পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

তাইৰ হৰিত্বা। হৰিত্বা সম্পৰ্কে মই তোমাক কিছু জ্ঞান দিয়াৰ প্ৰয়োজন আছে। হৰিত্বা শাপভ্ৰষ্টা গন্ধৰ্ব কন্যা। হৰিত্বাই এদিন সৰোবৰত স্নান কৰি থকা অৱস্থাত এজন বুঢ়া যক্ষয় হৰিত্বাক দেখি হৰিত্বাৰ ৰূপত মুগ্ধ হৈ হৰিত্বাৰ ওচৰত প্ৰেম নিবেদন কৰিছিল। কুশ্ৰী বৃদ্ধ গন্ধৰ্বৰ এই আচৰণত হৰিত্বা ক্ৰুদ্ধ হৈ নিলাজ বৃদ্ধ পক্ষী বুলি কৈ তাক পদাঘাট কৰিছিল। হৰিত্বাৰ ব্যৱহাৰত যক্ষয় বৰ দুখ পাই হৰিত্বাক কৈছিল— হে ৰূপগৰ্বী নাৰী, নাৰীৰ প্ৰতি পুৰুষৰ দুৰ্বলতা, চিৰন্তন সত্য। ইয়াৰ বাবে তই মোক যি ব্যৱহাৰ কৰিলি তাৰ উচিত ফল তই ভোগ কৰিব লাগিব। তই মোক উপহাস কৰিছ, মই বৃদ্ধপক্ষী। তেনেহলে মই তোক অভিশাপ দিলো যি পুৰুষে তোৰ সঙ্গ ল’ব। সঙ্গৰ চাৰিদন্দ সময়ৰ পিছত সি পক্ষীৰ জন্ম ল'ব লাগিব। অকল সেয়েই নহয় তোৰ সঙ্গমৰ সাক্ষী হ’ব জ্বৰ উদ্ভিদ। ব্ৰহ্মযজ্ঞৰ অভিশাপৰ ভয়ত হৰিত্বাক কোনো পুৰুষে সঙ্গ নিদিয়ে। সেয়েহে আজিয়ো হৰিত্বা সঙ্গহীন হৈ বিচৰণ কৰিছে। চাবা সময় বৰ কম মাত্ৰ। চাৰিদন্দ যিহেতুকে তুমি পক্ষী, তুমি পক্ষী হ’বলৈ ভয় কৰিব নালাগে। হৰিত্বাক তুমি সঙ্গসুখ দিলে তোমাৰ ব্ৰতৰ যজ্ঞতা অৰ্জন কৰা হ’ব। দ্বিতীয়তে তোমাৰ সঙ্গমৰ বীৰ্য ভূমিত পৰা মাতে এডাল উদ্ভিদৰ জন্ম হ’ব। হৰিত্বাৰ নাম অনুসৰি এই উদ্ভিদৰ নাম হ’ব হৰিত্বকী চাল, পাট, ফল সকলোবোৰ হ’ব, ঔষধি গুণ সম্পন্ন। আনহাতে ধৰ্মপক্ষীৰ বীৰ্যৰ সৃষ্টি হোৱা বৃক্ষ হৰিত্বকীৰ ফল দেৱ কৰ্মৰ মূল সংকল্পৰ দ্ৰব্য হিচাপে জগতত পৰিগণিত হ’ব। চান্দক তুমি পাহৰি নাযাবা তোমাৰ চাৰি ভাতৃ মোৰ দ্বাৰা অভিশপ্ত হৈছা তোমালোকে তিনিজন মত নাৰী সঙ্গ ল’ব নোৱাৰিবা। যদি তাৰ ব্যতিক্ৰম কৰা