পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

কাত্যায়নীৰ যজ্ঞত তোমাৰ ত্ৰিকালজ্ঞ জ্ঞান প্ৰাপ্ত হব। যদি আৰু কোনোদিনে তুমি নাৰীৰ দেহ পুনঃস্পৰ্শ কৰা তোমাৰ এই জ্ঞান আকৌ লুপ্ত হৈ যাব। সাৱধান সাৱধান বুলি সুজাতা যোগবলত অন্তৰধ্যান হ’ল। অশ্বনিধি নিজৰ ভুল উপলব্ধি কৰি চকুলো টুকি টুকি তাৰ পৰা আঁতৰি গ’ল। সুজাতাৰ উপদেশ মতে মই এই হেজাৰ বছৰ হিমালয় অন্ধকুপত তপস্যা কৰি কাত্যায়নী পূজা শেষ কৰি আহিছো। মা কাত্যায়নীৰ বৰত মই ত্ৰিকালজ্ঞ জ্ঞান পালো, মোৰ জীৱন ধন্য হ’ল। এতিয়া তুমি শুনা চান্দক তোমাৰ নাৰী স্পৰ্শ পাপৰ পৰিত্ৰান কেনেকৈ হ’ব মই তোমাক বুজাই কম। ত্ৰিকালজ্ঞ জ্ঞানৰ অধিকাৰী হৈ মই বুজি পালো সেই চণ্ডাল কন্যা প্ৰকৃততে চণ্ডাল কন্যা নাছিল। তাই আছিল ব্ৰাহ্মণ কন্যা। আৰু সেই সুজাতা আন কোনো নহয়, তাই তোমাৰ ভনী। গুৰুদেৱ এইয়া আপুনি কি কাহিনীৰ অৱতাৰণা কৰিছে। কাহিনী সম্পূৰ্ণ সচা বাচা, তোমালোকৰ পিতা এই গণ্ডকী নদীৰ পাৰত বাস কৰি আছিল। তোমাৰ পিতৃ তোমালোকৰ জন্মৰ আগতে এগৰাকী ব্ৰাহ্মণ কন্যা বিবাহ কৰাইছিল। পিতা আছিল ৰজাৰ পুৰোহিত। সেই অৱস্থাত তোমাৰ মাতৃ এজনী কন্যা সন্তান জন্ম দিছিল। জন্ম যন্ত্ৰণাৰ সময়ত অতিমাত্ৰা ৰক্ত ক্ষৰণ হোৱা বাবে তোমাৰ মাতৃৰ মৃত্যু হৈছিল। সেই অৱস্থাত তেওঁক চাবলৈ আন কোনো নাছিল।

 ভগৱান নিষ্ঠুৰ নহয়, মৃত মাতৃৰ ওপৰত পৰি আছিল সদ্যজাত দেৱ কন্যাজনী। সেই পথেৰে গৈ আছিল ভূপশ নামৰ এজন চণ্ডাল। অকাস্মাত শিশুৰ মাত শুনি ঘৰৰ ভিতৰলৈ সোমাই গ’ল ভূপশ। তোমাৰ মাৰ মৃতদেহৰ সৎকাৰ আন চণ্ডালৰ সহায়ত ভূপশে কৰিলে