পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

নিশ্চয় মুনিবৰ সন্তুষ্ট হ’ব আৰু মই নিজে সৰ্প বিচাৰি আনি ৰন্ধন কৰিবলৈ দিব পাৰিম। শৈবিকৰ উপস্থিত বুদ্ধিমতে বৌধিমিত্ৰৰ মনত কিছু সাহস আহিল যদিও শেষফলৰ কথা চিন্তা কৰি তেওঁৰ সৰ্বাঙ্গত কপনি অনুভৱ কৰিলে। শৈবিক, বৌধিমিত্ৰ, বিপাশৰ ওচৰলৈ গৈ আশ্ৰম আৰু গুৰুৰ বিপদৰ কথা বুজাই কলে আৰু ক’লে- তুমি ব্ৰাহ্মণ কন্যাৰ ৰূপ লৈ মুনিৰ বাবে অন্ন ৰন্ধন কৰিব লাগিব। শৈবিকৰ কথা শুনি বিপাশে ক’লে- দাদা এইয়া অসম্ভৱ। মই জন্মগত ভাবে পুৰুষ, এতিয়া মই নাৰী বা কন্যাৰ ৰূপ লম কেনেকৈ? শৈবিকে ক’লে নহয় ভাতৃ এই গুৰু আৰু জ্ঞান দাতা পিতৃ। এই পিতৃৰ বিপদৰ সময়ত আমি পুত্ৰস্বৰূপে অসাধ্যকো সাধ্য কৰিব লাগিব। স্বয়ং ভগৱানেও পুৰুষ হৈ মোহিনী ৰূপ ধাৰণ কৰিছিল কৰ্ম সিদ্ধিৰ বাবে। এই একো আচৰিত নহয়। দাদা শৈবিকৰ কথা আৰু গুৰুৰ ভয়াৰ্ত্ত শেতা পৰা মুখ দেখি বিপাশে ব্ৰাহ্মণ কন্যাৰ ৰূপ লবলৈ মান্তি হ’ল। শৈবিকে অৰণ্যৰ মাজলৈ সৰ্প বিচাৰি গ’ল। ভালেখিনি সময় বিচাৰি বিচাৰি শৈৱিক ভাগৰি পৰিল। কাৰণ এডালো সৰ্প শৈৱিকে দেখা নাপালে। অৱশেষত এটা গাতত সৰ্পৰ দৰে কিবা এটা দেখি সযতনে ধৰি আশ্ৰমলৈ লৈ আহিল। শৈৱিকে চিনি পোৱা নাই এইয়া সৰ্প নে আন কিবা। গুৰু বৌধিমিত্ৰই কলে বাচা শৈৱিক তোমাৰ অজ্ঞানতাৰ বাবে তুমি সৰ্প বুলি কুচিয়া ধৰি আনিছা। যি হ’ল হ’ল ইয়াকেই মুনিক সৰ্প বুলি ঘৃত পাক কৰি দিব লাগিব। সেইয়াই কৰা হ’ল। বিপাশক সুন্দৰ ব্ৰাহ্মণ কন্যাৰ ৰূপত সজাই মুনিৰ বাবে অন্ন ৰান্ধিবলৈ দিয়া হ’ল। ইতিমধ্যে শৈবিকহঁতৰ মাকৰ মৃত্যু হৈছে। মনৰ দুখত পিতৃয়ো ঘৰ এৰি গুচি গৈছে। নিৰুপাই হৈ শৈৱিকৰ কনিষ্ঠ ভাতৃ