পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

মৰ্ত্যত থাকিল। মণ্ডপালৰ সৰু পুত্ৰ দ্ৰোন (ঢোৰাকাউৰী) বৰ উৎপতিয়া দিন ৰাতি তাৰ চিঞৰ। মণ্ডপাল পক্ষী হৈ যিডাল গছত বাস কৰি আছিল সেই গছজোপাৰ তলতেই আছিল দুৰ্বাসা মুনিৰ আশ্ৰম। আনদিনাৰ দৰে দুৰ্বাশা মুনি প্ৰাতকৃত সম্পূৰ্ণ কৰি ঈশ্বৰ চিন্তাত ধ্যানত নিমগ্ন হ’ল। অলপ পিছতে দ্ৰোন কৰবাৰ পৰা উৰি আহি কা কা কৈ চিঞৰিব ধৰিছে। দ্ৰোনৰ কৰ্কশ চিঞৰত বাৰে বাৰে মুনিৰ ধ্যানত ব্যাঘাত জন্মিল। ক্ৰোধৰ সাগৰ দুৰ্বাশা আসন এৰি ঠিয় হ’ল আৰু দ্ৰোণক ক’লে তই কোনো দিনে কাৰো মৰম নেপাবি। তোৰ মাত চিৰদিনে কৰ্কশ আৰু সকলোৰে অপ্ৰিয় হ’ব। দ্ৰোণক অভিশাপ দি দুৰ্বাশা মুনি মনে মনে ভাবিলে মই এবাৰ ইন্দ্ৰৰ ৰাজসভাৰ পৰা আহিম। এই বুলি দুৰ্বাশাই ভৰিত খৰম হাতত লাখুটি, এখন হাতত কামন্দলু লৈ দৈৱশক্তি সম্পন্ন মুনিবৰে ইন্দ্ৰৰ ৰাজসভাত উপস্থিত হ’ল। দুৰ্বাশাৰ আগমনত দেৱৰাজ ইন্দ্ৰ ভয়ত কপিবলৈ ধৰিলে। ভয়ে ভয়ে প্ৰণাম জনাই আসন দি পাদ্য অৰ্ঘ লৈ মুনিৰ চৰণ ধুৱাই দি সুধিলে গুৰুদেৱ দয়া কৰি আগমনৰ কাৰণ জনাই মোক কৃতাৰ্থ কৰক। আপোনাৰ সন্তুষ্টিৰ বাবে মই কি কৰিব পাৰো গুৰুদেৱ। ইন্দ্ৰৰ মুখলৈ চাই দুৰ্বাশা মুনিয়ে ক’লে— ভয় নাই, হেৰা দেৱৰাজ ইন্দ্ৰ, ভয় নাই, মই কোনো ধন-দৌলত বিচাৰি দেৱৰাজ ইন্দ্ৰৰ ওচৰলৈ অহা নাই। তপস্বি ব্ৰাহ্মণ মই নেলাগে মোক ৰাজ সিংহাসন। ফলাহাৰ, অনাহাৰ, ক্ষুদ্ৰ হবিচান্ন মোৰ জীৱন ধাৰণৰ বাবে যথেষ্ট। আন একোৰে প্ৰতি মোৰ লালসা নাই। কিন্তু.... কিন্তু কি গুৰুদেৱ। কথাষাৰ আধৰুৱা কৰি আপুনি ৰৈ গ’ল যে গুৰুদেৱ। হয় দেৱৰাজ ইন্দ্ৰ, কিয় জানো

আজি হঠাৎ আন এটা চিন্তা মোৰ মনলৈ আহিল। কিয় জানো এই

২০