পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী


ৰিপুসমূহ দমন কৰি তপস্যাৰ আগে নিজক প্ৰস্তুত কৰিব লাগিব। অন্তৰৰ আসুৰিক প্ৰবৃত্তিক ত্যাগ কৰিব নোৱাৰিলে তপস্যাৰ ফল জলাশয়ত খৰ্গাঘাট কৰা সদৃশ। সেয়েহে জ্ঞান সৰ্ব্বোস্ব দিব্যজ্ঞান লাভৰ বাবে এই পঞ্চব্ৰত আহাৰ, পানী, বাক্য, দৃষ্টি আৰু ক্ৰোধ। এইয়া একোটা জ্ঞানৰ শত্ৰু। এই জ্ঞানৰ পঞ্চম বৈৰীক প্ৰথমে বশ কৰিব লাগিব, আঁতৰ কৰিব লাগিব। এই পঞ্চ জ্ঞানবৈৰী সংস্পৰ্শত থাকিলে ব্ৰত ফল বিষম হ’ব আৰু কি কথা মাৰ্কণ্ডেয় মুনি এই চাৰি ধৰ্মপক্ষীক সৰ্বজ্ঞানী আখ্যা দিছে, দিব পাৰে। কিন্তু শুনা মুনিবৰ জ্ঞানতত্ত্ব অতি গভীৰ সাগৰ, এই গভীৰ সাগৰত প্ৰৱেশ কৰিবলৈ হ’লে আগেয়ে নিজক স্থিতপ্ৰজ্ঞ ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব। মই তোমাৰ অন্তৰৰ বেদনা বুজিছো। হে জ্ঞানলব্ধ মুনিবৰ, মোৰ তিনি ভাতৃ দিব্যজ্ঞান লাভৰ পিছত আৰম্ভ হ’ব মোৰ জীৱনৰ শ্ৰেষ্ঠ ব্ৰত। মোৰ ব্ৰত হ’ব এই পঞ্চ শত্ৰুক বিদুৰ কৰি তপ্ত তৈলাশয়ত শৰীৰৰ নৱম চিন্দ্ৰ (দুৱাৰ) ৰুদ্ধ কৰি হেজাৰ বছৰ অগ্নিগৰ্ভত ব্ৰত পালন কৰিম।

 হে মহাজ্ঞানী পক্ষীবৰ, আপোনাৰ দৰশনে মোৰ জীৱন ধন্য কৰিলে। যেন মই আপোনাৰ কথাত জ্ঞানমাৰ্গৰ সন্ধান পাইছো। মোক নিৰাশ নকৰিব। গুৰুদেৱ এইবাৰ আপুনি দয়া কৰি মোক জ্ঞানৰ পঞ্চম বৈৰীৰ বিষয়ে কিছু আভাষ দিয়ক

 এৰা জৈমীনী, সহজলভ্য কৰ্মৰফল কোনো দিনে গ্ৰহণযোগ্য নহয়। গ্ৰহণ কৰিলেও ই মানসিক শান্তিৰ প্ৰৱাহক নহয়। শুনা জৈমিনী এই পঞ্চম তত্ত্ব জ্ঞানৰ পঞ্চম বৈৰী সম্পৰ্কে নৈমিশ কাননত মহান যোগী ঋষি সকলৰ সমাজত যজ্ঞৰ চতুৰ্থ দিনত ব্ৰহ্মাৰ্ষি বিশ্ৰুতৰ