পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

হ’ব পাৰে। ইয়াৰ বাবে লাগিব ৰিপু দমনৰ সুসংহত।

 জ্ঞান ভাণ্ডাৰৰ অস্ত্ৰ চাৰিকা দমনীয় শক্তি।

কৰ্মফল

 মুল সত্যক উপলব্ধি কৰিলে, বোধগম্য হয় যে ঈশ্বৰৰ অনুভুতি কৰ্মফল। কৰ্মফল চন্দ্ৰ, সূৰ্য্যৰ দৰে সত্যৰ প্ৰতীক। কৰ্মফলে পূৰ্ব্বজন্ম স্মৰণ কৰাই বা ভাবিবলৈ বাধ্য কৰে। এটা কলপুলি যেতিয়া আন ঠাইৰ পৰা আনি গাত খান্দি আন ঠাইত ৰোপন কৰা হয় সেই সময়ত তাত ফল নাথাকে। সাৰ পানী দিয়াৰ পিছতো কেতিয়াবা কোনো দুৰ্যোগত তাৰ মৃত্যু হ’ব পাৰে। এয়া তাৰ কৰ্মফল। সি যেতিয়া ডাঙৰ দীঘল হ’ব তেতিয়া তাৰ বুকুৰ মাজৰ পৰা এটা ঠোক ওলাব। ৰুওতাজনৰ মন ঢাপলি মেলিব তাৰ বংশ বিন্যাস কৰিবলৈ। এইয়া মালভোগ ৰুওতাজনৰ প্ৰাপ্য কৰ্মফল। ইয়াৰ পৰা আঠিয়া বা আন কিবা কল প্ৰাপ্য হবনে? এইয়া শুভ বুদ্ধি সম্পন্ন ব্যক্তিৰ কৰ্মফল। কৰ্মফল যদি ব্যতিক্ৰম হয় তেনেহ’লে ঈশ্বৰ নামৰ বিশ্বাসত কলঙ্কৰ দাগ পৰিব।

 যাৰ জন্ম আছে তাৰ কৰ্মফল মৃত্যু। উপজিলে মৰিব লাগিব। কৰ্মফলৰ বাবে কাৰবাৰ মৃত্যু হয় অনাকাংক্ষিত চকুলোৰ ঢলৰ সমষ্টি। কাৰবাৰ মৃত্যু আত্মতুষ্টিৰ হাঁহি হিচাপে পৰিগণিত হ’ব পাৰে। কাৰণ কৰ্মফলে জীৱৰ জীৱন ৰোমন্থন কৰে। অতীত বৰ্ত্তমান সকলো কৰ্মফলৰ অনুগামী কৃষ্ণ ভগৱান৷ তেওঁ দৈৱকীৰ গৰ্ভত জন্ম লৈছিল কাৰণ তেওঁৰ প্ৰতিশ্ৰুতি, পৰম বৈষ্ণৱ ৰঘুপতি শৰ্মা আৰু তেওঁৰ ভাৰ্য্যাৰ যি ত্যাগ, তাৰ বাবে সন্তানহীনা সম্পতী ৰঘুপতী শৰ্মাৰ ঘৰত,