পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাভ কৰে। সন্মুখত মোৰ গভীৰ সমস্যা। বৰ্ত্তমান সময়ত মই যাগ- যজ্ঞত ব্যস্ত হৈ আছো। ঋষি সমাজে অপেক্ষা কৰি আছে মোক। এনে সময়ত ইমান বহলাই ক'ব লগা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মোৰ সময় নহ’ব। গুৰুদেৱ আপুনি মোক নিৰাশ নকৰিব। বহু আশা কৰি মই আপোনাৰ ওচৰলৈ আহিছো। মোক নিৰাশ নকৰিব। নহয় মুনিবৰ আপুনি বুজিবলৈ যত্ন কৰক। সংকল্পিত আহুতি বা পূৰ্ণাহুতি নিৰূপিত সময়ত দিব নোৱাৰিলে সি সকলোৰে বাবে ক্ষতিকাৰক হয়। এই কথা আপুনিয়ো নজনা নহয়। তেনেস্থলত আপুনি দুখ নকৰিব। শুনক ঋষিবৰ মই আপোনাৰ মনৰ ভাব বুজিছো। সেয়েহে আপোনাৰ এই চাৰি প্ৰশ্নৰ উত্তৰ দাতা আৰু আছে যিসকল শাস্ত্ৰজ্ঞানত মই মাৰ্কণ্ডেয়তকৈও শ্ৰেষ্ঠ। গুৰুদেৱ আপুনি মোৰ মনত বেচি কৌতুহল দৃষ্টি কৰিলে। আপোনাতকৈ জ্ঞানবান আৰু কোন আছে গুৰুদেৱ।

 হে ঋষিবৰ, বিন্ধাগিৰি পৰ্বতত পিংৰাক্ষ, পিৰাধ, সুপুত্ৰ, সুমুখ, নামৰ চাৰিটা পক্ষী আছে। তেওঁলোকৰ ওচৰলৈ গৈ এই প্ৰশ্ন কেইটা সুধিলে তেওঁলোকে এই আটাইবোৰ কথা কোৱাৰ উপৰিও আন প্ৰশ্ন কৰিলেও তোমাক সকলো বুজাই জ্ঞানৰ ভড়াল পুষ্ট কৰিব। হে গুৰুদেৱ অলপ আগতে আপুনি কৈছিল, মাৰ্কণ্ডেয়, সুত, শুক আৰু নাৰদক পৰম পিতা ব্ৰহ্মাই এই জ্ঞান দিছিল। তেনেহ'লে আপুনি কোৱা এই চাৰি পক্ষী এনে জ্ঞানবান, ধাৰ্মীক হ’ল কেনেকৈ? হে মহানুভৱ গুৰুদেৱ আপোনাৰ কথা শুনি মোৰ এনেকুৱা হৈছে মই আচলতে সপোন দেখিছো, নে দিঠকত আপোনাৰ কথা শুনি আছোঁ। হে মহাশয় যাম, মই সেই পক্ষী সকলৰ ওচৰলৈ, যাম বিন্ধাগিৰী পৰ্বতলৈ আৰু তাত গৈ মই পক্ষী কেইটাৰ ওচৰত মোৰ প্ৰশ্নবোৰ