পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

তিনি জনমত পুত্ৰ স্বৰূপে তেওঁ জন্ম গ্ৰহণ কৰিব। প্ৰথম জন্ম ৰঘুপতি শৰ্মা, সুতপা ব্ৰাহ্মণ আৰু তেওঁৰ ভাৰ্য্যা প্ৰিঞ্চী সতী, পুত্ৰ প্ৰিঞ্চিসুত। দ্বিতীয় জন্ম ৰঘুপতী কাশ্যপ, ভাৰ্য্যা অদিতী। তৃতীয় জন্ম ৰঘুপতী বসুদেৱ, ভাৰ্য্যা দৈৱকী কৃষ্ণ৷ এইয়া ৰঘুপতি আৰু ভাৰ্য্যাৰ কৰ্মফল। জগত পতিক যি পুত্ৰ স্বৰূপে তিনি জনমত লাভ কৰিছিল এইয়াই কৰ্মফল। ৰাম অৱতাৰত অন্যায়ভাবে বালী বধৰ যি কৰ্মফল সেইয়া দ্বাপৰত প্ৰতিফলিত হৈ কৰ্মফলৰ বাবে অঙ্গদৰ ব্যাধৰ হাতত কৃষ্ণৰ মৃত্যু হৈছিল। এইয়াই কৰ্মফল। কুৰুক্ষেত্ৰৰ যুদ্ধত ধৰ্মযুদ্ধত অধৰ্মৰ সঞ্চাৰ হৈছিল। গঙ্গাপুত্ৰই সকলো দেখি শুনিয়ো নিৰ্বাক নিস্পন্দ হৈ থাকি শৰশয্যাৰ দাৰুণ যন্ত্ৰণা সহিব লগীয়া হৈছিল। কৌৰৱ কুল বিনাশত ভগৱান কৃষ্ণৰ অৰিহণা আছিল শ্ৰেষ্ঠতম। সকলো জানিয়ো কৃষ্ণ মাজে মাজে কুৰুক্ষেত্ৰত নিস্ক্ৰীয় হৈ পৰিছিল। অস্বস্থহঁত ইতি কিন্তু গজ, বাক্যশাৰ কাৰ প্ৰৰোচনাত সত্যবাদী যুধিস্থিৰে ৰণক্ষেত্ৰত প্ৰকাশ কৰিছিল। ধৰ্মক সংস্থাপন, অধৰ্মক বিনাশ কৰাৰ বাবে ভগৱানে বাৰে বাৰে অৱতাৰ ধৰিছিল। যদি সেইয়াই হয় তেনেহ’লে বিনাশত পাপৰ কথা নাই নেকি? বিনাশ কৰ্ম নহয়নে? যদি কৰ্ম তেনেহ’লে তাৰ ফল উপলব্ধ নহয় নে? সত্য যদি ইশ্বৰ উপলব্ধ কৰ্মফল অৱশ্যয় প্ৰাপ্তি হ’ব।নহয় জৈমিনী প্ৰশ্ন তোমাৰ সত্য, কৰ্মফল কোনো কাৰণত কাৰোবাবে ব্যতিক্ৰম নহয়। কৰ্ম কৰিলে ফল অৱশ্যে ভোগ কৰিব লাগিব। তুমি জানা যদুবংশ সবংশে ধ্বংশ হৈছিল কাৰণ এইয়াও কৃষ্ণৰে কৰ্মফল।

 হে জৈমিনী যদিওবা ঈশ্বৰ চালিত শক্তি বুলি কোৱা হয়

৪২