পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

অনুৰোধত শুকদেৱে এই জ্ঞানৰ পঞ্চম বৈৰী সম্পৰ্কে আলোচনা কৰিব বিচাৰিছিল। কিন্তু ঋষি সমাজৰ অজ্ঞানতা আৰু হুলস্থলৰ বাবে এসময়ত এই আলোচনা শুকদেৱে বন্ধ কৰিব লগা হৈছিল। বাৰু মই যিখিনি পাৰিম পঞ্চবৈৰী সম্পৰ্কে তোমাক বুজাই কম। পঞ্চবৈৰী আহাৰ, পানী, বাক্য, দৃষ্টি আৰু ক্ৰোধ (১) আহাৰ লোভ, লোভৰ বশৱৰ্ত্তি হৈ ব্যক্তি যিকোনো কৰ্মত প্ৰবৃত্ত হ’ব পাৰে। ৰিপু সকলৰ ভিতৰত অজ্ঞান ৰিপু লোভ, সৎ পথৰ পৰা জীৱক বিচলিত কৰি পাপত নিমগ্ন কৰে। লোভাকৃষ্ট কোনো জীৱে ঈশ্বৰ উপাসনাৰ সৎ ফল দৰ্শন নকৰে। সেয়েহে জ্ঞান মাৰ্গৰ প্ৰথম সুত্ৰ আহাৰ ত্যাগ কৰিব লাগিব।(২) পানী, লিপ্সা, বাসনা, হেপাহ ইয়াতেই কৰ্মফলৰ কামনা হয়। শৰীৰৰ ৰন্ধ্ৰসমূহ সক্ৰিয় আৰু উত্তেজিত কৰে পানী। সৈম্য হৈ থকা ধমনীত পানীৰ প্ৰবাহ হ’লে দৈহিক শক্তি জাগ্ৰত হোৱাৰ ফলত সৎ চিন্তাৰ ব্যাঘাত জন্মে। পানী দেহত অলসতা বা ভাগৰৰো সঞ্চাৰ কৰে। সেইবাবে ৰিপু দমন কৰিব বিচাৰিলে প্ৰথমে আহাৰ, পানী পৰিত্যাগ কৰি বাকী তিনি ৰিপুক বশ কৰিব লাগিব। (৩) বাক্যই ব্ৰহ্মা কিন্তু ই কেতিয়াবা পঞ্চম ৰিপুৰ লগ লাগি অ-মানৱতাৰ সৃষ্টি কৰে। জ্ঞান মাৰ্গৰ পৰা জীৱক অজ্ঞান এন্ধাৰৰ পথেৰে গতি কৰাই। এই জীৱে নৰক যান্ত্ৰণা ভোগ কৰিবলগা হয়। ইয়াৰ শ্ৰেণী দুটা। সু আৰু কু বাক্যই জীৱজগতখনত কৰণীয় অনুভূতি উপলব্ধি কৰাই সেয়েহে জৈমিনি কুবাক্য পঞ্চ বৈৰীৰ তৃতীয় ৰিপু বাক্য। যি সকলে সু বা কু নিৰ্ধাৰণ কৰিব নোৱাৰে। বাকৰুদ্ধ বা বাক বৰ্জন তেওঁৰ বাবে উপযুক্ত।