পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী।

আৰু উত্তপ্ত ৰক্ত আপুনি মোক আনি দিয়ক।” পক্ষীৰ আহাৰৰ কথা শুনি শুক্ৰিষ মুনি ব্ৰজপাত হোৱা মানুহৰ দৰে নিঠৰ হৈ ৰ’ল। এয়া ম‍ই কি শুনিছো, এনেকুৱা বৃদ্ধ পক্ষীয়ে খাব খুজিছে মনুষ্যৰ কোমল মাংস আৰু উত্তপ্ত ৰক্ত। কিন্তু পাম ক’ত। বিন্ধাগিৰী পৰ্বত বিচাৰি চলাধ কৰিলেও মানুহ পাবলৈ নাই। ক’ৰ পৰা দিম কোমল মাংস আৰু উত্তপ্ত ৰুধিৰ হঠাৎ যেন মুনি চেতনা পালে নহয় নহয় চিন্তা কৰাৰ কাৰণ নাই, মোৰ ঘৰতে আছে চাৰিটি সুযোগ্য সন্তান, প্ৰয়োজন হ’লে মোৰ ধৰ্ম ৰক্ষাৰ বাবে চাৰি পুত্ৰক আগবঢ়াই দিম পক্ষীৰ আহাৰস্বৰূপে। মায়াবী পক্ষীয়ে মুনিলৈ চাই ক’লে- “হে গুৰুদেৱ, আপুনি যদি মোক আহাৰ দিব নোৱাৰে, মই আন কোনো আশ্ৰমলৈ যাওঁ, সত্যভংগ পাপত আপুনি চিৰকাল পতিত হৈ থাকিব লাগিব। মুনিয়ে ক’লে- হে পক্ষীৰাজ তেনেকুৱা কথা নকবা, মোৰ চাৰিপুত্ৰ গৈছে উদ্যানত ফুল তুলিবলৈ, সিহঁতক মই এই মুহূৰ্তে মাতি আনিম। সিহঁতৰ দেহৰ কোমল মাংস হ’ব তোমাৰ ক্ষুধা নিবাৰণ আৰু সিহঁতৰ দেহৰ ধৰ্মনিত প্ৰৱাহিত ৰক্তেৰে হ’ব তোমাৰ পাপৰ তৃষ্ণা নিৱাৰণ। উদ্যানৰ ফালে চায় মুনিয়ে চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে বাচাহঁত তোমালোকে য’তে যেনেদৰে আছা মোৰ ওচৰলৈ লৰি আহা। পিতৃৰ কণ্ঠস্বৰ শুনাৰ লগে লগে ল’ৰা কেইটাই বৰ আচৰিত হ’ল। আমি উদ্যানলৈ অহাৰ সময়ত পিতাই আমাক কোনোদিনে নামাতে, হয়তো আজি পিতাক কোনো হিংস্ৰ জন্তুয়ে আক্ৰমণ কৰিছে সেয়েহে পিতাই আমাক চিঞৰি চিঞৰি মাতিছে। ল’ৰা কেইটাই দৌৰি আশ্ৰমলৈ আহিল। প্ৰণাম জনাই পিতাকক সুধিলে- হে পিতৃদেৱ, কিয় আজি অসময়ত আমাক মাতি আনিলে। কি বিপদ হৈছে আপোনাৰ।