পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

তথাপি জীৱৰ নিজস্ব এটা শক্তি আছে। দুস্কাৰ্য্য কৰা জীৱ ঈশ্বৰৰ সৃষ্টি নহয়নে? তেনেহ’লে এই দুস্কাৰ্য্য জীৱে নিজে কৰে নে ভগৱানে কৰাই? অৰ্থাৎ ধ্বংসৰ বাবে পাপৰ প্ৰয়োজন। দুস্কাৰ্য্য নকৰিলে পাপ সঞ্চাৰ নহয় বাবে অজ্ঞানতাৰ দ্বাৰা পাপৰ জন্ম দিয়া হয়। পাপৰ সমষ্টিয়েই হয় ধ্বংশ।

 হে গুৰুদেৱ আপুনি মোক যি জ্ঞানৰ সন্ধান দিলে মোৰ জীৱন আপোনাৰ জ্ঞানৰ পোহৰত ধন্য হ’ল। মই জীৱনৰ সাৰ্থক্যতা অনুভৱ কৰিব পাৰিছোঁ। আপোনাৰ প্ৰদত্ত জ্ঞানে মোৰ জীৱনৰ গতি পৰিৱৰ্ত্তন কৰিব। জ্ঞানমাৰ্গৰ মহান বানী, মোৰ জীৱন পৱিত্ৰ ঈশ্বৰ অনুভৱৰ সহায়ক হ’ব। হে গুৰুদেৱ অজ্ঞানক আৰু কিছু জ্ঞান দান কৰাৰ বাবে কৃপনতা নকৰিব। আপোনাৰ বিষয়ে আৰু কিছু কথা জানিব বিচাৰিছো। আপোনালোক চাৰি ভাতৃৰ মানৱ জন্মৰ পুৰ্বজন্ম সম্পৰ্কে মোক কিছু আভাষ দিয়ক। অকল শুক্ৰিশ মুনিৰ অভিশাপ নে আন কিবা কাৰণো আছে গুৰুদেৱ? কিহৰ বাবে আপোনালোক চাৰি ভাতৃ এই পক্ষীৰ জন্ম ল’ব লগা হ’ল। বৰ নম্ৰভাৱে পক্ষীবৰে মাত লগালে। হৈ জৈমীনি আমাৰ সেই জন্ম আছিল এক পাপময় আৰু এন্ধাৰৰ সময়। আমাৰ পিতৃ আছিল এজন নামধাৰি ব্ৰাহ্মণ ব্ৰহ্মত্বৰ অৰ্থ নুবুজা গায়ত্ৰীৰ মুল্যাঙ্কণ কৰিব নোৱাৰা ব্ৰাহ্মণৰ আমি চাৰি পুত্ৰ শৈবিক, কৌশত, বিপাশ আৰু চান্দক। আৰু সৰুৰে পৰা চাৰি ভাই বৰ কষ্ট কৰিব লগা হৈছিল। পিতৃৰ উপাৰ্জন হিনতাই আমাক পাপকৰ্ম কৰিবলৈ বাধ্য কৰিইছিল। মাতৃ আছিল অন্ধ। কিন্তু জমান্ধ নাছিল। আমাৰ চাৰি ভাইৰ জন্মৰ পিছত এদিন মাৱে সৰযু নদীৰ পৰা পানী আনিবলৈ