পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

 সুজাতা মন্ত্ৰমুগ্ধ সৰ্পৰ দৰে অদৃশ্য শক্তিৰ আদেশ পালন কৰি গ’ল। দিন যায় ৰাতি আহে, ৰাতি যায় দিন আহে। সুজাতাৰ ভোজন, শয়ন যেন ৰাজকীয় সুখ মন্দিৰৰ পূজা-সেৱা সদায় একে ধৰণে চলি আছে। এদিন এগৰাকী নাৰী কিছুমান ৰক্তজবা লৈ মন্দিৰলৈ আহিল। সেই সময়ত সুজাতাই স্নান কৰি ঢৌতবাস পৰিধান কৰি মন্দিৰত প্ৰৱেশ কৰিছে। আনদিনাৰ দৰে আঠু লৈ প্ৰণাম কৰাৰ সময়ত সেই নাৰী গৰাকীয়ে সুজাতাক ক’লে লোৱা ইয়াৰে ফুল লোৱা, দিয়ক মা, সুজাতাই দুহাত আগবঢ়াই দিলে। লোৱা আই লোৱা, সুজাতাই বেদীলৈ পুষ্পাঞ্জলী আগবঢ়াই দিলে। তেনে সময়ত সেই নাৰী ক’লে কোৱা আই, মোক সদায় মা বুলিবলৈ তুমি মোৰ কন্যা হৈ জন্ম গ্ৰহণ কৰিবানে?

 হয় মই মাতৃহিনা মাতৃৰ মৰম, মই কোনোদিনে পোৱা নাই। মই আপোনাৰ উদৰত কন্যা হিচাবে জন্ম গ্ৰহণ কৰিম। মোক আপুনি আপোনাৰ উদৰত ঠাই দিব। পিছদিনাখন আনন্দত মতলীয়া হৈ সুজাতাই ভুল কৰি মন্দিৰৰ ওচৰৰ কুৱাটোত হাত দিলে। লগে লগে সুজাতা ঢলি পৰিল। সুজাতাৰ নশ্বৰ দেহ তাতে পৰি ৰ’ল। আত্মা উৰি গুছি গ'ল। সেই মন্দিৰলৈ অহা নাৰীজনীৰ গৰ্ভত স্থিতি হ’বলৈ। সেইয়া আন কোনো নহয় সেই নাৰী উৰ্বৰ মুনিৰ পত্নী চায়া। প্ৰতিশ্ৰুতি অনুসৰি সুজাতাৰ আত্মা মুনি পত্নীৰ গৰ্ভত স্থিতি হ’ল। দহমাহ দহদিন গৰ্ভবাসৰ পিছত এক অমাৱশ্যা কালৰাত্ৰিত চায়াই এক কন্যা সন্তান প্ৰসৱ কৰিলে। উৰ্বৰ মুনি আনন্দত আত্মহাৰা হ'ল। গণিপতি কন্যাজনীৰ নাম ৰখা হ’ল কৌণ্ডলী। কৌণ্ডলীৰ মনোবাঞ্চা পূৰ্ণ নহওতেই তাইৰ তিনিমাহ বয়সত চায়াৰ মৃত্যু হ’ল। উপায়ন্তৰ উৰ্বৰ