পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

চাৰিপুত্ৰৰ অৱৰ্তমানত যাগ-যজ্ঞ কৰাটো মোৰ বাবে বৰ কঠিন হৈ পৰিল। যাগ-যজ্ঞ কৰাৰ সময়ত কোনে যোগান ধৰিব মোৰ ফুল- বেলপাত। কোনে আনি দিব মোৰ যজ্ঞৰ সম্ভৰ। কোনো দুষ্কৃতিকাৰীয়ে যেতিয়া মোৰ যজ্ঞবেদীত অত্যাচাৰ আৰম্ভ কৰিব কোনে বাধা দিব সেই দুষ্কৃতিকাৰীক। আশ্ৰয়হীন মই, অপুত্ৰক মই। দেৱৰাজ ইন্দ্ৰই ক’লে- অপুত্ৰক বুলি দুখ নকৰিব গুৰুদেৱ, স্বৰ্গ-মত্য, পাতালৰ অধিকাৰী দেৱৰাজ ইন্দ্ৰ হ’ব আজিৰ পৰা আপোনাৰ পুত্ৰ স্বৰূপ। দুষ্কৃতিকাৰীয়ে যেতিয়া আপোনাৰ ধৰ্ম, কামত ব্যাঘাত জন্মাব তেতিয়া মই দেৱৰাজ ইন্দ্ৰই দধিচিৰ হাড়েৰে নিৰ্মিত বজ্ৰ হাতত লৈ দুষ্কৃতিকাৰী নিধন কৰি আপোনাৰ পুত্ৰ দায়িত্ব পালন কৰিম। এইবুলি কৈয়েই দেৱৰাজ ইন্দ্ৰ তাৰ পৰা অন্তৰ্দ্ধ্যান হৈ গুছি গ’ল। দেৱৰাজ ইন্দ্ৰ প্ৰস্থানৰ পিছত অভিশপ্ত চাৰি পুত্ৰই পিতাকৰ চৰণত ধৰি কান্দিবলৈ ধৰিলে। পিতা নিজৰ জীৱনৰ মমতাত আৱদ্ধ হৈ আপোনাৰ বাক্য আমি পালন নকৰিলো। ব্ৰহ্ম বাক্য কেতিয়াও খণ্ডন নহয়, সেই কথা আমি জানো কিন্তু পিতা আমি অনুৰোধ কৰো আমাৰ এই অভিশাপত যাতে আমি ডালে ডালে বগাই ফুৰা পক্ষীৰ জন্ম হ’ব নেলাগে দয়া কৰি আমাক এইখিনি কৃপা কৰক। পুত্ৰসকলৰ আনুনয় বিনয় শুনি মুনিৰ প্ৰাণত পুনৰ পুত্ৰ স্নেহৰ জোঁৱাৰ উঠিল। গদ্ গদ্ মাতেৰে পুত্ৰ সকলক ক’লে মোক পিতা বুলি নামাতিবি। মোৰ হৃদয়ত পুনঃ মায়াৰ সঞ্চাৰ নকৰিবি। মোৰ কোনো পুত্ৰ নাই। মই কাৰো পিতা নহয়। তথাপি যিহেতুকে তহঁতে মোক পুনৰ সন্তুষ্ট কৰিছ তহঁতৰ অভিশাপ সম্পৰ্কে মই কওঁ শুন। ব্ৰহ্মবাক্য অখণ্ডনীয়। পক্ষীৰ জন্ম তহঁতে ল’বই লাগিব।

কিন্তু পক্ষী হ’লেও তহঁতে যেনে, তেনে পক্ষী নহ। চাৰিবেদ, চৈধ্য

১৭