পৃষ্ঠা:ধৰ্মপক্ষী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

গ’ল। আজি এই আঠদিনে মই অচেতন হৈ পৰি আছিলোঁ। আজি মই জ্ঞান ফিৰাই পাইছো। মই উপলব্ধি কৰিছো মোৰ দেহৰ জ্বালাতকৈও পেটৰ জ্বালা যেন তীব্ৰতৰ হৈছে। মোক জীয়াই থাকিবলৈ দিয়ক গুৰুদেৱ। মোক আহাৰ দিয়ক। অন্যথা মোৰ মৃত্যু হ’ব গুৰুদেব। পক্ষীৰ দুখত ম্ৰিয়মান হৈ শুক্ৰিশ মুনিয়ে ক’লে হে পক্ষীৰাজ কি আহাৰ খাবলৈ পালে তুমি সন্তুষ্ট হ’বা। তুমি মোক কোৱা,মই অতি সোনকালে তোমাৰ আহাৰ যোগান ধৰিম। পক্ষীয়ে ক’লে হে গুৰুদেৱ মোৰ মৃত্যুমুখী অৱস্থা হ’লেও মই তেনেদৰে আহাৰ গ্ৰহণ নকৰো। যদি আপুনি মোক আহাৰ দিয়ে, আহাৰ দিম বুলি আপুনি সত্য অংগীকাৰ কৰিব লাগিব। পক্ষীৰ কথাত মুনিয়ে আশ্বৰ্য্য প্ৰকাশ কৰিলে। এটা সাধাৰণ পক্ষীয়ে আহাৰ গ্ৰহণ কৰিব, তাৰ বাবে শুক্ৰিশ মুনিয়ে কৰিব লাগিব সত্য অংগীকাৰ। মুনি যেন পক্ষীৰ কথাত বিপদৰ আগজাননী উপলব্ধি কৰিছে। তথাপি অতিথিজন ভগৱান সদৃশ, পক্ষী হলেও তেওঁ মোৰ আজি অতিথি। তেওঁৰ অভিলাসিত আহাৰ অৱশ্যেই মই দিব লাগিব। মুনিয়ে ক’লে হে পক্ষীৰাজ সত্য সত্য তিনি সত্য, মই ভগৱানৰ নামত প্ৰতিজ্ঞা কৰি কৈছো তুমি যি আহাৰ বিচৰা তাকে মই তোমাৰ ওচৰত উপস্থিত কৰাম। হে, ক্ষুধাৰ্ত অতিথি পলম নকৰি মোক অৱগত কৰা কি আহাৰ পালে তুমি সন্তুষ্ট হ’বা। মুনিৰ কথাত পক্ষীৰূপী ইন্দ্ৰই ক’লে– “হে মুনিবৰ আজি মই আঠদিনে অনাহাৰী ব্ৰত কৰি আছো,পিতৃ পুৰুষৰ নীতি অনুযায়ী আন কোনো আহাৰেৰে ব্ৰত ভংগ কৰা নহয়, সেয়েহে মোৰ ব্ৰত ভংগৰ বাবে যদি আপুনি সচাকৈয়ে দয়া কৰি মোক দিব খোজে মোক ব্ৰত ভংগৰ উপাদান মনুষ্যৰ কোমল মাংস