পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

লাগিব। এইবুলি পিছদিনাখন তিনি ভাই পিতৃ-মাতৃৰ ভৰি চুই সেৱা কৰি দুই এখন কাপোৰ কানি লগত লৈ বৌধিমিত্ৰৰ ঘৰলৈ অৰণ্যৰ মাজে মাজে আগবাঢ়ি গ’ল। বৰ কষ্টেৰে অৰণ্যৰ মাজেৰে গৈ গৈ এদিন তেওঁলোকে বৌধিমিত্ৰৰ ঘৰ পালে। ঘৰ বা পাঠশালা নকৈ আশ্ৰম বুলি কলে বেছি ভাল লাগিব। ফলে ফুলে জাতিস্কাৰ এখন যেন কেনো মুনিৰ আশ্ৰম। পণ্ডিত বৌধিমিত্ৰৰ চৰণ চুই তিনি ভাই অহাৰ উদ্দেশ্য বাখ্যা কৰি অনুৰোধ কৰিলে। হে মহাশয় আমাক মানুহ হোৱাৰ শিক্ষা দান কৰক। তিনি ব্ৰাহ্মণ পুত্ৰৰ ভক্তিত পণ্ডিত বৌধিমিত্ৰ বৰ সন্তুষ্ট হৈ তেওঁলোকক আশ্ৰমত আশ্ৰয় দিলে। এনেদৰে পাৰ হৈ গৈ আছে। এদিন পণ্ডিতে ব্ৰাহ্মণ পুত্ৰ কৌশতক কলে যে, আমাৰ পাঠশালাৰ নিয়ম, আমাৰ ছাত্ৰ সকলৰ ভোজনৰ ৰন্ধন ছাত্ৰ সকলে কৰিব লাগে। কাৰণ ইয়ো এক শিক্ষা। নিয়মমতে পালপাতি ৰন্ধন কৰা আমাৰ এই পাঠশালাৰ পূৰ্বাপৰ নীতি। কৌশত অহাকালিৰ পৰা তোমালোক দুই ভাই কৌশত আৰু বিপাশো ৰন্ধন শালৰ কাম কৰিব লাগিব। গুৰুৰ আদেশ অনুযায়ী পিছদিনাৰ পৰা দুই ভাই কৌশত আৰু বিপাশে ৰন্ধন শাললৈ গ’ল। দৈব দুৰ্বিপাকত সিদিনা সেই বৌধিমিত্ৰৰ আশ্ৰমত উপস্থিত হ’ল বিন্ধাশ্ৰমৰ ত্ৰিকালজ্ঞ মুনি অশ্বনিধি। অশ্বনিধিক দেখি বৌধি মিত্ৰই মুনিৰ চৰণত ধৰি প্ৰণাম জনাই ক’লে- “হে ঋষিবৰ আপোনাক কিহেৰে আপ্যায়ন কৰিম। আপোনাৰ ভোজন সম্পৰ্কে মোক অৱগত কৰক। ঋষিবৰ কি আহাৰ পালে আপোনাৰ উদৰ পূৰ্ণ হ’ব। মুনি অশ্বনিধি ক’লে-‘হে পণ্ডিতপ্ৰবৰ মিত্ৰ ত্ৰিমাশিক ব্ৰত কৰি আছো এই ব্ৰতৰ নিয়ম অনুসৰি মোক ব্ৰাহ্মণৰ অকুমাৰী আৰু আবিয়ৈ কন্যায় ঘৃত ৰন্ধন কৰি মোক উদৰ পূৰ্ণ কৰি