পৃষ্ঠা:ধৰ্মপক্ষী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধৰ্মপক্ষী

নেকি? মুখেৰে উত্তৰ নিদি হাতেৰে ভষ্মৰাখি দেখুৱাই বুজালে এইয়া তোমাৰ কন্যা।

 উৰ্ধ্বৰ মুনি বুজিবলৈ বাকী নাথাকিল৷ তেওঁ যি ভয় কৰিছিল সেইয়াই হ’ল। খংঙে দুখে উৰ্বৰ মুনি দুৰ্বাসাক কলে আজি মোক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰি যেনেদৰে মোৰ কন্যাক ভষ্ম কৰিছ আজি মই অভিশাপ দিলো তোৰ এই ব্ৰহ্মশাপৰ গৌৰৱে এদিন ভষ্ম হৈ যাব। শুন অহঙ্কৰী দুৰ্ব্বাসা এদিন হলেও আজিৰ এই একাদশী তিথিত তোৰ গৌৰৱ শেষ হৈ যাব। চকুলো টুকি উৰ্ব্বৰ মুনি আশ্ৰমলৈ গুচি গ’ল। চোৱা জৈমিনী পূৰ্বতে অশ্বনিধি দিয়া অভিশাপ কৌণ্ডলীৰ ৰূপতো প্ৰতিফলিত হ’ল। অৰ্থাৎ আশ্বনিধিৰ অভিশাপ পুৰুষৰ সঙ্গ ললে। তাৰ ফল বিষম হ’ব।

 চোৱা জৈমিনী ইয়াকেই বোলে ব্ৰহ্মবাক্য।


—অন্ত—

৬৪