পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

আহাৰ দিব লাগিব। আৰু শুনক এই আশ্ৰমৰ বাহিৰৰ পৰা কোনো ব্ৰাহ্মণ কন্যা আনিব নোৱাৰিব আৰু শুনক পণ্ডিত মোৰ ভোজনত লাগিব বিষাক্ত সৰ্পৰ মঙহ, ইয়াৰ অন্যথা হ’লে মই তোমাক অভিশপ্ত কৰিম।’ মোৰ ক্ৰোধৰ দাবানলত তোমাৰ আশ্ৰম পুৰি চাই হৈ যাব। চাবা পণ্ডিত মোৰ বহু আকাঙ্খিত ব্ৰতৰ ফল যেন নষ্ট নকৰা।

 মুনি অশ্বনিধিৰ কথা শুনি বৌধিমিত্ৰৰ মহা ভয় হ’ল। সেইভাব তেওঁ মুনিক নেদেখুৱাই মুনিৰ কথাত হয়ভৰ দিলে। কিন্তু বৌধিমিত্ৰ মহা বিপদত পৰিল এফালে অকুমাৰী ব্ৰাহ্মণ কন্যাৰ ৰন্ধন, আনফালে বিষাক্ত সৰ্পৰ মাংস। অন্যথা মুনিৰ কোপনত অভিশপ্ত আৰু ধ্বংস। মুনিক বিশ্ৰাম কৰিবলৈ দি বৌধিমিত্ৰ শৈবিকৰ ওচৰলৈ গ’ল। কাৰণ শৈবিকৰ অসাধাৰণ জ্ঞানৰ পৰিচয় ইতিমধ্যে বৌধিমিত্ৰই পাইছে। বৌধিমিত্ৰই বৰ মৰমেৰে শৈবিকক কাষত বহুৱাই মুনি কোৱা সকলো কথা বিৱৰি ক’লে। কিন্তু শৈবিকক বৌধিমিত্ৰই এটা কথা নকলে যে মুনি অশ্বনিধি ত্ৰিকালজ্ঞ্য মুনি। অতীত, বৰ্ত্তমান ভুত-ভৱিষ্যত সকলো মুনিৰ নশ দৰ্পনত এই কথাষাৰ বৌধিমিত্ৰই শৈৱিকক ইচ্ছা কৰিয়েই নকলে বা ভয় পোৱাৰ ভয়তেই নকলে। গুৰুৰ কথা শুনি শৈবিক মহা চিন্তাত পৰিল। কি ধৰণে সি গুৰুক সহায় কৰিব, কেনেদৰে গুৰু আৰু আশ্ৰম ৰক্ষা কৰিব। হঠাৎ শৈবিকৰ মনত এটা বুদ্ধি খেলালে। শৈবিকে গুৰু কানে কানে ক’লে- হে গুৰুদেৱ মুনিৰ প্ৰথম চৰ্ত্ত অকুমাৰী ব্ৰাহ্মণ কন্যাৰ ৰন্ধন, আমাৰ আশ্ৰমত কোনো নাৰী নাই। আমি ক’ত ব্ৰাহ্মণ কন্যা পাম। গতিকে গুৰুদেৱ মই কওঁ শুনক– আমাৰ তৃতীয় ভাতৃ বিপাশ সৰুৰে পৰা তাৰ অবয়ব কন্যা সদৃশ। গতিকে তাক ব্ৰাহ্মণ কন্যাৰ ৰূপেৰে সজাই ৰন্ধন কৰিবলৈ দিলে

৪৬