গৃহ-লক্ষ্মী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
গৃহ-লক্ষ্মী
লেখক নবীনচন্দ্ৰ বৰদলৈ
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক

[  ]



গৃহ-লক্ষ্মী।




শ্ৰীনবীনচন্দ্ৰ বৰদলৈ।

[  ]
 

গহ-লক্ষী।

(সামাজিক চিত্ৰ৷)

 

ৰচোঁতা

নবীনচন্দ্ৰ বৰদলৈ, বি,এল্,

 

১৮৩২ শঁক

 

বেচ ৵৹ অনা মাথোন।

 

[  ]
 


১৫৫ নং বহুবজাৰ, কলিকাতা, মোছলেম্ প্ৰেচত
শ্ৰীহৰেন্দ্ৰ কুমাৰ সৰকাৰৰ দ্বাৰা
ছপা কৰা হ'ল।



 

[  ]
 

উছৰ্গা।

 

যি জনৰ অকৃত্ৰিম চেনেহ আজি সাতবছৰ সমানে পাই আহিছোঁ,
যি জনৰ ঘৰৰ গৃহিণী আচলতে এগৰাকী মূৰ্ত্তিমতী গৃহলক্ষ্মী,
ঔদাৰ্য্য যাৰ প্ৰত্যেক কাৰ্য্যতে বিকাশ পাইছে;
সত্যতা যাৰ জীৱনৰ অলঙ্কাৰ,
অসমীয়া সাহিত্যৰ অদ্বিতীয় লেখক,
সেই সুধীবাগ্ৰগণ্য, অগ্ৰজপ্ৰতিম,
শ্ৰীযুত সত্যনাথ বৰা ডাঙৰীয়াৰ,
পবিত্ৰ কৰ-কমলত,
এই ক্ষুদ্ৰ কিতাপখনি,
সাদৰে অৰ্পণ
কৰিলোঁ।

 

শুক্ৰবাৰ,
১৯ ফাগুণ, ১৮৩২

নবীন।

[  ]

পাতনি।

 শ্ৰীশ্ৰী৺ দুৰ্গাপূজাৰ বন্ধত ঘৰলৈ গৈ পূজাৰ উৎসৱ সম্পূৰ্ণ উপভোগ কৰিৰলৈ লেখকে বৰ আশা কৰিছিল। বিদেশৰ পৰা ঘৰলৈ গ'লে উদৰ-দেৱতাৰ ওপৰত কেনে অত্যাচাৰ হয় লেখকৰ মনেৰে, তাক পাঠকসকলৰ ভিতৰত বহুতে জানে কাযেই পূজাৰ উৎসৱ ও সামাজিক আৰু আৰ্থিক অত্যাচাৰ উপভোগ কৰাৰ লগে লগে এমাহলৈ উদৰ-দেৱতাৰ অত্যাচাৰ নীৰবে সহিবলগীয়াত পৰিছিল। এনে আহুকলীয়া সময়তে লেখকৰ সুযোগ্য বন্ধু ডাক্তৰ শ্ৰীযুত ৰবিনাৰায়ণ বৰাৰ ও ডে বন্ধু শ্ৰীযুত ৰোহিণীকুমাৰ চৌধুৰীৰ জুটীয়া উৎপীড়ণে তেওঁৰ প্ৰাণ বায়ু কণ্ঠাগত কৰি তুলিছিল। উপদ্ৰব এই যে দিন নাই ৰাতি নাই কেৱল তেওঁবিলাকক হেনো এখন ফাৰ্চ (farce) লিখি দিব লাগে! এই কাৰ্য্যৰ নিমিত্তে তেওঁক যে কিয় বিশেষ বাছি ধৰা হৈছিল, তাক তেওঁবিলাকেই হে জানে। পিচে এ হৈছে ডাক্তৰ, -উদৰাময় ৰোগত কল্পনা-শক্তিব কিবা বিশেষ বিকাৰ হোৱা কথা যদি কোনো ডাক্তৰী শাস্ত্ৰত পাই থাকে তাক তেওঁৱেই হে জানে। সি যি হওক, আনবিলাক অত্যাচাৰ গুছ বুলি গুছাব নোৱাৰি, কিন্তু কিতাপ লেখা অত্যাচাৰটি ভালে বেয়াই কিবা এখন লেখিলেই গুছে। কাষেই “আত্মানাং সত্য ৰুক্ষেত” এই মহদ্বাক্য আষাৰি স্মৰণ কৰি মৰি মৰজাহ দি দুদিন ভিতৰতে এই ক্ষুদ্ৰ কিতাপখনি লেখি আপদৰ হাত সৰা হয়। [  ]

 সেই সময়ত শ্ৰীশ্ৰী৺লক্ষ্মীপূজা আছিল। অসমীয়া মানুহে লক্ষ্মীৰ পূজাকেহে কৰে, কিন্তু লক্ষ্মী আইয়ে হ'লে অসমীয়াৰ পূজা গ্ৰহণ কৰে বুলি বিশ্বাস নহয়—কাবণ, অসমীয়াৰ ঘৰত লক্ষ্মী আইৰ গতি বিৰল। কিন্তু লক্ষ্মী বিৰলা হলেও যথাৰ্থতে আসামত গৃহ- লক্ষ্মীৰ অভাষ বিশেষ নাই। তাৰ বাহিৰেও পূজাৰ সময়ত সচৰাচৰ যিবিলাক ঘটনা দেখা যায় তাৰ পৰাও কিছুমান চিত্ৰ এই কিতাপত লোৱা হৈছে। এই কিতাপখনি ছপাবৰ উপযুক্ত হৈছে বুলি লেখকে নাভাবে। কিন্তু, গুৱাহাটিৰ আৰু কলিকতাৰ ডেকা বন্ধুসকলে ইয়াক বিশেষ পছন্দ কৰিছে। এনে কি তেওঁবিলাকৰ কেইজনমানে কিতাপখনি নকল কৰি, বৰ্ণাশুদ্ধি চাই, আৰু ছপাবৰ বন্দবস্ত কৰি দিও লেখকৰ সকলো শ্ৰম দূৰ কৰিছে। শ্ৰীযুত ৰবি- নাৰায়ণ বৰা, শ্ৰীযুত নীলমণি ফুকণ, শ্ৰীযুত ৰোহিণীকুমাৰ চৌধুৰী, শ্ৰীযুত পদ্মধৰ চলিহা, শ্ৰীযুত অম্বিকানাথ বৰা ও শ্ৰীযুত পূৰ্ণানন্দ শৰ্ম্মা আদি লেখকৰ সোদৰ-প্ৰতিম বন্ধু সকলৰ পৰা তেওঁ বিশেষ সহায় পাইছে।

 সৱশেষত গুণগ্ৰাহী পাঠকপাঠিকাসকলে বিশেষকৈ অসমীয়া গৃহলক্ষ্মীসকলে এই কিতাপখনি মৰমৰ চকুৰে চালে লিখক কৃতাৰ্থ হ'ব ৷

কলিকতা,
মাৰ্চ্চ, ১৯১১।
}        ইতি-
 নবীন ৷

[  ]

নাটত লেখা অভিনেতাসকল।

পুৰুষবিলাক:—
 হৰিচৰণ •••  ••• ধনী মানুহৰ লৰা, শিক্ষিত যুবক
হীৰালাল
জগন্নাথ
ধনেশ্বৰ
 
 ••• হৰিচৰণৰ বন্ধু৷
 
 প্ৰভাকৰ •••  ••• হৰিচৰণৰ পিতাকৰ বন্ধু।
 দিবাকৰ •••  ••• এজন ভদ্ৰলোক।
 সুবল •••  •••  


তিৰোতাবিলাক:—
 গোলাপী ••• হৰিচৰণৰ ঘৈণীয়েক৷
 বিমলা ওৰফে পাৰুল ••• এজনী বেশ্যা৷
 হৰিচৰণৰ মাক৷


পুলিচ্ কনিষ্টবল, জমাদাৰ, ছাপ্ ৰাচী, বেহাৰা, মেতৰ
হাকিম, উকিল, তৰণি, নৰ্ত্তকীসকল৷

[ ১০ ]
প্ৰথম অঙ্ক


১ম গৰ্ভাঙ্ক।—হৰিচৰণৰ ঘৰ।

(গোলাপী মন মাৰি বহি থাকে, এনেতে হৰিচৰণৰ প্ৰবেশ।)

হৰি— প্ৰিয়তমে গোলাপি, rose, Rosalind, my darling, কেলেই এনেকৈ মন মাৰি আছা? You don’t know my love, মাৰে হিয়াখন কিমান love এৰে পৰি পূৰ্ণ। প্ৰিয়তমে, ৰবি ঠাকুৰৰ ভাষাৰে কওঁ “জনম অবধি, বিৰহে দগধি, এজীবন হয়েছিল ছাই, তোমাৰ অপাৰ প্ৰেম পাৰাবাৰে জুড়াইতে আমি এসু তাই।" সেই ৰাজীৱ চৰণত আশ্ৰয় দি অলপ true love অৰ চিনাকি দি মোৰ শুকান বালি, চাহাৰা মৰুভূমিৰ নিচিনা এই কৰ্কৰীয়া হিয়াখন অলপ শীতল কৰিবানে?

গোলাপী— মোৰ ঈশ্বৰ প্ৰভূ, আপোনাৰ এনেবোৰ কথা শুনিলে মই বৰ ভয় খাওঁ আৰু লাজ পাওঁ। মই আপোনাৰ দাসী, মোক নো এনে কথা কব লাগে নে? আপোনাৰ চৰণ দুখানি সেবিবলৈকে মোক অনুমতি দিয়ক প্ৰভূ।

হৰি— আকৌ সেই old ideas and old style of talk। সেইবোৰ কথা পুৰণি, ৰসহীন, গদ্যময়, illiterate [ ১১ ] মানুহৰ কাণতহে ভাল লাগে। মই কি সুন্দৰ কবিতাৰে মোৰ হৃদয়ৰ true love জনালোঁ , তুমি ক'ব লাগিছিল “আজি মোৰ মন, কি জানি কেমন বসন্ত আজি মধুময়।” তেতিয়া মই কলোঁহেতেন “কাৰ নাম তুলে, মালতীমুকুলে, বায়ু ক’ৰে যায় অনুনয়"। তাকে নকৈ সেই ধৰ্ম্মকথা—মোৰ চৰণ সেৱা কৰা, মই প্ৰভু ইত্যাদি। মই কওঁ তুমি মোৰ দাসী নোহোৱাঁ; but my love, my darling. মই তোক slave কিনি অনা নাই।

গো— প্ৰভু, মই অৱশ্যে আপনাৰ দাসী। জনমে মৰণে তিৰোতাৰ স্বামীয়েই গতি, স্বামীনেই মুক্তি বুলি গীতা- ভাগৱতত শুনিছো। সেইবোৰ নো ইংৰাজীৰে কি কৈছে?

হৰি— গীতা ভাগবত! damn those superstitious books. আজি কালি সেই বোৰ সৱ মিছা বুলি proved হৈ গৈছে। এতিয়া কবিতাৰ দিন, প্ৰেমৰ দিন। তুমি নাগৰী প্ৰিয়তমে, আৰু মই নাগৰ। তুমি জুলিয়েটৰ নিচিনাকৈ প্ৰেমৰ কথা কবা, মই ৰ’মিয়’ৰ নিচিনাকৈ তোমাৰ সেই বচনসুধা পান কৰিম। কোৱাঁ darling কোৱাঁ “my dear, I love you.”

গো— এইবোৰ কি কৈছে মই হলে একো ভু পোৱা নাই।

হৰি— কেলেই ভু পোৱা নাই? মই আমাৰ শুভ মিলনৰ [ ১২ ] পাচৰ পৰা ক্ৰমান্বয়ে এইবিলাক শিকাবই লাগিছোঁ, তোমাৰ একো মনত নেথাকিল নে? নহয়, নহয়; dear, you don't love me. তোমাক কত যত্ন কৰিও যেতিয়া আজিলৈকে এক peg whisky খুৱাব নোৱাৰিলোঁ, তেনেহ'লে reformation অবেই বা আশা কত?

গো— প্ৰভু, মই নিচেই মূৰ্খ। মোক ভালকৈ কথাবিলাক শিকাওক, আপুনি যিহকে ভাল পাই তাকে কৰিম। কিন্তু প্ৰভু, বেয়া বস্তুবিলাক খাবলৈ মোক নধৰিব। মোৰ মূৰ্ত্তিমন্তী ভগৱতীৰ নিচিনা শাহু, দেৱতাৰ নিচিনা শহুৰৰ কুলত, মোৰ ধৰ্ম্মপ্ৰাণ পিতৃকুলত এনে অধৰ্ম্ম কোনেও কৰা নাই। এনে কথা কৰি দুয়ো কুল নৰকত পেলাবলৈ নক'ব। আপনি মতা মানুহ, আপোনাৰ কিবা অভ্যাস থাকিলেও সিমান দোষণীয় নহব পাৰে, কিন্তু ঘৰৰ তিৰোতাই তেনেবোৰ আচৰণ কৰিলে ঘৰ যে নৰক হব, প্ৰভু।

হৰি—Hopeless, hopeless আকৌ সেইবোৰ superstitious কথা, আকৌ সেইবোৰ useless nonsense “আমাৰ সাধ না মিটিল, আশা না পূৰিল"।

(বাহিৰৰ পৰা হীৰালাল—“হৰি ঘৰত আছানে?”)

