শুনা জৈমিনী সিও আন এটা কাহিনী বীৰ ভগদত্তই যুদ্ধক্ষেত্ৰৰ
হাতীত উঠি যুদ্ধ কৰিছিল। এই হাতীটোৰ গলত আৰি থোৱা আছিল
এটি প্ৰকাণ্ড ঘণ্টা। বীৰ ভগদত্তৰ ফালে যেতিয়া অৰ্জুনে বান নিক্ষেপ
কৰিব খোজে তেতিয়া হাতীটোৱে মুৰটো লৰাই দিয়ে। ঘণ্টাৰ কান
তাল মৰা প্ৰচণ্ড শব্দত অৰ্জুনৰ কেইবাবাৰো লক্ষভ্ৰস্ত হ’ল। এইবাৰ
অৰ্জুনে কৃষ্ণক ক’লে হে সখা এই ঘণ্টাৰ শব্দত মই বৰ অস্বস্তি
অনুভৱ কৰিছো আৰু তাৰ বাবে মোৰ বাৰে বাৰে লক্ষভ্ৰস্ত হৈছে
বান। অৰ্জুনৰ কথাত কৃষ্ণই ক’লে চলে বলে কৌশলেৰে শত্ৰুক
পৰাজয় কৰিব পৰাটো এটা যোদ্ধাৰ নিজস্ব বৈশিষ্টতা। ঘণ্টাৰ শব্দৰ
বাবে যদি আপুনি বান সন্ধানত ব্যৰ্থ হোৱা বুলি অনুভৱ কৰিছে।
তেনেহ'লে পথৰ কষ্টক আঁতৰাই থোৱাই ভাল সখা। কৃষ্ণৰ অনুমতি
পাই অৰ্জুনে খৌৰবান সন্ধান কৰি হাতীৰ গলৰ ঘণ্টাটো কাতি
পেলালে। জৈমিনী ভগদত্তৰ হস্তীৰ গলৰ ঘণ্টাটো এনেভাবে পৰিল
তাক্ষীৰ গৰ্ভৰ পৰা ওলাই মাটিত পৰা ডিম্ব কেইটাৰ ওপৰত এনেভাবে
পৰিল যে যুদ্ধৰ কোনো প্ৰভাৱ ডিম্ব কেইটাৰ ওপৰত নপৰিল। ঘণ্টাৰ
ভিতৰত মৃতকৰ তেজ মাংসৰ ওপৰত অক্ষতভাবে এই শুক্ৰিশৰ
সাপভ্ৰষ্টা সন্তান চাৰিজন ডিম্বৰ গৰ্ভত ঘণ্টাৰ তলত নিৰ্বিঘ্নে থাকি
গ'ল। জৈমিনী কুৰুক্ষেত্ৰৰ যুদ্ধ শেষ হ’ল। শগুণ, কাউৰী শিয়ালৰ
বিকট চিৎকাৰ, দুশিত হৈ উঠিছে বায়ুমণ্ডল। দুৰ্গন্ধেৰে ভৰা এক
কদৰ্য্যমই পৰিৱেশ কুৰুক্ষেত্ৰৰ। সময়ৰ বাবে আমি অপেক্ষা কৰো
কিন্তু আমাৰ বাবে সময়ে অপেক্ষা নকৰে। ঘণ্টাৰ ওপৰত পৰিছে
সূৰ্য্যৰ প্ৰচণ্ড তাপ, তলৰ পৰা তেজ-মাংসৰ উত্তাপ। মাতৃৰ গাখীৰ
উমৰ পৰিৱেশে সূৰ্য্য আৰু ভূমিৰ মিশ্ৰিত উত্তাপত ঘণ্টাৰ ভিতৰত
পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৩৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী
