পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধর্মপক্ষী

মুনি ফলৰ ৰস পান কৰাই কন্যাক প্ৰতিপালন কৰি থাকিল। ক্ৰমান্বয়ে কৌণ্ডলী গাভৰু হ’ল। মুনিৰ সমস্যা বাঢ়ি গ'ল। আশ্ৰয়হিন ভাবে কন্যাক আশ্ৰমতে এৰি যাব নোৱাৰে আৰু লগত লৈ ফুৰিবলৈও সমস্যাৰ সৃষ্টি হ’ল। এনেদৰে দিনবোৰ গৈ আছে, এদিনাখন মুনিশ্ৰেষ্ঠ দুৰ্বাসাই কৌন্দলীক দেখা পালে। সদ্য যৌৱনা কৌণ্ডলীক দেখা পাই উৰ্বৰ মুনিক সুধিলে এইয়া আপোনাৰ আশ্ৰমত কাৰ কন্যা। প্ৰণাম জনাই উৰ্বৰ মুনি দুৰ্বাসাক ক’লে হে মুনিবৰ এইজনী মোৰেই মাতৃহীনা কন্যা।

 দুৰ্বাসাই কলে হে মুনিবৰ আপুনি এই কন্যা মোক দান কৰক। মই আপোনাৰ কন্যাক বিবাহ কৰাম। দুৰ্বাসাৰ কথা শুনি উৰ্বাৰ মুনি হাত যোৰ কৰি ক’লে হে ঋষিশ্ৰেষ্ঠ এইয়া আপুনি অসম্ভক কথা কৈছে। কন্যা মোৰ সদ্য যৌৱনা মাত্ৰ বাৰ বছৰ বয়স তাইৰ। তেনেস্থলত আপুনি তাইৰ পিতৃস্বৰূপ৷ আৰু শুনক গুৰুদেৱ। মোৰ এই কন্যা বৰ দণ্ডুৰী, সাধাৰণ কথাতেই তাই বৰ ক্ৰোধ কৰে আৰু দুৰ ব্যৱহাৰ কৰে। গতিকে তাইক বিবাহ কৰালে আপোনাৰ শান্তি ভঙ্গ হ’ব। মই অনুৰোধ কৰিছো এই আশা আপুনি পৰিত্যাগ কৰক।

 দুৰ্বাসাই কলে নহয় মুনিবৰ মোৰ অনুৰোধ প্ৰত্যাখ্যা নকৰিব। জীৱনৰ তিনিকাল অতিক্ৰম কৰি কিয় নেজানো আপোনাৰ কন্যাক দেখি মোৰ সংসাৰ কৰিবলৈ মন গ’ল। আপুনি মোক কন্যা দানে কৃতাৰ্থ কৰক। উৰ্বৰ মুনি ক’লে হে মুনিবৰ ঋষি সমাজত আপোনাক ক্ৰোধৰ সাগৰ বুলি সকলোৱে জানে। অলপ কথাতে আপুনি অভিশপ্ত কৰিব পাৰে। তেনেস্থলত দন্ডুৰী কন্যাৰ ওপৰত যদি আপুনি হঠাৎ ক্ৰোধান্বিত হৈ পৰে, যদি তাইৰ ওপৰত অভিশাপ দিয়ে তেনেহ'লে…।