হৰি— আছোঁ, আহাঁ। গোলাপী, বন্ধু হীৰালাল আহিছে তুমি এতিয়া যোৱাঁ। "Let Hira in, let life [ ১৩ ] out.” ক্ষন্তেক আঁতৰি থাকাঁ হৰিৰ জীৱন।

(গোলাপীৰ প্ৰস্থান আৰু হীৰাৰ প্ৰবেশ।)

হৰি— (দূৰতে হীৰাক দেখা পাই ) Good evening Hira, my diamond, my dear friend.

হীৰা— Good evening to you. হয় দেও, ঘৰত বহি বহি আমনি লাগিল, সেই দেখি তোমাৰ সঙ্গত অলপ সময় কটাওঁ বুলি আহিলোঁ। ভালে আছা?

হৰি—শাৰীৰিক ভাল, কিন্তু ভাই, mind কিছু tra হৈ আছে।

হীৰা— কেলেই, সেই পুৰণি কাৰণত নে কি? আজি আমাৰ তিৰোতাবিলাক সমাজৰ দোষত driven cattle অৰ নিচিনা হৈ আছে। কিন্তু কোনো উপায় নাই। পিছে আমাৰ সৰ্ব্বসন্তা কাৰণ ক’তা?

হৰি—O, I beg your pardon. কই হায়?

(ভিতৰৰ পৰা “হাঁ হজুৰ।”)

হৰি— Peg লে আও।

(ভিতৰৰ পৰা বেহাৰা-বহুত আচ্ছা হজুৰ।)

[ জগন্নাথ আৰু ধনেশ্বৰৰ প্ৰবেশ। হৰিয়ে প্ৰত্যেকক handshake আৰু অভিবাদন কৰে।]

হৰি— বহাঁ, ভাইহঁত বঁহাহঁক। অলপ আমোদ কৰা যাওক। [ ১৪ ] তোমালোক নোহোৱা হলে মোৰ পক্ষে “Life would have been as tedious as a twice-told tale.”

বন্ধুহঁত— (একেলগে )—অৱশ্যে, অৱশ্যে।

(গিলাচত মদ আৰু থালত খানা লৈ বেহাৰাৰ প্ৰবেশ)

হৰি— বন্ধুহঁত, help yourselves please.

(আটায়ে মদ খায় আৰু খানা খায়)।

হীৰা— আমাৰ দুখীয়া দেশৰ ৰত্ন হৰিচৰণ! তুমি ভাই যথাৰ্থতে দাতাকৰ্ণ।

হৰি— Don't mention বন্ধু, don't mention. তোমালোকৰ good company য়েই মোৰ unhappy জীৱন অলপ সহিব পৰা কৰি থৈছে।

হীৰা— ভাই ধনেশ্বৰ, এটি গান গোৱাঁ।

ধনেশ্বৰ— বাৰু;—

গীত।

 ইমণ কেদাৰা—আড়খেম্‌টা।
গোৱাঁ কুলি গোৱাঁ
 মধুৰ পঞ্চম তুলি গোৱাঁহে।
প্ৰিয় সমাগমে প্ৰাণ মতলীয়া
সুৱলা মাতেৰে সাদৰি কথা কোৱাঁহে।

[ ১৫ ]

কত জোনালী সুখময়ী নিশা
 বিৰহে দগধ তনুচিত্ত,
আজি মিলন মাধুৰী মধুৰ বসন্তে
 সুৱলা গীতে উজলোৱা হে।

হৰি— Bravo, bravo, “কত জোনালী সুখময়ী নিশা বিৰহে দগধ তনুচিত্ত।” How poetic! মোৰ হৃদয়ৰ cord এভাল vibrate কৰি গ'ল। কিন্তু “নিৰাশ কাতৰ” মই “শূন্য হৃদয় নিয়ে”। মিছাতে অতবোৰ নাটক নভেল্‌ পঢ়িলোঁ। “আমাৰ সাধ না পূৰিল।”

হীৰা— Pathos! pathos! কি আপছোচৰ কথা! কি আপছোচৰ কথা! ইয়াৰ এটা solution অৱশ্যে ঠিক কৰিব লাগিব। বন্ধু, একো চিন্তা নকৰিবা। নাটক, নভেল্ বুজা, কবিতাৰ সোৱাদ পোৱা এনে এঠাইলে তোমাক লৈ যাম য'ত তোমাৰ প্ৰেমৰ হেঁপাহ ততালিকে মিটিব।

হৰি—Really! ধন্যবাদ বন্ধু, তুমিয়েই মোৰ আচল বন্ধু।

ধনেশ্বৰ
জগন্নাথ
—Good night, বন্ধু 

হৰি— ভাই যোৱাঁই নে? Good night, বাৰু যোৱাঁ।

(ধনেশ্বৰ আৰু জগন্নাথৰ প্ৰস্থান।)

হীৰা— ভাই হৰি, মই এটা বৰ লেঠাত পৰিলোঁ; তুমি অলপ [ ১৬ ] সহায় কৰা যদি ৰক্ষা পাওঁ।

হৰি—মই সদায় তোমাক সহায় কৰিবলৈ সাজু।

হীৰা—এটা ধৰুৱাক নই ২,০০০ টকা দিব লগা আছে। সি মোৰ ঘৰ-দুৱাৰ কোবোক দিছে। তুমি মোৰ friend, philosopher and guide থাকোতে মই houseless মগনীয়া হব লাগিলে "তোমাৰ অযশে ভৰিব ভূমণ্ডল।"

হৰি—তালৈকে এনে ভয় কৰিছা নে? কুচ্ পৰোৱাই নাই। ধন নো কেলেই?—তোমাৰ নিচিনা সাধুমানুহক সহায় কৰিবলৈ হে। (কেঞাৰ গোলালৈ এখন চেক্ লেখি দিয়ে)। এয়া ধৰাঁ, এইখন দিলেই ফেচামল কেঞাই তোমাক ২,০০০৲ ৰূপ দিব।

হীৰা—Thank you, thank you. যথাৰ্থতে তুমিয়েই মহাপুৰুষ; এতিয়া যাওঁ, good night.

(দুইৰো প্ৰস্থান।)

⸻⸻

দ্বিতীয় দৃশ্য।

আলিবাট।

(এটা মেতৰৰ প্ৰবেশ।)

মেতৰ—এইচা ডাঙ্গাবাজ্ ময়লা আদমী হাম্ কভি দেখা হায় [ ১৭ ] নেই। ৰোজ ৰোজ ৰাস্তামে বমি আউৰ্ ময়লা কৰ্‌তা চালালোক ঘৰ্‌মে আপ্‌না কাম কৰওৱ নেহি, মৰ্‌‌তা হায়" ৰাস্তাকা উপৰ্। কভি মিলেগা তো ঝাড়ু মাৰ্‌কে উচ্‌লোককো তবিয়ত্ ঠিক কৰ্ দেঙ্গে।

(সুবল আৰু দিবাকৰৰ প্ৰবেশ।)

সুবল— কি হ’ল অ'মিতা? এই খন কাক গালি শপিছ?

মেতৰ— দেখিয়ে বাবু চাহেব, এক ৰোজ নেই দুৰোজ নেই বদ্ মাচ্ লোক ৰোজ ৰোজ ৰাস্তা ময়লা কৰ্‌তা হায়। মিউনিচিপেল্‌কা বাবুলোক ৰাস্তা ময়লা দেখ্‌নেচে ফেৰ্ হামাৰা জন‌্মানা হো যায়েগা। চব্ ৰাস্তামে যেতনা পাথৰ নিকালকে হায় উচমে এইচব চাফ্ কৰ্ নাভি বহুত মুস্কিল হায়। মিউনিচিপেল্‌কা বাবুলোক মেতৰকা উপৰ্ ভাৰি ওস্তাদ্ ৰাস্তাচব্ বেমেৰামত্‌মে ৰহেগা উচ্‌মে নজৰ নেহি, লেকিন্ থোৰা কচুৰ্‌মে মেতৰকা চাজাই।

সুবল— হয় অ’ মিতা ঠিক কৈছ। এনেই বাটবোৰত শিলবিলাকে যেনেকৈহে দাঁত চেলাই আছে তাৰ তাপতে খোজ দিবকে নোৱাৰি তাতে কেটামান হতভাগা মদপীয়ে এইদৰে দিনে দিনে বাট বেয়া কৰিলে মানুহ অহা-যোৱা কৰিব কেনেকৈ?

দিবাকৰ— মাতোৱাল কেটা নো কোন? [ ১৮ ] সুবল— নকবা ভাই, এই কুৰি শতিকাৰ সভ্যতাৰ খুন্দাত আমাৰ প্ৰাণ নিটিকাত পৰিল। হৰিচৰণ বাবু আৰু কেটামান বদমাচে সদায় সদায় আহি সেই তাতে থকা মানুহজনীৰ ঘৰত মদ খাব আৰু উদ্ভণ্ডালি কৰিবহি। তাতে থাকি সন্তোষ নহয়, ৰাতি হলে আকৌ বাটলৈ আটাইবিলাক ওলাই আহি চিঞৰি-বাখৰি, বতিয়াই-উকিয়াই বাট-পথ তেনেই চেৰেঠ কৰেহি। ওচৰতে ঘৰ; অত দৰ্খাস্ত দিও বেশ্যাজনীক তাৰ পৰা তুলিব নোৱাৰিলোঁ। ঘৰত লৰা-তিৰোতা লৈ থকাই অসম্ভৱ হৈ উঠিছে। আইন মতে হেনো তাইক তুলিব নোৱাৰি। সভ্য জগতৰ আইনৰ খুন্দাত আমাৰ অসভ্য মানুহৰ এতিয়া প্ৰাণ যায়!

মেতৰ— হাম্‌চে একদফে ভেট হনেচে উচ‌্লোককো ঠিক কৰ্‌নে চেক্‌তা।

দিবা— তেতিয়ানো তুম্ থাক‌্তা হায় কাঁহাৰে?

মে— বাবু চাহাব, দিনভৰ্ ময়লা উঠাকে হাম্ ভি থোৰা নিচা কৰ‌্কে খোচ মিজাজিমে ৰহতা।

দিবা— তেন্তে বাবুলোক মদ খাইকে অলপ বতিয়ানেচে আৰু বাহ-ওহ্য কৰ্‌নেচে কিয়া জগৰ্ লাগ্‌তা হায়?

মে—বাবু, হাম্ চাৰাপ্ পীকে কভি বমি ময়লা নাই কৰ্‌তা।

দিবা— তুম্ সৰু আদ্‌মি হায়। বড় আদ্‌মি হনেচে বেচিকৈ মদ খাইকে অলপ বতিয়ানে হতা হায়; নহলে বড় [ ১৯ ] আদ‌্মি কিহৰ্‌কা?

মে— তোম্ কেচা আদ‌্মি হায় বাবু? বড়া আদ‌্মি হনেচে ঘৰকা ভিতৰ যো খুচি ওই কৰ‌্নে দেও। বাহাৰ আকে এইচা বদ‌্মাচি কাহে। পাহাৰাৱালা লোক দেখনিচে পাকাড় লেগা।

দিবা— বাবুহঁতকা জেপ‌্মে টকা থাক‌্তা হায়। পাহাৰাৱালা কেলেই পাকড়েগা? কলমে গা ধোৱা বলকে আৰু ৰাতিপুৱা হাবিমে বাহ কৰা বলকে দুখীয়া মানুহ আৰু বেশ্যা লোক‌্কো পাহাৰাৱালা ধৰেগা; আৰু যে চব গৰু আৰু ছাগলী অৰ্থাৎ বক‌্‌ৰী-উক্‌ৰী ধৰা দেতা হায় সিহঁতলোককো ধৰ‌্কে ফাটকনে দেয়া হয়। তুম কেইচা বুৰবক্ হায়? কেলেই এনেকৈ মোলৈ চাওতা হায়? কাম কৰ, কাম কৰ।

মে— হাম‌ জানতা তুম‌্ ভি ঐ বদ‌্মাচ লোককা দোচ হায় গালি দেতা হায় কাঁহেৰে?

দিবা— কাঁহে গালি নেই দেগা ৰে? তুম্ মদ, খাওতা আ বাবুলোক নেই খায়েগা।

মে— কাহে খায়েগা? কমজোৰ বাবুলোক থোৰা পীকে এ দম মাতোৱালা হ’ যাতা; পিছু ৰাস্তা-ওস্তা ময়লা কৰতা, এ ক্যা বাত্ হায়? ইধাৰ দিনমে বহত ভাৰি হিন্দু হো যাতা।

দিবা— চুপ ৰও গেধা। বাবুলোক মদ খানেচে পেটৰ [ ২০ ] ভিতৰৰ ভাজবিলাক খুন্দিয়া-খুদি কৰি থাকতা। পিছে বতিয়াই উকিয়াইকে মুখচে সেইবিলাক উলিয়াই দেতা। তোম্ কিয়া বুজিবিৰে গৰু?

