পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী


যথাযথ উত্তৰ লাভ কৰিবা। মাৰ্কণ্ডেয় মুনি জৈমীনিক এই উপদেশ দি তেওঁ স্নান কৰিবলৈ গ’ল। মাৰ্কণ্ডেয় মুনিৰ এনে উপদেশ পাই জৈমিনী মুনি পক্ষী কেইটাৰ ওচৰলৈ বিন্ধাগিৰী পৰ্বতলৈ গ’ল। বিন্ধাগিৰী পৰ্বতৰ মনোৰম দৃশ্যৰে ভৰপূৰ এখন সুন্দৰ আশ্ৰম। ফলে- ফুলে জাতিষ্কাৰ, কুলি-কেতেকীৰ ৰম্যভূমি। এইখনেই চাৰী ধৰ্মপক্ষীৰ ধৰ্যালয়। জৈমিনী আগবাঢ়ি গ’ল। এক অনুসন্ধিতসু মনেৰে। এনেতে কাৰবাৰ কন্ঠস্বৰ ভাহি আহিল। আসন গ্ৰহণ কৰা ভদ্ৰ। শব্দ ভাহি অহা ফাললৈ মুৰ তুলি জৈমিনী দেখিলে এখন ক্ৰুশাসনৰ ওফৰত এটি বিশাল আকৃতিৰ পক্ষী। জৈমিনী মুনি পক্ষীক সাস্তাঙ্গে প্ৰণাম জনাই ক’লে- হে গুৰুদেৱ, মহৰ্ষি মাৰ্কণ্ডেয়ৰ পৰামৰ্শ পাই মই বিন্ধাগিৰীলৈ আহিছো। মোক কিছু ধৰ্মজ্ঞানৰ প্ৰয়োজন। মোক দয়া কৰি এটা কথা কবনে গুৰুদেৱ। গুৰু মাৰ্কণ্ডেয়ৰ মতে বিন্ধাগিৰীত চাৰিটা ধৰ্মপক্ষী আছে। কিন্তু মই তিনিটা পক্ষীক দেখা নাই। শুনিবলৈ পাইছিলো পিংৰাক্ষ, পিৰাধ, সুপুত্ৰ, সমুখৰ কথা। কিন্তু...। হয় ঋষিবৰ আপুনি ঠিকেই শুনিছে। আমি চাৰি ভাতৃ। মই কনিষ্ঠ সমুখ। বাকী মোৰ দাদা তিনিজন হিমালয়ৰ সপ্তম শৃঙ্গত তপশ্ৰী মুনিৰ আশ্ৰমত দিব্যজ্ঞান লাভৰ বাবে পাঁচটা ব্ৰত আহাৰ, পানী, বাক্য, দৃষ্টিবিহীন, ক্ৰোধ এই পাঁচটা ব্ৰত ধাৰণ কৰি দাদা সকলে ধ্যানমগ্ন হৈ আছে। মই আশ্ৰমৰ পালক ৰূপে আশ্ৰমৰ দায়িত্ব মুৰ পাতি লৈছো। গুৰুদেৱ মুনিশ্ৰেষ্ঠ মাৰ্কণ্ডেয়ই কৈছিল যে এই চাৰিপক্ষী জগতত অদ্বিতীয় ধৰ্মজ্ঞানী, সৰ্বজ্ঞানী কিন্তু আপুনি ক’লে আপোনাৰ তিনি দাদা দিব্যজ্ঞান লাভৰ বাবে হিমালয়ৰ সপ্তম শৃঙ্গত তপশ্ৰী মুনিৰ আশ্ৰমত ব্ৰত পালন

কৰি আছে। হয় ঋষিবৰ ব্ৰত অবিহনে তপস্যা নিৰৰ্থক। ব্ৰতৰ দ্বাৰা

২৮