সমললৈ যাওক

পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

যাওতে নদীৰ ঘাটত বাঘৰ আক্ৰমণত মা চিৰ অন্ধ হৈছিল। সেইদিন ধৰিয়ে মা আমাৰ অন্ধ। মাৰ তেজেৰে ৰাঙলী হোৱা দেহটো চাই আমি চাৰি ভাই ৰাউচি জুৰি কান্দিছিলোঁ। সন্ধিয়া সময়ত আমাৰ পিতা ঘৰলৈ আহিছিল আৰু মাৰ অৱস্থা দেখি উপায়ন্তৰ হৈ কিছু বনদৰব আনি ক্ষতস্থানত লগাই দিছিল। কিন্তু সেই বন দৰবে মাৰ ক্ষত স্থানৰ ঘা কিছু উপশম কৰিছিল হয় কিন্তু মাৰ চকুহাল চিৰদিনৰ বাবে দৃষ্টিহিন হৈয়ে ৰ’ল। দাদাহঁত শৈবিক, কৌশত বিপাখা মোতকৈ কেইবছৰমান ডাঙৰ আছিল। দাদা শৈবিক আছিল বৰ জ্ঞানী। এদিন আমি তিনি ভাইক দাদা শৈবিকে কৈছিল- ভাইহঁত আমাৰ পিতৃ আমাৰ বাবে কোনো কথাত মন দিয়া নাই৷ এইয়া আমাৰ বিদ্যা শিক্ষা গ্ৰহণ কৰাৰ সময়। কিন্তু আমাৰ দুৰ্ভাগ্য, আনৰ পিতৃৰ দৰে আমাৰ পিতৃ এই কথাত মন দিয়া নাই। আমিয়ো হাত সাৱতি বহি থাকিলে পিতাৰ দৰে আমিয়ো নাম গোন্ধহীন ব্ৰাহ্মণ হৈ জীৱন কটাব লাগিব। সেয়েহে ভাইহঁত আমি প্ৰকৃত মানুহ হ’বলৈ বিদ্যা শিক্ষা গ্ৰহণ কৰিব লাগিব। এই অৰণ্যখনৰ সিপাৰত বৌধিক মিত্ৰ নামৰ এজন পণ্ডিত আছে। আমাৰ দৰে বহুতো ছাত্ৰ তেখেতৰ পাঠশালাত অধ্যয়ন কৰে। শুনামতে তেখেতৰ পাঠশালাত ধৰ্ম, কৰ্ম, বিদ্যা আৰু জ্ঞান চাৰি প্ৰকাৰৰ শিক্ষা হেনো পণ্ডিত মহাশয়ে ছাত্ৰ সকলক দান কৰে। বৌধিমিত্ৰ পণ্ডিতে হেনো মায়াত আৱদ্ধ হোৱাৰ ভয়ত সংসাৰ নকৰিলে। এই ছাত্ৰ সকলে পণ্ডিতৰ সকলো। আমি তেখেতৰ পাঠশালালৈ গ’লে শিক্ষাৰ উপৰি আমি মৰম-চেনেহ সকলো পাম। কিন্তু আটাই কেইজন একেলগে যাব নোৱাৰিম। মাক চোৱা-চিতা

কৰাৰ বাবে আমাৰ সৰু ভাই চান্দক কিছুদিন মাৰ ওচৰত ৰাখিব

৪৪