মে—বাবু এইচা গালি ফেৰ দেনেচে (জাড়ু তোলে)

 (দিবাকৰৰ পলায়ন )।

সুবল—নহয় মিতা, নহয়; সেই বাবু বদ্‌মাচ নহয়। তেওঁ বৰ ধেমেলীয়া, ফুৰ্ত্তিবাজ—চম্‌জা? লেকিন্ মাতোয়াল কেইটাক পানেচে দিবিনা এক ঘ লগাই।

(প্ৰস্থান)

তৃতীয় দৃশ্য।

বিমলাৰ ঘৰ।

(হীৰালাল, হৰিচৰণ আৰু বিমলা বহি থাকে)।

হীৰা— বাঃ বাঃ কি শুভ মিলন! কি অপূৰ্ব দৃশ্য। যেনে সুন্দৰী তেনে সুন্দৰ, যেনে কবি তেনে কবিয়নী, যেনে প্ৰেমিক তেনে প্ৰেমিকা। এতিয়াহে সমানে সমানে মিলিছে। ভাই হৰি, তোমাৰ তিৰোতাজনীক মনে মনে divorce কৰি দি জীৱন যৌবন এই প্ৰেমিকাতে অৰ্পণ কৰা । [ ২১ ] হৰি— তোমাৰ বাক্য শিৰোধাৰ্য্য। সংসাৰৰ সাৰবস্তু প্ৰিয়তমে বিমল! তুমি Cleopetra মই Antony; তুমি দুৰ্গেনন্দিনী মই জগৎসিংহ। কোৱাঁ তুমি কাক ভাল পোৱাঁ।

বিমলা— “তোমাকেহে ভাল পাওঁ মৰমৰ সখি। যিপিনে চকু ফুৰাওঁ, তোমাকেহে দেখা পাওঁ, ক্ষন্তেকে প্ৰলয় হয় তোমাক নেদেখি।”

গীত :—

মোৰ খোজত শৰীৰ কঁপে।
নিচাৰ কোবত প্ৰাণ প্ৰেমময়, কথাত মানুহ মৰে
হৃদয় আবেগ উপচি পৰিছে,
আহাঁ নাগৰ কাষলই;
তোমাৰ চৰণে সপিলোঁ পৰাণ,
তুমি মোৰ, তোমাৰ মই।

হৰি—সঁচাকৈয়েনে ভুমি মোৰ, তোমাৰ মই? কোৱাঁ কোৱা আকৌ সেই কথাষাৰি কোৱাঁ।

বিম—হয় নাথ সঁচাকৈয়ে তুমি মোৰ, তোমাৰ মই।

হৰি—আজি মোৰ জীৱন ধন্য। মোৰ জীৱন যৌবন সমস্ত তোমাৰ চৰণতে অৰ্পিলোঁ৷ আৰু কি দিলে তেওঁ সন্তোষ হয় কোৱা সখী কোৱাঁ।

বিম—নাথ, জীৱনসৰ্বস্ব, প্ৰিয়তম, প্ৰাণেশ্বৰ, জীবিতে মৰিতেশ্বৰ, মোৰ ভোকৰ ভাত, পিয়াহৰ পানী, [ ২২ ] লাখুটি, দুখীয়াৰ সম্বল, জাৰৰ কম্বল, মোৰ জীৱন এতিয়া তুমিময়। তুমি ভিন্ন মোৰ আৰু একোৰে দৰকাৰ নাই। তুমি যোক যি দিলে তোমাৰ সন্তোষ হয় তাকে দিব পাৰা। মই তোমাৰ চকুত ভাল দেখা হবলৈ এক চেট অলঙ্কাৰ, থাকিবলৈ এটি টিনৰ ঘৰ, পিন্ধিবলৈ পাট-মসন্দাৰ আৰু খাবলৈ, তোমাৰ উপযুক্ত মতে থোৰাকি এই খিনি লৈ কোনোমতে তোমাক দেখিবলৈ জীয়াই থাকিলেই মোৰ হল। মোক নো আৰু আন বস্তু কেলেই?

গীত:—

আৰে মেৰে প্যাৰি,
তুহামাৰি হাম তুহাৰি,
তুবিনে জান হাম কেইচে দিন গুঁজাৰি।
তুহামাৰি দেল‌্‌খোচ্‌,
তুহামাৰি পা পোচ,
তুহামাৰি গৰম গোচ্,
হাম তোহাৰি তু হামাৰি।

হৰি—মই কত আছোঁ, স্বৰ্গত নে পৃথিবীত?

বিম—পৃথিবীত নাথ, পৃথিবীত। মোৰ ঘৰত, তোমাৰ বিমলৰ ঘৰত ৷

হৰি—বিমল, “তোমাৰ প্ৰেমত পমি গলোঁ যেনে পানীত লোণ; সত্যে কোৱাঁ প্ৰাণপ্ৰিয়ে কোন তোমাৰ আপোন”। [ ২৩ ]

গীত:—


বিম—

তুমি মোৰ হৃদয়ৰ ধন,
তুমি মোৰ সুখৰ সপোন,
তুমি মোৰ নিচেই আপোন।

কত নিশা কত উজাগৰে কত কান্দি কত ভাব ভৰে,

 তোমাৰ স্মৃতি ভাবিলোঁ অন্তৰে প্ৰিয় হে;
 আজি দুখনিশা অবসান,
 আজি প্ৰেমময় মনপ্ৰাণ,
 শান্ত কৰাঁহি দগধ পৰাণ প্ৰভু হে।

হৰি—এইয়া ৫০০০৲ টকাৰ এইখন চেক্; মোৰ এই ক্ষুদ্ৰ উপহাৰ গ্ৰহণ কৰাঁ সখি। মই তোমাৰ অলঙ্কাৰৰ ফৰ্‌মাচ্ দি আহিছোঁ, কাইলৈ সেইবোৰ পাবা।

বিম—নাথ, বালাজোৰ কৰিব দিছাঁ নে?

হৰি—সেই জোৰ মই হীৰা-পতোৱা চাই কলিকতাৰ পৰা অনাই দিম প্ৰিয়ে।

বিম—নাথ thanks, thanks.

হীৰা—কেলেই, মোক জানো thanks নিদিয়া বিমল?

বিম—(চকুৰ টিপ মাৰি) তুমি জোনৰ আগত কিহৰ বাতিৰ পোহৰ? তথাপি বাৰু তোমাক thanks দিলোঁ ৷ [ ২৪ ] হৰি—ইয়াত বৰ গৰম বলাঁ অলপ বাহিৰৰ পৰা ফুৰি অহা যাওক।

বিম—বলাঁ নাথ, বলা।

(সকলোৰে প্ৰস্থান)।


চতুৰ্থ দৃশ্য।

আলিবাট।

(হীৰালাল, হৰিচৰণ আৰু বিমলা)।

হৰিচৰণ—(চিঞৰি ২) On such a night did Troilas sigh his soul towards the Grecian camp where Cressid lay faithless.

বিম—কি কৈছা নাথ, তাৰ অৰ্থ কি?

হৰি—এনে এটা ৰজনীত ট্ৰয়লচে তাৰ soul টো sigh কৰিছিলে Grecian camp অৰ ফাললৈ যত ক্ৰেচিড্ অবিশ্বাসিনী হৈছিল।

বিম—আহা হা! কি ভাবময়! কেনেকৈ ছাই হল, নাথ?

হৰি—ছাই নহয় দীৰ্ঘনিশ্বাস, হুমুনিয়াহ।

বিম—হয় হয় বুজিলোঁ। এতিয়া, হুমুনিয়াহ, আহা কি সুন্দৰ; মোৰো এটা হমুনিয়াহ আহিল নাথ।

হৰি—কেলেই? [ ২৫ ]
 

বিম—ভালকৈ খোজ নচলে কিন্তু নাচিবৰ মন গৈছে, সেই দেখি।

হৰি—সখী, এনে হেন চাঁদনীয়া ৰাতি ইয়াত কেলেই হুমুনিয়াহ ছাৰিছা? এটি প্ৰেমৰ গীত গোৱাঁ।

বিম— গান :-

(আজি) ফুৰোঁ বাটে বাটে কেনে প্ৰেমিক প্ৰেমিকা।
মৰমৰ ঢৌৱে ঢকিয়াই নিয়ে ই প্ৰেম-বাৰিষা।
আকাশে বৰষে প্ৰেম, পৃথিবীত গজে প্ৰেম,
প্ৰেম-ঘাঁহনিত ঘাঁহ খায় মোৰ প্ৰেম হালুৱা।
প্ৰেমত জোকাৰে কাণ, প্ৰেমে ভৰপূৰ প্ৰাণ;
আহ নগৰীয়া, চাই যা প্ৰেম কেনেকুৱা।

(সুবলৰ প্ৰবেশ)।

সুবল—হেৰ হাৰামজাতী গুছ ইয়াৰ পৰা। মদ-ফটিকা খাই যত বদমাচৰ লগত নিজৰ ঘৰৰ ভিতৰত অটাহ-পিটাহ পাৰি সন্তোষ নহয়, এতিয়া আকৌ ভদ্ৰলোকৰ ঘৰৰ আগে আগে মতোয়ালী হৈ গান গাই ফুৰিবলৈ আহিছ?

বিম—নাথ, তুমি এতিয়াই আত্মহত্যা কৰাঁ, তোমাৰ আগতে ই মোক গালি পাৰে।

সুবল—গুছ্ ভালে ভালে।

হৰি—Dog, idiot, কাক তই মোৰ আগতে insult কৰ ? [ ২৬ ]
 

বিম—ওঁ, কাক তই ইনচাল্ কৰ?

হীৰা—গোলমালটো ভালকৈয়ে লাগিল, আমি ইমানতে পৃষ্ঠ-ভঙ্গ দিওঁ।

(প্ৰস্থান)।

সুবল— তোমাৰ আগতে তোমাৰ ৰক্ষিতা বজাৰৰ বেশ্যাজনীক গালি পাৰিছোঁ insult কি হে? তাইৰ আকৌ insult কি? আকৌ গোলমাল কৰিলে টঙ্গনিয়াম।

হৰি—কি মোৰ আগত মোৰ প্ৰাণপ্ৰিয়তমা lady ক insult! নিকাল চুঁৱৰ।

সুবল—তোমাৰ প্ৰাণপ্ৰিয়তমা lady হে হয়। গুছ দুয়ো ইয়াৰ পৰা, নহলে বেয়া হব।

(হৰিচৰণে হাতৰ লাঠীৰে সুবলক কোবাই বগৰাই দিয়ে)।

হৰি—“So lie, cowards.” বলাঁ প্ৰিয়ে বলাঁ আমি যাওঁ।

(প্ৰস্থান)।

⸺•⸺


পঞ্চম দৃশ্য।

আলিবাট।

(প্ৰভাকৰ)৷

প্ৰভা—কি দুখৰ কথা, কি হথ কথা, মোৰ মৰমৰ বন্ধু সোমেশ্বৰৰ পুতেক হৰিচৰণৰ আজি কি দুৰ্দ্দশা ! লৰা [ ২৭ ]
 

টিক বাপেকে পঢ়াই-শুনাই মানুহ কৰিবলৈ বৰ যত্ন কৰিছিল। কলিকতাতো বহুত যত্ন কৰি খৰচ কৰি পঢ়ালে; তাৰ একো নহল। বাপেকৰ অত টকা আছিল, যত্ন কৰি ৰাখি-চাকি যদি খালে হেতেন তেও হয়। কেইটামান হতভাগ্য মদপীৰ লগত পৰি লৰাটো একে বাৰে উচ্ছন্ন গল। এতিয়া আকৌ হেনো প্ৰকাশ্য ভাবে বেয়া মানুহ এজনীৰ ঘৰলৈ অহা-যোৱা লগাইছে। কি কৰা যায়! মৰিবৰ সময়তো বাপেকে গতাই দি গৈছে।

(দিবাকৰৰ প্ৰবেশ)।

দিবা—ডাঙ্গৰীয়া, নমস্কাৰ। ভালে আছে? কেনি যায়?

প্ৰভা—ভালে আছোঁ; এইফালে ফুৰিবলৈ ওলাইছিলোঁ। নতুন খবৰ কি?

দিবা—ডাঙ্গৰীয়া, আমাক নো কি খবৰ সোধে? অকল হৰিচৰণ বাবুৰ খবৰতেই চহৰ গুলজাৰ।

প্ৰভা—আকৌ নো সি কি কৰিলে?

দিবা—কালি ৰাতি হেনো কৰবাৰ মানুহ এজনী লৈ বাটে বাটে গান গাই ফুৰোতে সুবলে দেখা পাই কিবা কলে, তাতে সুবলক ধৰি ধনঞ্জয় প্ৰহাৰে দিলে।

প্ৰভা—কি দুখৰ কথা!

