পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

কৰে আৰু স্বামী, পত্নীয়ে বিচৰা খাদ্যৰে যদি পত্নীক সন্তুষ্ট কৰিব পাৰে তেনেহ'লে স্বামীৰ প্ৰতি গৰ্ভিনীৰ গভীৰ শ্ৰদ্ধা মনত উদয় হয়।

 তাক্ষীৰ কথা শুনি দ্ৰোণে ক’লে- হে প্ৰিয়া মই সকলো বুজিছো। এতিয়া তুমি কি খাদ্য খাবলৈ বিচাৰিছা মোক অৱগত কৰা। মই তোমাৰ বাবে সেই খাদ্য বিচাৰি আনি দিম। প্ৰভু মই আন কোনো খাদ্য খাব খোজা নাই। কিয় জানো আজি মোৰ মনত এনেকুৱা ভাব হৈছে মই যেন কেইটুকুৰা মান মানুহৰ মাংস খাবলৈ পালে বৰ তৃপ্তি পাম। তাক্ষীৰ কথাত দ্ৰোণ বৰ আচৰিত হ’ল- মানুহৰ মাংস, ক’ত পাম বা কোনে দিব মানুহৰ মাংস। হঠাৎ দ্ৰোণৰ মনত পৰিল কুৰুক্ষেত্ৰত ভয়ঙ্কৰ যুদ্ধ হৈ আছে। তাত হেজাৰ হেজাৰ মানুহ হাতী ঘোৰা ৰণত পৰিছে। তালৈ গলে তুমি হেপাহ পুৰাই মানুহৰ মাংস খাব পাৰিবা। এনেকি কুৰুক্ষেত্ৰলৈ গলে তুমি খাব বিচাৰিলে হাতী- ঘোৰাৰ মাংসও হেপাহ পুৰাই খাব পাৰিবা। বলা আৰু পলম কৰাৰ প্ৰয়োজন নাই। দ্ৰোণৰ কথাত তাক্ষী বৰ আনন্দ পালে আৰু দ্ৰোণ তাক্ষী কুৰুক্ষেত্ৰ ৰণক্ষেত্ৰত উপস্থিত হ’ল।

 দ্ৰোণে ক’লে প্ৰিয়া তুমি গৰ্ভিনী। বেছি দুৰলৈ তুমি উৰি যাব নোৱাৰা। তুমি এই গছৰ ডালত বহি থাকা মই তোমাৰ বাবে মাংস বিচাৰি আনি দিম। এইবুলি তাক্ষীক গছৰ ডালত এৰি দ্ৰোণে মাংস বিচাৰি গ’ল। বিধিলিপি অখণ্ডনীয় অভিশপ্ত তাক্ষীৰ মুক্তিৰ ক্ষণে কৰিছিল অপেক্ষা। সিদিনাৰ যুদ্ধত দুই বীৰ ভগদত্ত পাণ্ডবীয় বীৰ সেনাপতি অৰ্জুনৰ মাজত হৈছিল তুমুল যুদ্ধ। শৰৰ প্ৰহাৰত বাৰে বাৰে উল্কাপাত হৈছিল। শৰৰ জনজননিত যেন বজ্ৰৰ প্ৰহাৰ হে হৈছে। এনে প্ৰচণ্ড শব্দ। সেই সময়ত বীৰ ভগদত্তৰ ধনুত সংযোগ