পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাখুটি, দুখীয়াৰ সম্বল, জাৰৰ কম্বল, মোৰ জীৱন এতিয়া তুমিময়। তুমি ভিন্ন মোৰ আৰু একোৰে দৰকাৰ নাই। তুমি যোক যি দিলে তোমাৰ সন্তোষ হয় তাকে দিব পাৰা। মই তোমাৰ চকুত ভাল দেখা হবলৈ এক চেট অলঙ্কাৰ, থাকিবলৈ এটি টিনৰ ঘৰ, পিন্ধিবলৈ পাট-মসন্দাৰ আৰু খাবলৈ, তোমাৰ উপযুক্ত মতে থোৰাকি এই খিনি লৈ কোনোমতে তোমাক দেখিবলৈ জীয়াই থাকিলেই মোৰ হল। মোক নো আৰু আন বস্তু কেলেই?

গীত:—

আৰে মেৰে প্যাৰি,
তুহামাৰি হাম তুহাৰি,
তুবিনে জান হাম কেইচে দিন গুঁজাৰি।
তুহামাৰি দেল‌্‌খোচ্‌,
তুহামাৰি পা পোচ,
তুহামাৰি গৰম গোচ্,
হাম তোহাৰি তু হামাৰি।

হৰি—মই কত আছোঁ, স্বৰ্গত নে পৃথিবীত?

বিম—পৃথিবীত নাথ, পৃথিবীত। মোৰ ঘৰত, তোমাৰ বিমলৰ ঘৰত ৷

হৰি—বিমল, “তোমাৰ প্ৰেমত পমি গলোঁ যেনে পানীত লোণ; সত্যে কোৱাঁ প্ৰাণপ্ৰিয়ে কোন তোমাৰ আপোন”।