(হৰিচৰণৰ প্ৰবেশ!)
হৰি—Good evening, uncle প্ৰভাকৰ । [ ২৮ ]
 

প্ৰভা—হেৰ, হেৰ, এইখন কি বলিয়ালি কৰিছ হোঁ? ঘৰত লক্ষ্মীৰ নিচিনা বোৱাৰী থাকোতে কেলেই ৰাতিৰে ৰাতিটো অনাই-বনাই ফুৰ হোঁ?

হৰি—False, false, চব ঝুঠা। প্ৰাণৰ অপৰিসীম হেঁপাহ, অকৃত্ৰিম ভালপোৱাৰ তৃষ্ণা, sincere yearnings of love satisfy কৰিবৰ নিমিত্তে ফুৰিছিলোঁ। “জীৱনৰ অমিয়া বিচাৰি”; অনাই বনাই ফুৰা নাই।

প্ৰভা—কটা, এইটো এতিয়াও মতলীয়া হৈ আছে হবলা। মোৰ আগত নো তই অলপ ভালকৈ কথা কব নোৱাৰনে?

হৰি—I beg your pardon uncle; মোৰ দোষ নধৰিব। Sentiment স্বৰূপ বাৰুদৰ জোৰত মোৰ হৃদয়স্বৰূপ bomb একেবাৰে ফাটোঁ ২ হৈ আছে। সেই দেখি মোৰ doings অৰ সম্বন্ধে কোনো কথা ওলালেই ভাববোৰ কথাস্বৰুপে হো হো কৰে মুখেৰে ওলাবলৈ ধৰে ৷

প্ৰভা—হেৰ, তইনো আকৌ কি এনে ভাবৰ খুন্দিয়াখুন্দিত পৰিছ?

হৰি—ভালপোৱা, ভালপোৱা, true love. মোৰ হৃদয় ভালপোৱাময় হৈ গৈছে। কিন্তু তাৰ return নেপালে প্ৰাণ ধৰ্ ফৰ্ কৰে, মন হুহু কৰে। তেতিয়া কলৈ গলে ভালপোৱাৰ প্ৰতিদান পাম সেই চিন্তাত মন ব্যাকুল হয়। [ ২৯ ]
 

প্ৰভা—কি? ঘৰত দেখোন অতি ধুনীয়া, অতি সচ্চৰিত্ৰা বোৱাৰী আছে?

হৰি—আছে হয়; কিন্তু মূৰ্খ, illiterate, incapable of emotion; ভালপোৱা কাক বোলে নেজানে। কিবা কেন্‌কেনাই থাকে মাথোন।

প্ৰভা— (স্বগতঃ) ইয়াৰ মগজু একেবাৰে বিকৃত হৈ গৈছে। (প্ৰকাশ্যে) বাৰু এতিয়া যাওঁ, এইদৰে বাটে ২ মদ খাই মতলীয়া হৈ নুফুৰিবি। এই ৰকমে নো বাপেৰ-ককাৰৰ নাম নুমাব খুজিছনে?

(প্ৰস্থান)।

হৰি—old fool, tom fool, কি বুজিবা তুমি প্ৰেম কি বস্তু। বাহিৰেও বুঢ়া, ভিতৰেও শুকান, জেওৰা-খৰি যেন ৰসহীন। এক পেগ্ whisky থাই চালাহেঁতেন তেহে। (যাবলৈ ওলায়)।

দিবাকৰ—হেৰি বাবু, হেৰি বাবু, অপোনাৰ প্ৰেমৰ খুন্দাত মই ভাগ্যেহে এই খিনিপৰ কোনোমতে থিয় দি আছোঁ । পিছে প্ৰণয়ৰ প্ৰতিদানটি নো কেনি বিচাৰি যায়? শুঁৰীখানাত নে কত?

হৰি—কি আপদ,-শুড়ীখানত নো প্ৰণয়ৰ প্ৰতিদান পায়নে? তাত প্ৰণয় বাঢ়েহে বুজিছা? তাৰ পাচত প্ৰতিদান। প্ৰতিদান পাৰুলৰ ঘৰত। (স্বগতঃ ) [ ৩০ ] “চাঁদনি ফুটিছে জোছনা ৰাত্ৰিতে, বনে ফোটে বনফুল পাৰুল পাৰুল”।

দিবা—প্ৰেমৰ খুন্দাত হৰিয়া ব্যাকুল—পাৰুল, পাৰুল।

হৰি—আহা! তুমি ভাই যথাৰ্থ কবি। মোৰ হিয়াতলি ভেদি উঠা ভাব্ টি বেচ্ কবিতাৰে প্ৰকাশ কৰিছা।

দিবা—হৰি বাবু, তোমাৰ দৰে ময়ো এজন প্ৰেমিক। তাৰ বাবেই তোমাৰ প্ৰেমজুইৰ তাপ লাগি মোৰ পেটৰ ভিতৰত জমি থকা প্ৰেমবিলাক গলি গৈ হঠাৎ কবি হৈ উঠিছোঁ। পিছে পাৰুল নো কোন?

হৰি— তেওঁৰ আচল নাম বিমলা, পিছে শুনিবলৈ ভাল পাওঁ দেখি পাৰুল থৈছোঁ। তেওঁ যথাৰ্থতে এজনা প্ৰেমিকা। তেওঁৰ প্ৰত্যেক কথাই প্ৰেমৰ কথা, প্ৰেমৰ বতাহ তেওঁৰ কথায় কথায় বৈ যায়।

দিবা—তেওঁ প্ৰেমকে থাই থাকে হবলা, নে আমাৰ দৰে ভাত মাছ খায়?

হৰি—কি আশ্চৰ্য্য! মানুহে নো আকৌ প্ৰেম খায় নে? প্ৰেম অনুভৱ হে কৰে।

দিবা—মই হলে চিকুট মৰাটোহে বঢ়িয়াকৈ অনুভৱ কৰোঁ। হওক হওক আপুনি ও প্ৰেম-চিকুটনিতে পৰিছে৷ বলক এতিয়া।

(দুইৰো প্ৰস্থান)।

[ ৩১ ]

দ্বিতীয় অঙ্ক।

প্ৰথম দৃশ্য।

হৰিচৰণৰ শোৱনি-ঘৰ।

(হৰিচৰণ ও গোলাপী)।

গোলাপী—ইমান নিশা, তাতে আপোনাৰ হাত ভৰিৰ থিৰ নাই; এতিয়ানো কলৈ যাবলৈ ওলাইছে? এই অৱস্থাত গলে বহুতো বিপদ ঘটিব পাৰে।

হৰি—Damn বিপদ। বিপদলৈ কুচ পৰোৱা নাই। মোৰ প্ৰেমে বিপদৰ মাজে দি বাট দেখুৱাই নিব৷ তুমিও যলৈকে ইচ্ছা তলৈকে যাব পাৰা।

গো—মই যাব পাৰোঁ! কলৈ যাব পাৰোঁ প্ৰভু? সেই চৰণ ভিন্ন মোৰ আৰু কত গতি আছে? আপুনি ওলাই যাব খুজিছে যাওক, কিন্তু আজি কতদিন মই সেই চৰণ দুখানি এবাৰ সেৱা কৰিবলৈ পোৱা নাই, এখন্তক থিয় দিয়ক, মই এটুপি পদজল মূৰত লওঁ।

হৰি—পদ-জল! কি আশ্চৰ্য্য !! আকৌ সেইবোৰ Superstition, দূৰ হ’ পিশাচী মোৰ ওচৰৰ পৰা দূৰ হ'। What an idea of love !!!

গো—প্ৰভু, এই দুখুনীলৈ আপোনাৰ অলপো দয়া নহয় নে? আপুনি মোৰ সঙ্গ ভাল নাপায়, ঘৰত নাথাকে-তাৰ [ ৩২ ]

 

বাবেতো মই অলপো অভিমান কৰা নাই প্ৰভু। সকলো মোৰ দোষ। মই পাপিনী যদি ভাল হলোঁ হেতেন, আপোনাৰ মৰম পালোঁহেতেন। মই অপদাৰ্থ গতিকেহে মোৰ দেৱতাক মই তুষ্ট কৰিব পৰা নাই। কিন্তু এইদৰে টোপনি খতি কৰি আপোনাৰ শৰীৰ নষ্ট হ’ব লাগিছে। দয়া কৰি আজিৰ নিশাটো ঘৰত থাওক্‌৷ নাথাকেও যদি এটুপি পদ-জল দিয়াত আপত্তি কৰে কেলেই নাথ?

হৰি—Oh, damn your পদ-জল, I say. ইয়াত এইখন tom foolery কৰি একো লাভ নাই। মই যাওঁৱেই।

গো— (আঁঠু কাঢ়ি ) প্ৰভু আজি মোৰ অনুৰোধ ৰক্ষা কৰক। (ভৰিত ধৰিব খোজে ও হৰিচৰণে লাথি মাৰি আঁতৰ হয়)।

 প্ৰভু, দয়াময়! মোৰ এনে হেন স্বামীৰ এনে দশা কিয় কৰিলা প্ৰভু। মই পাপিষ্ঠাই এনে কি সেৱা চুৰ কৰিলোঁ যে মোক এনে শাস্তি দিছা। পাপীয়সীক অলপ দয়া কৰাঁ, হে ভগৱান।

(প্ৰস্থান)।

দ্বিতীয় দৃশ্য।

( হীৰালালৰ বৈঠকখানা—গানৰ মজলিচ্)।

( হীৰালাল, ধনেশ্বৰ, জগন্নাথ আৰু দিবাকৰ বহি থাকে; দিবাকৰৰ বাহিৰে আটাইৰে হাতত মদৰ গিলাচ)।

[ ৩৩ ]
 

হীৰা—কিহে দিবাকৰ বাবু, তুমি দেখো পেগ নল’লা?

দিবা—আমি চাটৰহে ভকত। পেগটি আমাৰ কপালত নেলেখিলে। এনেই ভাই পিত্তরুগীয়া তাতে আকৌ আমাৰ ঘৈণীগৰাকী যেনেহে উগ্ৰচণ্ডী পেগৰ গোন্ধ পালেই আনাৰ ভূত খেদাব।

হীৰা—What a coward ! fie ভাই, fie upon you.

দিবা—ভাই, এই বিষয়ত অকল মই কাপুৰুষ নহওঁ; মোৰ পিতা coward, ককা কাপুৰুষ, তস্য ককা আৰু তস্য তস্য ককা-আটাইবিলাকেই কাপুৰুষ। এতিয়ানো মই নকৈ সুপুৰুষ হ'ম কেনেকৈ? মাফ কৰিবা ভাই।

(হৰিচৰণৰ প্ৰবেশ)

আটায়ে—Good evening, Mr. হৰিচৰণ।

হৰি—Good evening to all of you

হীৰা-ভাই, আহোঁতে বেলি কৰিলা দেখোন?

হৰি—মাফ কৰিবা ভাই family-trouble ত পৰি দেৰি হ’ল।

হীৰা—(মদৰ গিলাচ যাচি) এইয়া—এই পেগ whisky টপ্ কৰি খাই লোৱাঁ।

হৰি—বন্ধুসকল, good luck to all of you.

(পান কৰে)।

হীৰা—বন্ধুসকল, ফুৰ্ত্তি কৰাহঁক। আজি আমাৰ বন্ধুবৰ হৰি[ ৩৪ ]
 

চৰণৰ জন্মদিন—সেই উপলক্ষে গান পতা হৈছে, ফূৰ্ত্তি কৰাহঁক।

ধনেশ্বৰ—ধন্য হৰিচৰণ ধন্য, পৃথিবীত তুমিয়েই ধন্য। তোমাৰ সুযশ পৃথিবীময় প্ৰচাৰিত হওক।

জগন্নাথ—গায়িকা সকলৰ আজি সাজ-পাৰ কৰাত ইমান পলম হৈছে কিয়? মই যে একেবাৰে impatient হৈ পৰিছোঁ। হৰিচৰণ তুমিয়েই ধন্য—তুমি নহলে নো বাৰু এই ৫০০শ টকা ৰূপ খৰচ কৰি কোনে এনে গান পাতিলেহেঁতেন? ভাই, দৰাচলতে তুমিয়েই হে পুৰুষ-সিংহ।

দিবাকৰ— নহয়, নহয়—তেওঁ পুৰুষসিংহ নহয়, পুৰুষ-ধুমুহাহে। ধুমুহা বতাহে ধূলা উৰুওৱাদি বাপতীয়া সম্পত্তি তেওঁ ফুঁতে উৰুৱাব লাগিছে নহয়।

জগন্নাথ—এ ভাই, টকানো আকৌ কেনেই?

দিবা—অবশ্যে, তিনিকুৰি মদপী আৰু তিনিকুৰি বেশ্যা পুহিবলৈ নহ'লে টকানো আকৌ কেলেই? লোকে বা বৰ মানুহ বুলিব কিহৰ যহত?

