আপুনি মোক আহাৰ দিব নোৱাৰে তেনেহ’লে মোক যাবলৈ দিয়ক।
মুনিয়ে ক’লে- হে পক্ষীৰাজ তেনে কথা নকবা তুমি নিজ চকুয়েদি
দেখিছা মোৰ মৰমৰ চাৰি পুত্ৰ তোমাৰ বাবে হ’ল অভিশপ্ত। পুত্ৰ
অভিশপ্ত হ’লেও মই এতিয়াও জীয়াই আছো। মই নৰ্মদাৰ পৰা স্নান
কৰি আহো। ধৰ্ম ৰক্ষাৰ বাবে প্ৰয়োজন অনুসৰি মোৰ নিজৰ জীৱন
তোমাৰ আহাৰ স্বৰূপে আগবঢ়াই দিম। তথাপি মোৰ ধৰ্ম মই ৰক্ষা
কৰিব লাগিব। অলপ অপেক্ষা কৰা পক্ষীৰাজ। এই মুহূৰ্তে মই নৰ্মদাত
স্নান কৰি উলটি আহি। কিছু সময়ৰ পিছত মুনি স্নান কৰি উলটি
আহি পক্ষীক ক’লে- হে পক্ষীৰাজ মই তোমাক দিব খুজিছিলো
কোমল মাংস, তপত তেজ আৰু এতিয়া তাৰ পৰিৱৰ্ত্তে দিব লগা
হ’ল বৃদ্ধৰ দেহৰ সেমেকা মাংস, শীতল ৰক্ত। মুনিৰ কথাই পক্ষীৰূপী
ইন্দ্ৰক সচকিত কৰি তুলিলে। বিনয়ীভাৱে পক্ষীয়ে ক’লে- হে গুৰুদেৱ
মই আপোনাৰ দেহৰ মাংসক আহাৰ কৰি গ্ৰহণ কৰিব নোৱাৰিম।
কাৰণ মই পক্ষী নহয়, মই দেৱৰাজ ইন্দ্ৰ। অতি যোগ্যবান ভক্ত বুলি
জগতত প্ৰচাৰ হোৱা আপোনাৰ চাৰিপুত্ৰৰ চৰিত্ৰ পৰীক্ষাৰ বাবে মই
পক্ষীৰূপেৰে আপোনাৰ আশ্ৰমলৈ আহিছিলোঁ। কিন্তু যি শুনিছিলো
সেয়া ভূল। জগতত প্ৰচাৰ হোৱা শুক্ৰিষ মুনিৰ চাৰিপুত্ৰ পৰম পিতৃ
ভক্ত, ধাৰ্মিক কিন্তু আজি মই যি দেখিলো আপোনাৰ চাৰিপুত্ৰ ভক্ত
বা ধাৰ্মিক নহয়। যাৰ মৃত্যু ভয় থাকে, সি ধাৰ্মিক হ’ব নোৱাৰে।
দানক যিয়ে ভয় কৰে সি ভক্ত হ’ব নোৱাৰে। গুৰুদেৱ আপোনাৰ
পুত্ৰসবৰ মই চৰিত্ৰ প্ৰকাশ কৰি অভিশপ্ত কৰাৰ বাবে মোক আপুনি
ক্ষমা কৰিব। মুনিয়ে ক’লে- হে দেৱৰাজ ইন্দ্ৰ তুমি চলনা কৰি আহি
এটা সত্য প্ৰকাশ কৰিলা সচা কিন্তু মোক কৰিলা অনাথ, অভিশপ্ত,