সৃষ্টি কৰিছিল সপ্তষিৰ এক সংহত এখন সমাজ। কিন্তু একমাত্ৰ ক্ৰোধক
বশ কৰিব নোৱাৰা বাবে এই ঋষি সকলৰ মাজত দুৰ্ব্বাসাই স্থান
পাবলৈ সক্ষম নহ’ল। সপ্তৰ্ষি দুৰ্ব্বাসাক ভৎসনা কৰিলে। মাত্ৰ এশ
বছৰ তপস্যা কৰি সমষ্ট ৰিপুক পৰাভুত কৰি ত্ৰুতুমুনি সপ্তৰ্ষি মণ্ডলত
স্থানপ্ৰাপ্ত হৈছিল। ক্ৰোধ এনে এক ৰিপু, নৰক যাত্ৰাৰ দুৱাৰৰ দুৱৰী
ক্ৰোধে সদায় কৰ্মত বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই ক্ৰোধ ৰিপুৰ
বাবে অন্যায়, অধৰ্ম, হিংসাৰ উদ্ভৱ হয়। অন্তৰ দন্দ, অন্তৰ কলহ,
আত্মহত্যা এই সকলো ক্ৰোধৰ দ্বাৰা এক পৰিচালিত ক্ৰোধৰ ৰূপান্তৰ।
সৃষ্টিৰ অনাদি কালৰ পৰা ক্ৰোধৰ জন্ম হৈছিল মহামায়াৰ চকুৰ পৰা।
মধু কৈতভ বধৰ সময়ত পৰম পুৰুষ বিষ্ণু সন্মোহন অৱস্থাত থকা
বাবে মহামায়াই ক্ৰোধক জন্ম দি বিষ্ণুব হাতেৰে মধুকৈতভ দানৱক
বধ কৰাইছিল। গতিকে ঋষিবৰ এনেকুৱা ভয়ঙ্কৰ ক্ৰোধ ৰিপু
যেতিয়ালৈ দেহত সক্ৰিয় হৈ থাকিব তেতিয়ালৈ জীৱৰ মুক্তি সম্ভৱ
নহয়। সম্ভৱ নহয় জ্ঞানমাৰ্গত প্ৰৱেশ কৰা। ই জৈমিনি মোৰ
সন্ধ্যাৰসাময় সমাগত আহা আমি একেলগে সন্ধ্যা কৰো। জৈমিনী
মুনি স্নান কৰি পক্ষীবৰ সুমুখৰ লগত সন্ধ্যাত নিমগ্ন হ’ল।
সন্ধ্যান্তে জলযোগে দিনান্তৰ ব্ৰত শেষ কৰি পুনৰ আলোচনা আৰম্ভ কৰিলে। এইবাৰ জৈমিনি মুনি সুধিলে- হে গুৰুদেৱ আপুনি আগতে কলে ক্ৰোধৰ জন্মদাতা মহামায়া, মই নুবুজিলো গুৰুদেৱ, এই মহামায়া কোন? এওঁৰ চৰিত্ৰ কি? এও স্থিতি নে প্ৰলয়। এও আদি নে অন্ত? এই মহামায়া সম্পৰ্কে মোক কিছু জ্ঞান দিয়ক গুৰুদেৱ। হে জৈমিনি মই নিজেই জ্ঞান মাৰ্গৰ শীৰ্ষ স্পৰ্শ কৰা নাই। গতিকে
মহামায়া সম্পৰ্কে তোমাৰ মনে বিচৰা উত্তৰ মই দিব নোৱাৰিম।
৩২