(নৰ্তকীসকলৰ প্ৰবেশ)।

জগন্নাথ—খুব ভাল চাই এটি গান হওক।

গীতঃ—

(তুমি) নাহিবা, নাহিবা, নাহিবা প্ৰিয় হে
যদি আহাঁ সুৰুপ বিচাৰি।

[ ৩৫ ]
 

নাইযে সৌন্দৰ্য, চৰণ দুখানি
 পূজিম কিহেৰে।
(মই) দিনে ৰাতি কায়-বাক্য মনেৰে,
(মই) চিৰ দিন প্ৰেম মহাধনেৰে,
 গোপনে হিয়াৰ তলিতো পৃজিবোঁ।
 মূৰতি তোমাৰে।
(সখা) বাসন্তী কুলিৰ মধুৰ সঙ্গীত
 মধুৰ মলয় সানি,
ভাবৰ আবেশে প্ৰীতি-ফুল সনে।
 সপি দিম হৃদয়খানি।
(যদি) পাহৰি আহাঁ কেতিয়াবা এইতে,
দিম পূজা চকু-লোৰে ভক্তি-পুষ্প সৈতে;
তোমাৰ সুখতে মোৰৰ সুখ সখা
 জীৱনে মৰণে ॥

ধনেশ্বৰ—ক্যা বাত, ক্যা বাত; Bravo, Bravo!

হৰি—(প্ৰত্যেক নৰ্ত্তকীকে ৰূপ দি) “পৃথিবী ছানিয়া, কি দিব আনিয়া, জীবন যৌবন কৰি ক্ষয় ” কি দিলে যে মোৰ সন্তোষ হ’ব ক'ব নোৱাৰোঁ। ‘বাসন্তী কুলি’—আহা কি সুন্দৰ! কি মনোহৰ! কি ভাবময়! কি প্ৰেমময়! গোঁৱা সখীসকল, আকৌ এটি গোঁৱা। [ ৩৬ ]

গীতঃ--
তুমি মোৰ প্ৰাণৰ পোহৰ,
তুমি প্ৰেম-ৰাণী মধু-প্ৰণয়িনী,
 সুখ-গীত মধু বসন্তৰ।
তুমি প্ৰীতি কুসুম-হাৰ,
প্ৰেমিক হিয়াৰ প্ৰেম-পাৰাবাৰ,
 চেচা চাতি মলয়াৰ।
তুমি দূৰ গগণৰ জোন-ৰাণী,
 মোৰ হৃদয়ৰ প্ৰেম-বাণী,
আহাঁ দুখ-হাৰিণী মনোমোহিনী,
 কৰাঁ চেচা হিয়া প্ৰণয়ীৰ॥

জগন্নাথ—কি সুন্দৰ! কেনে মনোহৰ!

ধনেশ্বৰ—তোফা, তোফা।

হৰিচৰণ—বিতোপন—truly grand. The man that hath no music is fit for treasons, stratagems and spoils. তোমালোকৰেই জীবন ধন্য । হোৱাঁ-(হাতৰ আঙ্গঠি সোলোকাই দিব খোজে)।

দিবাকৰ—সেইটি পিতাকৰ হাতৰ বহুমূলীয়া আঙ্গঠী হ’বলা। সেইটি নিদিলে জানো নহয়?

হীৰা—তুমি কি বৰ্ব্বৰ হে? বৰ মানুহে এটা বকচিচ্ দিব ৷ তাত হাক দিয়া কিয় হে? [ ৩৭ ]
 

হৰি—মই দিমেই—এশবাৰ দিম। যাৰ গান শুনি মোৰ “হৃদয়ৰ তলি ফুটি, হুমুনীয়া এটি উঠি, লাহে লাহে হামিত মিলায়” তাক যথাসৰ্ব্বস্ব দিম। পিতাৰ কিয়, চৌধ-পুৰুষৰ আঙ্গঠীও দিম।

দিবা—মাফ কৰিব ডাঙৰীয়া, চৌধ-পুৰুষৰ উপৰি চৌধ পুৰুষো আপোনাৰ বদান্যতা-গুণত উদ্ধাৰ পাব যেন হে দেখিছোঁ।

(এটা জমাদাৰ ও এটা কনিষ্টবলৰ প্ৰবেশ)।

জগন্নাথ—Hallo ভায়া লাল-পাগ্‌ড়ী, আও, আও, বৈঠ। এক ঢোক মাল খাওনা।

কনিষ্টবল—চোপ্ ৰাও। মাতোৱালা হ'কে একদম মেজাজ বিগড় গেয়া হায়, চুপ্ ।

জগন্নাথ—ঔ আই, এইটোৰ দেখোঁ মিজাজ দেখিয়েই ভয় লাগে!

জমাদাৰ—হৰিচৰণ বাবু কোন?

হৰি—মই। কেলেই?

জমাদাৰ—তোমাৰ নামেৰে এখন গ্ৰেপ্তাৰী পৰনা আছে— তোমাক গ্ৰেপ্তাৰ কৰিবলৈ আহিছেোঁ ৷

হৰি—কেলেই, অপৰাধ বা কি?

জমা—সুবল নামেৰে এটা মানুহৰ মূৰৰ খোলা ভঙ্গা বাবে।

হৰি—আতি যাও। হামলোক মৌজমে হায়।

কনিষ্টবল—আৰে এচা বুৰবক্ আদ্‌মিতো হাম কভি দেখা হয় নেই। হুজুৰ, ইস্কো পাক্‌ড়েগা? [ ৩৮ ] জমাদাৰ—হাঁ ৷

(কনিষ্টবলে হৰিচৰণৰ হাতত ধৰে)।

হীৰা—(জমাদাৰৰ ওচৰলৈ গৈ কাণে কাণে কথা পাতে ও হৰিচৰণৰ হাতৰ পৰা ৰূপ পাঁচ টকা লৈ জমাদাৰক দিয়ে।)

জমাদাৰ—ভাল, আহিলোঁ হে এতিয়া। কাইলৈ পুৱা এই কনিষ্টবলটোক পঠাম। লগত জামিনৰ টকা লৈ আহিবা, মই খালাচ দিয়াই দিম।

( সকলোৰে প্ৰস্থান)।

তৃতীয় দৃশ্য।

হৰিচৰণৰ ঘৰ।

(গোলাপী আৰু হৰিচৰণৰ মাক )।

হৰিচৰণৰ মাক—আই অ’ বোৱাৰী, হৰি নো সদায় নিশাৰে নিশাটো দিনৰে দিনটো ক’ত ফুৰে? বাছা মোৰ দিনে-দিনে থীণাই হে যাব লাগিছে। একো নাখায়, দেহি ঐ, কেলেই নো এনে হৈছে! মই বুঢ়া মানুহ পূজা সেৱা কৰোঁতে কৰোঁতে আজৰিকে নাপাওঁ। বাছাক মোৰ দিনটোৰ মূৰত এবাৰো দেখা নেপালে মনটো কেনেবা কেনেবা কৰে। [ ৩৯ ]
 

গোলাপী—এৰা আই, মই অভাগিনীয়ে তুতি-ভক্তি কৰিব নাজানোঁ, সেই দেখিয়েই বাহিৰে বাহিৰে ফুৰে হ’বলা। মইনো কি কৰিম আই, সৰুৰে পৰা একো নিশিকিলোঁ, একোকে নাজানিলোঁ। এতিয়া আই, মোৰ পাপিষ্ঠাৰ দোষতেহে এনে হৈছে হ’বলা।

হ' মা'—নহয়, মোৰ আই, মোৰ লক্ষ্মী,নহয়। আজিকালিৰ লৰাবোৰহে ব-চেৰা। আই অ' তোৰ নিচিনা বোৱাৰী নো কাৰ ভাগ্যত ঘটে? জাত লগাই এক আধ্যা কীৰ্ত্তন পঢ় আই। ভগৱানৰ ইচ্ছা, তেওঁ যি কৰে কৰিব, আমিনো কি কৰিম, মোৰ আই।

(গোলাপীয়ে কীৰ্ত্তন মেলি লৈ অলপ পঢ়ে, এনেতে প্ৰভাকৰৰ প্ৰবেশ, শাহু-বোৱাৰী দুয়ো মূৰৰ কাপোৰ টানি লয়)।

প্ৰভাকৰ—মই বৰ দুখ পাইহে আপোনালোকৰ ওচৰলৈ আহিছোঁ। হৰিচৰণৰ কাণ্ড দেখি শুনি আৰু একো নকৈ থাকিব নোৱাৰাত পৰিছোঁহি। সি আজিকালি এটা ভয়ানক মদপী ও বদমাচ, হৈ উঠিছে। আজি সাদিন মান হ’ল সি মদ থাই এটা মানুহক মাৰি তাৰ মূৰৰ খোলা তাঙ্গি দিছে। সেইবাবে পুলিচত বৰ ডাঙ্গৰ মকৰ্দ্দমা হৈছে। ইফালে নগদ টকা আটাইখিনি যে উৰুৱালেই নে তদুপৰি ধাৰে তাৰ ডিঙিলৈকে পোত নিয়ালে। দুটা নে তিনটা কেঞায়ো হেনো পাঁচ হেজাৰ কি ছ হেজাৰ ৰূপৰ ধাৰৰ কাৰণে মক[ ৪০ ]
 

ৰ্দ্দমা কৰিছে। এতিয়া চাওঁতে চাওঁতেই ঘৰখন উছন যাব যেন হে দেখিছোঁ। মাটি-বাৰী যি আছে তাকে চলালে-কৰালেও ধাৰ-ঋণ পৰিশোধ কৰি কোনোমতে চলিবৰ বাট এতিয়াও আছে, কিন্তু দিনেপতি ন-ন ধাৰ কৰি থাকিলে নো কেনেকৈ? ইফালে মকৰ্দ্দমাতো এতিয়া খৰচ লাগে, ক’ৰ পৰা হয়।

হ' মা'—আমিনো কি কৰিম এতিয়া। তিৰোতা মানুহ ওলাই সোমাই ফুৰিব নোৱাৰোঁৱেই, বন্ধুবান্ধৱৰ ল’ৰা বুলি আপানালোকে ইয়াৰ প্ৰতিকাৰ পাৰে যদি কৰক।

প্ৰভা—পাৰিলে তো প্ৰতিকাৰ কৰোঁৱেই। কিন্তু তাৰ তো একো উপায় নেদেখোঁ। সি যদি মদ-ফটিকা এৰি এতিয়াও অলপ যত্ন কৰে, বোধ কৰোঁ উপস্থিত বিপদটো কাটি যাব পাৰে। ক’তা, তাৰ তো মতি-গতিৰ লৰচৰ হোৱা দেখা নাই।

হ' মা'—আমি নো কি জানোঁ, কি কৰিম? লৰাটি ডাঙৰীয়াই আপোনাকে সঁপি দি গৈছে। বিপদৰ পৰা ৰক্ষা কৰিবলৈ যি পাৰে কৰক।

প্ৰভা—তাকে কৰিবলৈ ৰূপ ক’ত? উকীলে-মুক্তিয়াৰে তো কম টকা নালাগিব।

হ' মা'—ডাঙ্গৰীয়াই অত সম্পত্তি এৰি থৈ গৈছে তাত নো মকৰ্দ্দমা এটাৰ ৰূপ নাপাব নে? হৰিৰ হাতত [ ৪১ ]
 

অৱশ্যে টকা আছে, সি যি টকা লাগে আপোনাক দিব।

প্ৰভা—মোৰ বিশ্বাস তাৰ হাতত একো নাই। তাৰ অৱস্থা দেখি আন কোনোৱে তাক ধাৰেও নিদিয়ে। যি হওক, যি পাৰোঁ কৰিম।

(ঢলি ঢলি গুণ গুণ কৈ গান গাই গাই হৰিচৰণৰ প্ৰবেশ)।

সৌৱা চাওক তাৰ কি অৱস্থা হৈ আহিছে। তাক দেখিলেও মোৰ চকুৰ নোম উঘালিবৰ মন যায়।

হ' মা'—কেলেই নো তেনেকৈ কয়? সিয়েই মোৰ সংসাৰত একেটি ৰতন। বাছাৰ মোৰ কিবা বেমাৰ হৈছে, কেনেকৈ খীণাই গৈছে, শুকাই হাড়ডাল হে মাথোন আছেগৈ।

প্ৰভা—কি অ' হৰি, অলপ স্থিৰ হৈ খোজ দিব নোৱাৰনে?

হৰি—Hallo old booby, O, I beg your pardon uncle; নমস্কাৰ।

প্ৰভা—কটা গৰু বান্দৰ, বান্দীৰ মুতনি খাই কেলেই এনেকৈ বলকিছ?

হৰি—মোক গালি পাৰি একো ফল নাই। কাৰণ মই জানোঁ গালি পাৰিবলৈকে আপোনাৰ অৱতাৰ।

(গোলাপীলৈ চাই) Hallo Desdemona! here is your Othello.

