পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

তাৰ ফল হ’ব অতি ভয়ঙ্কৰ। চান্দকে ক'লে- হে গুৰুদেৱ তেনেহ’লে মোৰ অগ্নিগৰ্ভা ব্ৰত সফল নহ’ব নেকি? যদি নাৰী সঙ্গ নললে নৱম চিদ্ৰ ৰুদ্ধ নহয়, মোৰ মনৰ হবিলাস জানো পূৰ্ণ নহ’ব। এফালে অশ্বনিধি মুনিৰ অভিশাপ, আনফালে অগ্নিগৰ্ভা ব্ৰত মই কি কৰো। নিৰ্বাক চান্দৰ মনৰ কথা জানিব পাৰি অশ্বনিধি ক’লে- হে চান্দক মই তোমাৰ মনৰ কথা বুজিছো। নাৰী সঙ্গত হোৱা পাপৰ পৰা মুক্ত হ’বলৈ তোমাক মই এটা পথ দেখুৱাই দিম, তুমি সেইমতে আগবাঢ়ি যোৱা। তুমি গন্দকী নদীৰ পাৰলৈ যোৱা, তাত এজনী চণ্ডাল কন্যা মোৰ দ্বাৰা অভিশপ্ত হৈ আছে, নাম তাইৰ সুজাতা, তাই কানেৰে নুশুনে, চকুৰে নেদেখে আৰু ভৰি তাইৰ এখন। এই সুজাতাই তোমাৰ নাৰী সঙ্গত হোৱা পাপৰ পৰা উদ্ধাৰ কৰিব পাৰিব। পণ্ডিত বৌধিমিত্ৰই ক’লে- হে গুৰুদেৱ অনুগ্ৰহ কৰি ক’বনে কোন এই চণ্ডাল কন্যা, কিয়বা আপোনাৰ দ্বাৰা তাই অভিশপ্ত হ’ল। শুনা পণ্ডিত শুনা, চান্দক এক পৈশাচিক অতীত। এদিন মই এই গণ্ডকী নদীৰ পাৰেৰে প্ৰাতঃ যাত্ৰা কৰিছিলো এখন যজ্ঞলৈ যোৱাৰ বাবে। হঠাৎ মই গন্দকীৰ জলত দেখিছিলো অল্পবসন পৰিহিতা গাভৰু। তাইৰ দেহৰ অসাধৰণ ৰূপ দেখি মই মুগ্ধ হৈ পৰিছিলো। মোৰ মনৰ পৰা ধৰ্মযজ্ঞ সকলোবোৰ আঁতৰি গ’ল। এই ৰূপৱতীৰ সান্নিধ্যই মোক বলিয়া কৰিলে। এইয়াই আছিল চণ্ডাল কন্যা সুজাতা। সেইদিন ধৰি ত্ৰিমাসিক মই সুজাতাৰ লগত স্বামী-স্ত্ৰীৰ দৰে জীৱন-যাপন কৰিছিলোঁ। সুজাতাই কামনা কৰিছিল এটি সন্তানৰ মা হ’বলৈ, নাই মই সুজাতাৰ এই বাসনা পূৰ্ণ কৰিব নোৱাৰিলো, কাৰণ সুজাতা তেতিয়াও অকুমাৰী হৈয়েই আছিল। মই মাজে মাজে অনুভৱ কৰিছিলো গভীৰ নিশা সুজাতা যেন ক'ৰবালৈ