সমললৈ যাওক

পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধর্মপক্ষী

সম্ভেদ আমাক দিলে। আপোনাৰ পদ যেন আমি চিৰদিনে সেবিবলৈ পাও। এই আশীৰ্বাদো আমাক দিয়ক গুৰুদেৱ। চান্দকে কলে হে গুৰুদেৱ বাৰে বাৰে এটা কথা মোৰ মনলৈ আহিছে, যি ত্ৰিকালজ্ঞ মহা জ্ঞান যি দেৱীৰ অনুগ্ৰহত আপুনি লাভ কৰিলে এই দেৱী কাত্যায়নী কোন, এই দেৱী সম্পৰ্কে আমাক অলপ বুজাই কওক গুৰুদেৱ।

 অশ্বনিধি কলে- চান্দক দেৱী কাত্যায়নী জগত মাতৃ, যাৰ গুণ চতুৰমুখ ব্ৰহ্মাদেৱে অন্ত কৰিব নোৱাৰে, জগত ব্যাপি যাৰ কৰুণাৰ সাগৰ যি দেৱী শক্তিময় বিশ্বকৰ অনুগ্ৰহ সেই দেৱী কাত্যয়নী মই যিখিনি মোৰ সাধাৰণ জ্ঞানৰ দ্বাৰা দেৱীক উপলব্ধি কৰিছো সেই দেৱী কাত্যায়নীৰ বিষয়ে কিছু কথা মই তোমাক অৱগত কৰিম।

 মা দুৰ্গাৰ নৱ ৰূপ, শৈলপুত্ৰী ব্ৰহ্মচাৰিনী চন্দ্ৰঘণ্টা, কুস্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী কালৰাত্ৰী মহাগৌৰী সিদ্ধিদাত্ৰী দেৱী মাৰ এই নৱ ৰূপত ষষ্ঠৰূপ দেৱী কাত্যায়নী। পূৰ্বকালত মহৰ্ষিকত নামে এজন ঋষি আছিল। এই কতৰ পুত্ৰ মহৰ্ষি কাত্য, মহৰ্ষি কাত্যৰ নামে এই গোত্ৰটোৰ নাম কাত্য গোত্ৰ৷ এই কাত্যৰ পুত্ৰ মহৰ্ষি কাত্যায়ন তেওঁ বহু বছৰ ভগৱতীৰ অনুগ্ৰহৰ বাবে কঠোৰ তপস্যা কৰিছিল। তেওঁ দেৱীক আৰাধনা কৰিছিল, যে তেওঁৰ কন্যাহিনা ঘৰখনত দেৱী কন্যাৰূপে জন্ম ল’ব লাগে। কাত্যায়নৰ অকৃত্ৰিম অছলা ভক্তিত দেৱী মা সন্তুষ্ট হৈ মহৰ্ষি কাত্যায়নৰ ঘৰত তেওঁৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰি মুনিৰ মনোবাঞ্চা পূৰ্ণ কৰে। কিছু কালৰ পিছত যেতিয়া দৈত্যদানৱ সকলে স্বৰ্গৰাজ্য অধিকাৰ কৰি দেৱতা সকলক অত্যাচাৰ কৰিবলৈ ধৰিলে সিহঁতৰ অত্যাচাৰত দেৱতাসকল অতিষ্ঠ হৈ উঠিল। দেৱতা