প্ৰভা—হেৰ গৰু শুন; তোৰ ওপৰত এটা ফৌজদাৰী

মকৰ্দ্দমা হৈছে, হয়নে? [ ৪২ ]
 

হৰি—হৈছে, পিচে তাৰ পৰা নো কি হ'ল? My friend হীৰালালে উকীল, মুক্তিয়াৰ, সাক্ষী সকলে ঠিক কৰি থৈছে। হাজিৰ হ'লেই বচ, খালাচ্।

প্ৰভাকৰ—জানিছে পিছে উকীল-মুক্তিয়াৰক টকা দিবি ক'ৰ পৰা কুকুৰ? ঘৰে-দুৱাৰে বেচা যাব দেখোঁ। ঘৰ-দুৱাৰো বন্ধকতহে আছে হ’বলা?

হৰি—অৱশ্যে আছে। মোৰ friend ধনেশ্বৰৰ difficulty হওঁতে ঘৰ বন্ধক দি তেওঁক ২০০০ দুহেজাৰ ৰূপ দিছে।

প্ৰভা—নগদ টকাবিলাক একা?

হৰি-অ’ সেইবিলাক noble purpose ত, বহুত ভাল কামত খৰচ হৈ গৈছে। টকাৰ নিমিত্তে কি ভয়, মোৰ friend বিলাকে যিমান লাগে সিমান টকা দিব। Just see ধনেশ্বৰক ২০০০, হীৰালালক ৪০০০, জগ ন্নাথক ৩০০০ টকা দিছোঁ। মোৰ বিপদত সিহঁতে ডবল দি সহায় কৰিব।

প্ৰভা—বোলোঁ শুনিলে এতিয়া? টকা নিছে—প্ৰথম ধনেশ্বৰে ২০০০ দুহেজাৰ; সি এটা বিখ্যাত গুণ্ডা ও মদপী, চাৰি বেলিমান ফাটক-খাই-অহা। হওঁতে ভাল মানুহৰ লৰাই কিন্তু গোমূৰ্খ, সদায় বেয়া ঠাইত পৰি থাকে। দ্বিতীয় হীৰালাল, ই নিছে ৫০০০, ইয়াৰ ধাৰৰ অন্ত

নাই। ঘৰ-বাৰী তেনেই লিলামত গৈছেই, তদুপৰি [ ৪৩ ]
 

পাওনাদাৰবিলকে গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰি ফুৰিছে। তৃতীয় জগন্নাথ, ই এটা চোৰ; কাষৰ ভিতৰত ভাল পোচাক মৰা, চুৰ কৰা, মদ খোৱা আৰু ফাটক খোৱা। দুবাৰ কি এবাৰ টিকটিকী ও হৈ গৈছে। এনেবিলাক বন্ধু আছে যেতিয়া বাহাদুৰক আৰু কি লাগিছে।

হৰি—মিছা, চব মিছা, defamation, downright insult! বন্ধুৰ অপমান মোৰ চকুৰ আগতে। old food, পাঁজি, begone; নিকাল যাও hence, I say.

হ' মা'-এইটোৱে কি কয় অ’! কটা, তোৰ পিতৃতুল্য হিতাকাঙ্ক্ষী এই জন পুৰুষক এনে কথা ক’লি! তোৰ মুখ দেখিলে ও পাপ হয়।

(এনেতে কনিষ্টবলৰ প্ৰবেশ)।

কনিষ্টবল—বাবু চাহেব, আইয়ে; জামিনকা ৰূপেয়া এক হাজাৰ সাথ মে লি জিয়ে। নেইত হাজমতে ৰহনে হোগা।

প্ৰভাকৰ—মই কৈছোঁ মহয় মকৰ্দ্দমা লাগিছে বুলি। এতিয়া ক’ত পাব নগদ এহেজাৰ টকা ৰূপ।

হৰি—কুচ্ পৰোৱা নেই। চল জী চল আভি হাম হাজাৰ ৰূপেয়া জমা দেঙ্গে।

(হৰি ও কনিষ্টলৰ প্ৰস্থান।

[ ৪৪ ] হ' মা'—সৰ্ব্বনাশ হ'ল দেখোন এতিয়া! হে কাবৌটি কৰিছোঁ

আপুনিও লগতে যাওক।

প্ৰভা—বাৰু ময়ো যাওঁ। পাৰোঁ যদি কিবা এটা উপায় কৰোঁগৈ।

(প্ৰস্থান।)

তৃতীয় অঙ্ক।

larger

হীৰালালৰ ঘৰ।

(হৰিচৰণ আৰু কনিষ্টবল প্ৰবেশ)।

হৰি—(চিঞৰি) ভাই হীৰা! ঘৰত আছানে?

হীৰা—(ভিতৰৰ পৰা) আছোঁ।

(প্ৰবেশ কৰি)

হৰি— কনিষ্টবল ককাই পালেহি হ'বলা? কুচ্ পৰোৱা নাই বাবু, আজি কালি টকাৰ হে কাম। দুহেজাৰমান ৰূপ মোৰ হাতত দিয়া, সকলো ঠিক কৰি দিম।

হৰি—ভাই হীৰা মোৰ হাতত এতিয়া এটকিও নাই। ঘৰ-দুৱাৰ বন্ধক দিয়াৰ পাচত যি এহেজাৰ ৰূপ হাতত আছিল কালিৰ গানতে তাৰ পিনেও তেনেই

খতম হ'ল। এতিয়া যে মই ক'ত ৰূপ পাও তাক [ ৪৫ ]
 

ক'ব নোৱাৰোঁ। ভাই, তোমাক দিয়া টকাৰে এহেজাৰ দি সম্প্ৰতি মোক জামিনত খালাচ কৰি দিয়াঁ।

হীৰা—I am very sorry বন্ধু, really extremely sorry যে এই সময়ত মই তোক help কৰিব নোৱাৰিলোঁ। মোক যি টকা দিছিলা অৱশ্যে দান কৰিছিলা, ধাৰলৈ তো দিয়া নাই।

হৰি—মই ধাৰলৈহে দিছিলোঁ।

হীৰা—You lie, my dear friend, you lie...

হৰি—বাৰু নিজৰ টকা উলিয়াই দি নিজে চোৰ হৈছোঁ। সম্প্ৰতি দান কৰা বুলি ধৰিয়েই মোক ৰূপ এহেজাৰ দি সহায় কৰাঁ। তোমাৰ বিপদৰ দিনত মই যথাসাধ্য, সহায় কৰিলোঁ; মোৰ আপদত এতিয়া তুমি মোক সহায় কৰা উচিত।

হীৰা—ভাই, মোৰ টকা-কড়ি নাই। যদি তুমি টকা দিব পাৰা ময়ো সহায় কৰিব পাৰোঁ। মই কওঁ ঘৈণী য়েৰৰ হাতৰ গহনাখিনি আনা। তাৰে যি হয় বেচি-কিনি মকৰ্দ্দমাৰ খৰচা চলাব পাৰিবা ও বিমলাক দিব খোজা বালাও দিব পাৰিবা।

হৰি—(কনিষ্টবললৈ চাই) বলাঁ, আন এঠাইলৈ যাওঁ। ( হীৰালৈ চাই) কপটীয়া, ভণ্ড, তোক এতিয়াহে চিনিলোঁ। মোৰ কিম্বা মোৰ আন বন্ধুবিলাকৰ লগত [ ৪৬ ] তোৰ friendship ইমানতে শেষ হ'ল-সম্বন্ধ ছিগিল বুলি জানিবি।

( কনিষ্টবল সহ প্ৰস্থান)।

হীৰা—যোৱাঁ, যোৱাঁ। তোমাৰ friendship মই ভাবি value কৰোঁ। Street-beggar, তাতে ইমান ফুটনী।

(প্ৰস্থান)।

দ্বিতীয় দৃশ্য।

ধনেশ্বৰৰ ঘৰ।

(ধনেশ্বৰ ও জগন্নাথ বহি থাকে, হৰিচৰণ ও কনিষ্টবলৰ প্ৰবেশ)।

জগন্নাথ— Hallo ভায়া! সেই কনিষ্টবলটো দেখোন তোমাৰ লগত ফুৰিবই লাগিছে। মই ভাবিছিলোঁ যে তুমি ইমান পৰে safety হাজতত বন্ধ হৈ আছা। ‘শ্ৰীমতাং কুতঃ আপদঃ’ তুমি ধনী মানুহ—ভাগ্যবান, তোমাৰ আপদ ক’ত?

হৰি— নহয়, ভাই মই এতিয়া আৰু ভাগ্যবান ধনী মানুহ নহওঁ। মোৰ নগদ যি আছিল তোমালোকৰ লগত ফূৰ্ত্তি কৰোঁতে আৰু তোমালোকক দিওঁতেই সকলো গৈছে। মাটি-বাৰী, ঘৰ-দুৱাৰো বন্ধকতে আছে। [ ৪৭ ] এতিয়া যদি এহেজাৰ ৰূপ দি সম্প্ৰতি তোমালোকে মোক উদ্ধাৰ নকৰাহঁক, তেন্তে মোৰ আৰু নিস্তাৰ নাই। তোমালোকৰ বিপদত মই সহায় কৰিছিলোঁ, এতিয়া মোৰ বিপদত সহায় কৰাহঁক।

জগ—বন্ধু, তোমাৰ কথাষাৰ শুনি বৰ বেজাৰ পালোঁ। টকানো মই ক’ত পাম? এহেজাৰহে নালাগে এটকাও নাই। তুমি কি কোৱাঁ, ভাই ধনেশ্বৰ?

ধনেশ্বৰ—অৱশ্যে, অৱশ্যে, মোৰো সেই কথা।

হৰি—মোৰ অতবোৰ টকা তোমালাকে নিছা, এতিয়া বিপদত এহেজাৰকে দি সহায় কৰাহঁক।

জগ—ভাই হৰিচৰণ! তোমাৰ অৱস্থা দেখি মোৰ বুকুত শোকে খুন্দিয়া-খুন্দি কৰিব লাগিছে। তোমাৰ দুখত মোৰ প্ৰাণৰ মাজে দি এটা ধুমুহা বৈ গৈছে; কি কৰিম ভাই? “বিপদি ধৈৰ্যম্,” বিপদত ধৈৰ্য্য ধৰাঁ। ফাটকত থাকোঁতেও যেন অলপো অধীৰ নোহোৱাঁ। মই এতিয়া আহোঁ হে, বৰ জৰুৰী কাম আছে। My wishes be with you. Good luck! (প্ৰস্থান)।

ধনে—(কান্দি কান্দি) মোৰ নো হৰি ভায়াৰ কপালত এইহে আছিল। 'অসাৰ সংসাৰ, বল কেবা কাৰ, দাৰা, সুত, বাপ, মা।' ভাই হৰি, সংসাৰ অসাৰ বুলি জানি মন ডাঠ কৰি থাকিবা। যোৱাঁ এতিয়া। Good morning. (ভিতৰলৈ সোমাই যায়)। [ ৪৮ ] হৰি—ভগৱান! এই শিক্ষা সময় থাকোঁতেই নিদিলা কিয় প্ৰভু?

(সকলোৰে প্ৰস্থান)।

তৃতীয় দৃশ্য।

বিমলাৰ ঘৰৰ আগ।

(কনিষ্টবলেৰে সৈতে হৰিচৰণৰ প্ৰবেশ )।

হৰি—বিমল, বিমল!—পাৰুল আছানে?

বিমলা— (ভিতৰৰ পৰা ওলাই আহি) আছোঁ নাথ, আহাঁ। “আমি সাৰাদিন হেথা, ৰহিব বসিয়া, তব পথ-পানে চাহিয়ে” হৈ আছোঁ। (কনিষ্টবলক দেখি উচাপ খাই উঠি) ঔ আই! এইটো কি! ( খঙেৰে) ভাগ, ইয়াৰ পৰা, নহ'লে লগাই দেঙ্গা মৈদাৰ ঘা।

কনিষ্টবল—চুপ্। এইচা বদমাচী আউৰত হাম কভি নাহি দেখা। (আঙ্গুলি জোকাৰি) ফেৰ এচা বাত কহেগা ত তোম্‌কোভি পাকড়্ লে যায়েগা।

বিমলা—নাথ, মোৰ আগতে ই কটা কুকুৰে মোক ইন্‌চেল কৰিলে—“তুমি চাই থাকিলা। 'অসহ্য, অসহ্য; কিহে মোৰ হৃদয়ৰ জুই নুমুৱাব। হায় বসুমতী, ফাট্ দিয়া

পতালে লুকাওঁ। [ ৪৯ ]
 

হৰি—বিমল, অলপ স্থিৰ হৈ মোৰ কথা শুনাঁ। সেই দিনা ৰাতি নিচাৰ কোবত মানুহ এটাক তোমাৰ আগতে কোবাইছিলোঁ নহয়? তাৰ হেনো লাওখোলা ভাগি পৰি আছে। সেই বাবে মোৰ ওপৰত মকৰ্দ্দমা হৈছে। মোৰ যি আছিল—যথাসৰ্ব্বস্ব তোমাকে দিছোঁ। এতিয়া এহেজাৰ টকা নিদিলে মোৰ আৰু মুক্তি নোহো- ৱাত পৰিছেহি। এই সময়ত-মোক ৰক্ষা কৰাঁ।

বিমলা—নাথ, মোৰ যে হাতত এতিয়া পাই এটিয়েই নাই। যি দিছিলা তোমালোকক খুৱাওঁতেই খৰচ হৈ গৈছে।

হৰি—মই দিয়া গহনাবোৰতো আছে? সেইখিনি বন্ধকত দিলে ও হেজাৰ টকা অনায়াসে ততালিকে পোৱা যাব। প্ৰিয়ে, মানুহটো প্ৰাণে বাঁচিলে তোমাৰ গহনাৰ কি ভয়?

