পৃষ্ঠা:ধৰ্মপক্ষী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সিমানেই বেছি গভীৰতম স্থানলৈ মই গতি কৰিছোঁ। এন্ধাৰত পথ হেৰোৱা পথিকৰ দৰে মই চিন্তাত মাজে মাজে দিশহাৰা হৈছো। হে গুৰুদেৱ। এই সত্যক আপুনি লুকাই নেৰাখিব, মোৰ লগতে জগতৰ জ্ঞান পিপাষু সকলক এই গভীৰ সত্যৰ সন্ধান দিয়ক।

চতুৰ্থ প্ৰশ্ন : হে মহাশয় মোৰ চতুৰ্থ প্ৰশ্ন, অজৰ অমৰ ভগৱান। যদি সেইয়া সত্য তেনেহ’লে ভগৱান শ্ৰীকৃষ্ণ এজন সাধাৰণ অস্পৃয় ব্যাধৰ হাতত মৰিব লগা হ’ল কিয়? ভগৱানৰ এই কৰ্ময় তেওঁক হিনমন্য কৰা নাইনে? সৃষ্টিৰ অধিপতিৰ যদি মৃত্যু হয় অজৰ অমৰ ভগৱানৰ দৃষ্টান্ত কেনে ধৰণে বিচাৰ কৰা হয়। নৈমিশ কাননত এই সম্পৰ্কে কিছু কথা দাঙি ধৰিছিল আপুনি, কিন্তু কিছুমান উশৃংখল শ্ৰোতাৰ বাবে এই তত্বজ্ঞান মই লৱলৈ নেপালো আৰু আপুনিও এই চাৰি মহা সত্য, মহা তত্ব বাখ্যাৰ পৰা বিৰত থাকিল। হে মহানুভব মহৰ্ষি এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দি আপুনি মোক কৃতাৰ্থ কৰক। জৈমীনিৰ কথাত মাৰ্কণ্ডেয় মুনি বৰ আচৰিত হ’ল। কাৰণ এই প্ৰশ্ন চাৰিটা সাধাৰণ প্ৰশ্ন নহয়। এই চাৰি প্ৰশ্নৰ মাজত সোমাই আছে চাৰিখন মহা শাস্ত্ৰ। গুৰু গম্ভীৰ স্বৰেৰে মাৰ্কণ্ডেয় মুনি জৈমিনীক কলে হে ঋষিবৰ আপোনাৰ এই চাৰি প্ৰশ্ন চাৰিটা পথ। অজ্ঞান এন্ধাৰ দূৰ কৰাৰ বাবে চাৰিপাত তীক্ষ্ণবান। আৰু ভগৱান দৰ্শনৰ চাৰিটা প্ৰদীপ। এই জ্ঞান দাতা অতি বিৰল। পৰম পিতা ব্ৰহ্মাই মই মাৰ্কণ্ডেয় সুত, শুক আৰু নাৰদক এই জ্ঞান দান কৰিছিল। সেয়েহে সৰ্বজ্ঞান, সৰ্বশাস্ত্ৰবিদিত এই চাৰিজন জ্ঞানলব্ধ প্ৰজ্ঞান পুৰুষ। হে মুনিবৰ আপুনি যি প্ৰশ্ন মোক কৰিছে এই প্ৰশ্নৰ আলোকত শ্ৰোতা, সকলোৱে মুক্তি