দানে মোৰ কৌতুহল নিবৃত্তি আৰু জগতৰ অজ্ঞতা দূৰ কৰক। জৈমিনীৰ কথাত মাৰ্কণ্ডেয় মুনি ক’লে হে ঋষিবৰ শ্ৰদ্ধাবান লভতে জ্ঞানম্। আপোনাৰ জ্ঞানৰ পিপাষা দেখি মই বৰ আচৰিত হৈছো। জ্ঞান আপুনি পাব। যদিওবা মই বৰ্ত্তমান সময়ত যাগ-যজ্ঞত ব্যস্ত হৈ আছো তথাপি মই যিমান পাৰো আপোনাক সন্তুষ্ট কৰিবলৈ যত্ন কৰিম। এতিয়া আপোনাৰ জানিবলগীয়া প্ৰশ্নবোৰ মোক জ্ঞাত কৰক। নমস্কাৰ জনাই জৈমিনী মুনিয়ে ক’বলৈ ধৰিলে— হে মহৰ্ষি—

কথং ভগবান্ শ্ৰীকৃষ্ণ মানযেষ্যু যজ্ঞে?
কথং বা পাণ্ডপুত্ৰানাং পঞ্চনামে কৈৱ দ্ৰৌপদী ভাৰ্যা বভুব॥
কথঞ্চঃ ৰাম ব্ৰহ্মহত্যায় তিৰ্থ যাত্ৰা প্ৰসঙ্গেন্ শ্বকাৰহ
কথং ভগবান্ শ্ৰীকৃষ্ণ অপ্যনাথা বদকৃত দ্বাৰ পৰিগ্ৰহাত
এবম্ মৃত এতত মম দ্বন্দেহ বিষয়ম ব্ৰুহিতিঃ

 হে গুৰুদেৱ নিৰাকাৰ পৰম ব্ৰহ্ম ভগৱান। জগতত যুগে যুগে অৱতাৰ ধাৰি ভগৱান। যাৰ আদি নাই, অন্ত নাই। যাৰ আকাৰ নাই। যাৰ ৰং নাই। যাৰ উচ্চতা, গভীৰতা নিৰ্ণয় কৰিব নোৱাৰি। সেই