বিমলা—নাথ, এতিয়াও তুমি মোক বালা এজোৰ দিব লগীয়া হৈ আছে। মোৰ যে গহনাবোৰ দিলে মই দেখিবলৈ আপচু হ’ম—তেতিয়ানো জীয়াই থাকিবা কেনেকৈ?

হৰি—নহয়, বিমল, নহয়; মোক এই বিপদৰ পৰা ত্ৰাণ কৰাঁ —মই ভৰিত ধৰি মাতিছোঁ।

বিমল—নাথ, 'অত: ভালবাসা, প্ৰাণেৰ পিয়াসা' কেনেকৈ পাহৰিলা?—মই গহনা দিব নোৱাৰোঁ।

কনিষ্টবল—বাবু চাহাব, তেৰা মাফিক বুৰ্ব্বক হাম কভি নাহি দেখা—ৰেণ্ডি কভি ৰূপেয়া দেতা? [ ৫০ ] হৰি—চল্ জী চল্।—মোৰ উপযুক্ত প্ৰায়শ্চিত্ত হ'ল।

(উভয়ৰে প্ৰস্থান)।

বিমল—‘ক’লৈ যোৱাঁ প্ৰাণনাথ চোৱাঁহি এবাৰ’ কি দশা হ’ল আজি বিমলাৰ তোমাৰ। মই এতিয়াই মূৰ্চ্ছা যাম।

(প্ৰস্থান)।

চতুৰ্থ দৃশ্য।

হৰিচৰণৰ ঘৰ।

(গোলাপী ও হৰিচৰণৰ মাক দুয়ো বেজাৰমনে বহি থাকে এনেতে প্ৰভাকৰৰ প্ৰবেশ)।

প্ৰভাকৰ—মই অতি কষ্টে ৫০০৲ পাঁচ শ টকা ৰূপ গোটা- ইছোঁ ৷ আৰু ৰূপ পাঁচ শ হ'লেই তাক জামিনত খালাচ কৰাব পাৰোঁ। সুখত উঠা লৰা, হাজতত চাগৈ বৰ কষ্ট পাব লাগিছে।

গোলাপী—(কান্দি কান্দি) মোৰ গহনা আৰু ভাল ভাল কাপোৰ-কানি আছে তাকে লৈ যাওক। সেই সোপা বেচি-কিনি কোনোমতে দুখুনীক ৰক্ষা কৰক, মোৰ ঈশ্বৰ!

হৰিচৰণৰ মাক—মই কি কৰিম। ল'ৰা মানুহ বেয়াসঙ্গত

পৰি বেয়া হ’ল। তাক নেদেখি আজি মোৰ সংসাৰ [ ৫১ ]
 

আন্ধাৰ যেন লাগিছে। দুষ্ট হ'ল বুলি জানো উলিয়াই খেদাব পাৰোঁ? দুষ্টও পো, শান্তও পো। আপুনি এই অভাগিনী তিৰোতা দুজনীৰ মুখলৈ চাই এই ফেৰা উপকাৰ কৰক।

প্ৰভা—সি যেনে নিৰ্ব্বোধ, নিলাজ তেনে প্ৰতিফল হাতে হাতে পাইছে। পাপৰ যথোচিত পৰাচিত হৈছে। মইনো বোৱাৰীৰ হাতৰ আৰু ডিঙিৰ খাৰু-মণি কেই- ডাল নি কি সতেৰে বন্ধক দি টকা আনিম?

গো—কাৰ নিমিত্তে নো মই আৰু মণি-খাৰু পিন্ধোঁ? কাৰ নিমিত্তে বা প্ৰাণ ধৰিছোঁ? তেখেতক নিৰ্ব্বোধ নুবুলিব, তেখেত যথাৰ্থতে দেৱতাৰ নিচিনা। কোমল হিয়া, শান্ত স্বভাব—দুষ্ট মানুহে চল পাই নিজৰ সুযোগ বুজি যেনি-তেনি ফুচুলাই নিলে আচলতে তেখেতৰ একো দোষ নাই। এইয়া মই মণি-খাৰু এতিয়াই খহাই দিলোঁ। এই হাত-বাকচতো কিছু গহনা আছে; আপুনি তেনেই নিয়ক।

(অলঙ্কাৰ ও হাত-বাকচ প্ৰভাকৰক দিয়ে)৷

প্ৰভা—হায় ভগবান! কি দোষত এনে হেন সতী-সাধ্বীৰ এনে দশা কৰিছা! কোনটো সতেৰে নো মানুহে এইবিলাক লক্ষ্মীৰ পৰা আঁতৰি পিশাচিনীৰ আশ্ৰয় লয়? ধন্য সতী, তুমিয়েই ধন্য। তুমিও নিজ সতীত্বৰ বলতে সাবিত্ৰীয়ে সত্যবানক নতুন জীবন দিয়াৰ দৰে দিব পাৰিব। [ ৫২ ] গো—(কান্দি কান্দি) আয়ে আজি দুদিন পানী এটুপি ও গ্ৰহণ কৰা নাই। বুঢ়া মানুহ, শোকে-তাপে জৰ্জ্জ- ৰিত। মই হিন্দুৰ তিৰোতা, স্বামী মোৰ মুক্তি, পতি মোৰ গতি, প্ৰাণৰ প্ৰাণ মহাপ্ৰাণ। এনে স্বামীৰ নিমিত্তে অকাতৰে প্ৰাণ দিব পাৰোঁ–সামান্য অকিঞ্চিৎকৰ অলঙ্কাৰকেইডাল দিয়াটোনো কি কথা?

প্ৰভা—ভাল, আহিলোঁ বাৰু। (স্বগতঃ ) হে সাধ্বী! তোমাৰ পবিত্ৰ চকুৰ পানীৰেই যে পাপীক উদ্ধাৰ কৰিবা ইয়াত মোৰ ধনিষ্টামানো সন্দেহ নাই।

(সকলোৰে প্ৰস্থান)

চতুৰ্থ অঙ্ক।

প্ৰথম দৃশ্য।

কাছাৰি-ঘৰ।

(হাকিম, উকিল দুজন, টৰণি দুজন, আচামী, ফৰিয়াদী, কনিষ্টবল, ছাপৰাচী, চিৰস্তদাৰ ও প্ৰভাকৰ)।

হাকিম—ইয়াৰ ওপৰত গোচৰ কি?

চিৰস্তদাৰ-গোচৰ ৩২৫ ধাৰা মতে।

হাকিম—চুমাৰি হ'বনে?

চি—নহয়। [ ৫৩ ]
 

হা'—তেন্তে ৩৫২ ধাৰা মতে চুমাৰি বিচাৰ কৰা যাওক।

ফৰিয়াদী-উকীল—নহয় ধৰ্ম্মাবতাৰ, ৩৫২ ধাৰামতে এই মকৰ্দ্দমা বিচাৰ হ'ব নোৱাৰে। মানুহটোৰ মূৰ ফাটি গৈ আজি এমাহমান হাস্পতালত পৰি আছে।

আচামী-উকীল—Case 352 ত বিচাৰ হোৱাই উচিত। কাৰণ, এইটো drunken street brawl, দুয়ো পক্ষৰে দোষ আৰু হাস্পতালত ১০ দিনতকৈ সৰহ দিন থকা নাই।

ফ' উ—এইটো যদি ৩৫২ ধাৰামতে হয় তেন্তে সংসাৰত ৩২৫ ধাৰাৰ মকৰ্দ্দমা আৰু কেতিয়াও নহয়।

হা'—Kee quiet. Don't you see it is a case of simple assault?

ফ' উ— No sir, 324 or 325 ত regular বিচাৰ হওক। নহ'লে বৰ injustice হ’ব।

হা'—what? এইটো এটা simple case. ৩৫২ ধাৰা- মতে বিচাৰ কৰিলে injustice হ’ব?

ফ' উ'—নিশ্চয় injustice হ’ব। আদালতে আইনখন খুলি চালেই এই কথা বুজিব পাৰিব।

আ' উ'—থোৱাঁ, থোৱাঁ; আদালতকনো তুমি ইমান মূৰ্খ পালানে? এইটো অপৰাধতো আকৌ আইন চাব লাগেনে?

হা'—Keep quiet. মোৰ আইন জনা আছে। আপত্তি

হয় আপীল কৰিব পাৰা । (আচামী ও ফৰিয়াদীলৈ [ ৫৪ ]
 

চাই) এই মকৰ্দ্দমা ৩৫২ ধাৰাত মিট্‌মাত কৰিবিতো মিট।

ফ'উ'—দোহাই ধৰ্ম্মাবতাৰ, এইটো মিটমাতৰ যোগ্য মকৰ্দ্দমা নহয়।

আ উ—ভাল, আমি হ'লে মিটিবলৈ ৰাজি আছোঁ ৷ বাহি- বলৈ গ'লে এই বিষয়ে party এ মীমাংসা কৰিব পাৰে।

হা—বাহিৰলৈ যা দুয়োপক্ষ।

( দুয়োপক্ষ বাহিৰলৈ ওলায়, লগে লগে চিৰস্তদাৰ, টৰণি, কনিষ্টবল ও ছাপ্ ৰাচীও আহে )।

ফ' টৰণি—সুবল বাবু, আমাক ৫০০ শ টকা নিদিলে কেতিয়াও নিমিটিবা।

আ' টৰণি—হৰি বাবু, আমাৰ ৫৲ পাঁচ টকাৰ ওপৰ নিদিব।

ফ' ট—কি এনে কথা, একো ভয়নাই; সুবল বাবু হাকিমৰ আফিডেভিট দি শ্ৰীশ বাবুক উকিল ধৰোঁ; আজিয়েই মকৰ্দ্দমা খাৰিজ কৰাম নহয়। দিয়াঁ, দিয়াঁ—পাতৰ বাবে ৶০, আৰু টিকটৰ বা ২৲, আৰু উকীলৰ ফিছ্ ১৫৲ টকা এতিয়াই দিয়াঁ। কি চাই আছাঁহে? শ্ৰীশ বাবুৱে পালে এই মকৰ্দ্দমা বান্দৰে কল খোৱাদি বখলা-বখলে খাব নহয়। দিয়াঁহে-টকা দিয়াঁ। মিছাতে সময় যাব লাগিছে।

(সুবলে টকা দিয়ে ও মহৰিৰ প্ৰস্থান)।

[ ৫৫ ]
 

চিৰস্তদাৰ—বুজিছানে সুবল বাবু, সেই বলিয়াটোক মিছাতে অতবোৰ টকা দিলা। তাতকৈ মোক যদি ২০৲ কুৰি টকামান দিলাহেঁতেন, হাকিমক একাষাৰ কৈ মক- ৰ্দ্দমা জয় কৰি দিলোহেঁতেন।

সুবল—মোৰ মূৰ ভাঙ্গিলতো মস্তিস্ক বিকৃত হোৱা নাছিল। এতিয়া শগুণবোৰৰ ঢোঁহনিত পৰি মগজো বেয়া হ'ল।

আ' ট'—চিৰস্তদাৰ বাবু এইতে আহক।

চিৰ—(ওচৰ চাপি) কি?

আ' ট'— (মনে মনে টকা দি) আগেয়ে ৫৲ পাঁচ টকা দিছোঁৱেই, এতিয়া আকৌ ৫৲ পাঁচ টকা দিলোঁ; —অলপ চাব।

চিৰ-অৱশ্যে, অৱশ্যে, একো ভয় নকৰিবা।

হৰি— (সুবলৰ হাতত ধৰি) ভাই সুবল, মই বৰ অন্যায় কাম কৰিছোঁ। মোহত অন্ধ হৈ ৰাগীৰ জোঁকত মিছাতে তোমাক অপমান কৰিলোঁ। ক্ষমা কৰিবা নে?

সুবল—তুমি মোক যি মাৰ মাৰিছাঁ এনে উড়া কথা আষাৰতে তাৰ প্ৰতিকাৰ হয় নে?

