পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছিল কালান্তক পৰ্বতবান। যি বানৰ প্ৰহাৰত ৰণক্ষেত্ৰত দৃষ্টি কৰিব পাৰে মৃত্যুৰ কাল ধুমুহা। পৰ্বতবানৰ প্ৰভাৱত আকাশ মেঘাচন্ন হ’ল। কৃষ্ণই কলে সখা বীৰ ভগদত্তৰ অমোঘ অস্ত্ৰ পৰ্ব্বতবান। ইয়াক ব্ৰহ্মাস্ত্ৰবিহীন নিবাৰণ কৰা সম্ভৱ নহ’ব। তুলি লওক গান্ধীব ব্ৰহ্মাস্ত্ৰেৰে পৰ্বত বান খণ্ড খণ্ড কৰক। কৃষ্ণৰ আদেশত মধ্যম পাণ্ডৱ অৰ্জুনে গান্ধীবত ব্ৰহ্মাস্ত্ৰ সংযোগ কৰি আকাশতে পৰ্বত বানক ছেদ কৰি ৰক্তাক্ত হৈ আকাশ মাৰ্গত গৈ আছিল। এই ৰক্তবান আকাশ মাৰ্গত দেখি ব্ৰহ্মশাপৰ বাবে তাক্ষীৰ মত্তিচন্ন হ’ল। তাক্ষীৰ ভাব হ’ল হয়তো এইটুকুৰা মানুহৰ মাংস চিতিকি আহিছে। স্বামী এতিয়াও ঘূৰি আহি পোৱা নাই। স্বামী ঘুৰি অহাৰ আগতে এই মাংস টুকুৰা মই ভক্ষণ কৰিম। এইবুলি তাক্ষী মাংস টুকুৰা খাম বুলি উৰি গ’ল। সেই মুহুৰ্তই আছিল তাক্ষীৰ মুক্তিৰ মুহুৰ্ত। অৰ্জুনৰ ব্ৰহ্মাস্ত্ৰয় তাক্ষীৰ দেহ দুই খণ্ড কৰি কাতি পেলালে। সেই সময়ত জৈমিনী মুনি মাৰ্কণ্ডেয় মুনিক প্ৰশ্ন কৰিলে গুৰুদেৱ তাক্ষীৰ মৃত্যুৰ লগে লগে দ্ৰোণৰ ঔৰষত তাক্ষীৰ গৰ্ভত স্থিতি হোৱা শুক্ৰিশ মুনিৰ চাৰি অভিশপ্ত পুত্ৰ নিশ্চয় ৰণক্ষেত্ৰত শেষ হৈ গ’ল।

 নহয় জৈমিনী এইয়া সম্ভৱ নহয়। তাক্ষীৰ গৰ্ভত থকা চাৰিটা ডিম্ব তাক্ষীৰ দেহ দিখণ্ডিত হোৱাৰ লগে লগে ৰণক্ষেত্ৰত ওলাই পৰিল। কিন্তু ডিম্বত কোনো ধৰণৰ শৰাঘাট হোৱা নাই৷ পুনৰ জৈমিনী মুনি প্ৰশ্ন কৰিলে – গুৰুদেৱ যত ওঠৰ আক্ষৌহিনী সৈন্য সমবেত ৰথাৰোহী, গজাৰোহী অস্বাৰোহী পদাতিক সৈন্য হাতী-ঘোৰা, ৰথ কোনেও এই ডিম্ব চাৰিটাৰ ওপৰত আঘাত কৰা নাইনে? ৰথৰ চকা বা হাতীৰ গচকো ডিম্বত পৰা নাই নে?

২৫