হৰি—কি কৰিব লাগে কোৱাঁ। যদি কোৱাঁ, মই হাকিমৰ আগতে এতিয়াই সকলো স্বীকাৰ কৰিম। মদ আৰু

অন্যায় কামত মোৰ যথাসৰ্বস্ব গৈছে। জামিন দিব [ ৫৬ ]
 

নোৱাৰি ৩ দিন হাজত খাটিছোঁ। মকৰ্দ্দমালৈ একো ভয় কৰা নাই; ফাটকতো মোৰ হোৱাই উচিত। তাৰ নিমিত্তে অকণো দুখ নকৰোঁ। কেৱল মই এই বাবে দুঃখিত যে তোমাৰ নিচিনা মানুহ এজনক অনৰ্থক অপমান কৰিলোঁ। তাৰ কি প্ৰতিকাৰ হ’ব পাৰে কোৱাঁ। যি তিৰোতাক মই মদত ধৰি আৰু বেয়া সংসৰ্গত পৰি লাঞ্ছনা কৰিছোঁ, অত্যাচাৰ কৰিছোঁ, সেই তিৰোতাই বিধবাৰ দৰে তাইৰ গাৰ সকলো গহনা সোলোকাই বন্ধক দি ৫০০৲ টকাৰ জামিন দিছে। কোনটো সতেৰে নো মই সেই টকা খৰচ কৰিম? মোৰ টকা নাই; লাগে তোমাক বন্ধা-খত দিওঁ—ফাটকৰ ভয়ত নহয়, কিন্তু তোমাৰ প্ৰতি যি অন্যায়াচৰণ কৰিলোঁ তাৰ বাবে।

সুবল—এই অনুতাপ যদি সঁচা হয় তেন্তে মই এতিয়াই মকৰ্দ্দমা এৰি দিওঁ। ই যে সঁচা তাৰ প্ৰমাণ কি?

প্ৰভা—এই অনুতাপ সঁচা। কাৰণ যিবিলাক বন্ধুক ভাল দিনত ই হেজাৰ হেজাৰ টকা দিছিল, সেই সকলে এই বিপদৰ দিনত ইয়াক ফুটা কড়ি এটাও দি সহায় নকৰিলে। যি জনী তিৰোতাই ইয়াৰ সৰ্বস্ব লুটিলে সেইজনীয়ে ইয়াক পইচা এটিৰেও সহায় নকৰিলে।

সুবল—যদি মই মাৰ খোৱাৰ পৰা এনেটো উপকাৰ সাধিত হয়, তেন্তে এওঁৰ মাকৰ আৰু পতিপ্ৰাণা পৰিবাৰৰ [ ৫৭ ] মুখলৈ চাই মই এই মকৰ্দ্দমা এৰিলোঁ। মই এনে পাষণ্ড নহয় যে সতীৰ গাৰ গহনা বন্ধকত থৈ পোৱা টকা ল'ম। নিশ্চয় জানিবা হৰিচৰণ! আজি সতীৰ মহিমাতে তোমাৰ মুক্তি হ'ল। কি আশ্চৰ্য্য! মানুহে এনে মূৰ্ত্তিমতী, পুণ্যৱতী তিৰোতা এৰি অধৰমী পাপ-মূৰ্ত্তি তিৰোতাবিলাকৰ সঙ্গ বেচি পছন্দ কৰে।

(আটাইবিলাক হাকিমৰ ওচৰ চাপে)।

হা'—কি মিটমাত হ'ল নে?

সুবল—হয় হজুৰ, আমি মিটমাত কৰিলোহঁক। মকৰ্দ্দমা ডিচ্‌মিচ্ হওক।

(সকলোৰে প্ৰস্থান)।

দ্বিতীয় দৃশ্য।

হৰিচৰণৰ ঘৰৰ আগ।

(এফালে প্ৰভাকৰ ও হৰিচৰণৰ, আনফালে দিবাকৰৰ প্ৰবেশ )।

দিবা—কি বাবু, মকৰ্দ্দমাত হেনো জয় হ'ল? এতিয়া এটা party ৰ বন্দবস্ত হওক।

হৰি-দিবাকৰ, মোক আৰু ঠাট্টা নকৰিবা। ইয়াৰ আগেয়ে [ ৫৮ ]
 

যিবিলাক ঠাট্টা সজভাবেৰে কৰিছিলা, মই বুজিব নোৱাৰিছিলোঁ; এতিয়া বঢ়িয়াকৈ বুজিছোঁ। মোৰ অতীত জীবন এটি দুঃস্বপ্ন, এটি ঘোৰ বিভীষিকা। টকা-কড়ি গ’ল হয় কিন্তু জীৱনত বেচ, শিক্ষা হ'ল। আৰু সেই শিক্ষাৰ ফলত আজি নতুন জনম লাভ কৰিলোঁ। তুমি যে মোৰ প্ৰকৃত হিতাকাঙ্ক্ষী মই এতিয়াহে বুজিছোঁ।

প্ৰভা—নাই আৰু আগৰ হৰিচৰণ নাই। এতিয়া ইয়াৰ সম্পূৰ্ণ পৰিবৰ্ত্তন হৈ গৈছে। লাজ খাকিলে আৰু তেনে কৰিব নেপায়।

দিবা—শুনি বৰ সন্তোষ পালোঁ। ডাঙৰ মানুহৰ ল'ৰা, এনেখন বলিয়ালি তোমাৰ শোভা নাপায়। টকা- কড়িৰ বাবে একো দুখ কৰিব নালাগে। যিখিনি সম্পত্তি আছে এতিয়াও ভালকৈ চলালে-কৰালে আকৌ টকা হ'ব।

(গোলাপী ও হৰিচৰণৰ মাকৰ প্ৰবেশ।

হৰিচৰণে মাকক প্ৰণাম কৰে)।

হ' মা'—(কান্দি কান্দি) হৰি, দুখুনী বুঢ়ী মাৰৰ মনত যেন এনে দুখ আগলৈ আৰু নিদিয়। মোক মৰিবৰ দিনত সুখেৰে মৰিবলৈ দে। দুবেলা ঈশ্বৰৰ নাম লৈ তহঁ

তকে আশীৰ্ব্বাদ কৰি থাকোঁ—এনে স্থলত যে এনে[ ৫৯ ]
 

কুৱা হয় মোৰ দুৰ্ভাগ্যৰ ফল। মই আগেয়ে একো জনা নাছিলোঁ, এতিয়া সকলো কথা শুনিছোঁ।

(বোৱাৰীয়েকৰ হাতত ধৰি হৰিৰ হাতত লগাই দি)

এনে এটি দেৱকন্যা ঘৰত থাকোঁতে তই কেলেই এনেকৈ ফুৰ। এইটি হিন্দুৰ ঘৰৰ বোৱাৰী; এইটি সীতা, সাবিত্ৰীব আদৰ্শ লৈ ডাঙৰ হোৱা ছোৱালী, এইটি এটি মহাৰত্ন। বাপেক-মাকে এবাৰ তোক সঁপি দিছিল, আজি আকৌ মই তোক হাতে-হাতে সপিলোঁ। নিশ্চয় জানিবি এইটিক যদি তই অনাদৰ কৰ, তোৰ কোনো কালে কল্যাণ মাই। সংসাৰৰ ক'ত—কোন দেশত এনে ৰত্ন ওপজে ক’ব পাৰনে? হতভাগ্য হিন্দুৰ দেশত যদি এতিয়াও কিবা ভাল, কিৱা পৱিত্ৰ, কিবা সুন্দৰ আছে তেন্তে হিন্দু ধৰ্ম্মনিষ্ঠা “ গৃহলক্ষী ”!

হৰি—আই, আপোনাৰ পবিত্ৰ চৰণত ধৰি শপত খাইছোঁ, মই আজিৰ পৰা সকলো কু-অভ্যাস এৰিলোঁ। আপোনাৰ আজ্ঞা শিৰোধাৰ্য্য। যদি মই আপোনাৰ বাক্য কেই- আষাৰ পালন নকৰো মোৰ অনন্ত নৰকত বাস হ'ব।

হ' মা'—বিপদৰ বন্ধু তোৰ পিতৃতুল্য সেইজনক প্ৰণাম কৰি ক্ষমা খোজ। মোৰ আগতে তেখেতক তই বহুত

কু-বচন বুলিছ। [ ৬০ ]
 

হৰি—(প্ৰভাকৰৰ ভৰিত ধৰি) খুড়াদেও! মই ক্ষমা পাবৰ যোগ্য নে? এই পাপৰ যে কি পৰাচিত হ’ব পাৰে মই নাজানোঁ।

প্ৰভা—উঠা, বোপাই, উঠা। বেয়া সঙ্গত পৰি বেয়া হৈছিলাঁ; বুঢ়া বয়সত মোৰ প্ৰাণৰ বন্ধু সোমেশ্বৰৰ ল'ৰা এনে বেয়া হোৱা দেখি বৰ দুখ পাইছিলোঁ। এতিয়া তোমাক ভাল হোৱা দেখিলোঁ। সেয়েই যথেষ্ট পুৰস্কাৰ। বোপাই তোমাৰ মাৰাৰ কথা কেইষাৰ মনত ৰাখিবা। সৌৱা চোৱাঁ। তোমাৰ সতী পত্নী-হাতৰ কাণৰ খহাই দিছে তথাপি কেনে সুন্দৰী! সতীত্বৰ তেজত কেনে গৌৰবময়ী! তেওঁক অনাদৰ নকৰিবা —কৰিলে দেৱতা অসন্তুষ্ট হ’ব।

(গোলাপী ও হৰিচৰণত বাজে সকলোৰে প্ৰস্থান।

হৰি—গোলাপী! মোৰ পাপৰ কিবা পৰাচিত আছেনে? যিদিনা মোৰ এই পাপ-ভৰিৰে সতীৰ গাত লাগি মাৰি যাওঁ সেইদিনাই মোৰ অধোগতি মিলিল। প্ৰিয়তমে, তোমাক কত অত্যাচাৰ কৰিলোঁ তাৰ সীমা নাই। শাৰীৰিক কষ্ট,—মানসিক কষ্ট কত দিলোঁ। এতিয়া এই পাপীৰ নিমিত্তেই তোমাৰ গাৰ যি- বিলাক অলঙ্কাৰ তাকে সোলোকাই দিলাঁ। মই যে কোনটো লাজেৰে এতিয়াও তোমাৰ আগত থিয় দি

আছোঁ ক’ব নোৱাৰোঁ। [ ৬১ ]
 

গোলাপী—প্ৰভু, আপুনি মিছাতে বেজাৰ কৰিছে। আপুনি- য়েই মোৰ জীৱনৰ প্ৰধান অলঙ্কাৰ। আপোনাক ঈশ্বৰে সুমতি দি মোক ফিৰাই আনি দিছে, তাৰ নিমিত্তে যে অকাতৰে জীৱন দিব পাৰোঁ প্ৰভু। অলঙ্কাৰ অতি সামান্য বস্তু। আপোনাৰ মুখত একাষাৰ ভাল কথা শুনিলেই মোৰ জীৱন ধন্য যেন পাওঁ। আপুনি মোহবশত এটি লাথি মাৰিছিল, তাৰ পৰা কি হ’ল। আপুনি কিমান দয়ালু। মোৰ নিচিনা কত শত তিৰোতা আছে—সিহঁত কত অভাগিনী। দিনে ৰাতিয়ে মাৰ কিল খাই কত যন্ত্ৰণা ভুগিব লাগিছে। প্ৰভু, মই আপোনাৰ মনৰ জোখায় হ’ব জনা নাই সেই বাবে মইহে ক্ষমাৰ পাত্ৰী।

হৰি—ধন্য সতী ধন্য! আজিহে বুজিলোঁ। সাবিত্ৰীয়ে কি দৰে সত্যবানৰ জীবন দিলে। আজিহে বুজিলোঁ সতীত্বৰ কি তেজ! আজি মই অতি দুখীয়া; কিন্তু যাৰ ঘৰত এনে সাধ্বী তিৰোতা আছে, তাৰ পক্ষে ঐশ্বৰ্য্য অতি অকিঞ্চিতকৰ। নাটক-নভেল পঢ়ি তাৰ আচল সাৰভাগ নলৈ, আচল উদ্দেশ্য নুবুজি তাতে বেয়া সঙ্গত পৰি মই পশুতকৈও অধম হৈ- ছিলোঁ। ভগৱান! ধন্য তুমি যে আজি মোৰ সেই মোহ দূৰ কৰিলা। সকলোৰে জনা উচিত যে মদ আৰু অসৎসঙ্গ সকলে সৰ্ব্বনাশৰ মূল। সংসাৰৰ [ ৬২ ] নানান্‌ চিন্তাত মানুহ এনেয়ে পাগল, তাতে আকৌ মদ পেটত পৰিলে পাগলামিৰ সীমা নেথাকে। লগে লগে দুৰ্দ্দশাৰো সীমা নাইকিয়া হয়। হতভাগ্য হিন্দুস্থানখন এই মদ, কানি ইত্যাদি নিচাই একেবাৰে সৰ্ব্বনাশ কৰিলে। হে প্ৰভু, মোৰ নিচিনা হতভাগা পাপীবিলাকক উদ্ধাৰ কৰাঁ। দুৰ্কপলীয়া হিন্দুজাতিকো ইয়াতে কওঁ যেন তিৰোতাবিলাকৰ প্ৰতি শ্ৰদ্ধাপৰ হয়। যদি এই পতিত জাতিৰ কেতিয়াবা উদ্ধাৰ হয় তেন্তে সি কেৱল এই ধৰ্ম্মপ্ৰাণা, পতিব্ৰতা, তেজস্বিনী “গৃহলক্ষ্মী” সকলৰ পৰা!


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)