পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৩০ ]

 

গোলাপী—এৰা আই, মই অভাগিনীয়ে তুতি-ভক্তি কৰিব নাজানোঁ, সেই দেখিয়েই বাহিৰে বাহিৰে ফুৰে হ’বলা। মইনো কি কৰিম আই, সৰুৰে পৰা একো নিশিকিলোঁ, একোকে নাজানিলোঁ। এতিয়া আই, মোৰ পাপিষ্ঠাৰ দোষতেহে এনে হৈছে হ’বলা।

হ' মা'—নহয়, মোৰ আই, মোৰ লক্ষ্মী,নহয়। আজিকালিৰ লৰাবোৰহে ব-চেৰা। আই অ' তোৰ নিচিনা বোৱাৰী নো কাৰ ভাগ্যত ঘটে? জাত লগাই এক আধ্যা কীৰ্ত্তন পঢ় আই। ভগৱানৰ ইচ্ছা, তেওঁ যি কৰে কৰিব, আমিনো কি কৰিম, মোৰ আই।

(গোলাপীয়ে কীৰ্ত্তন মেলি লৈ অলপ পঢ়ে, এনেতে প্ৰভাকৰৰ প্ৰবেশ, শাহু-বোৱাৰী দুয়ো মূৰৰ কাপোৰ টানি লয়)।

প্ৰভাকৰ—মই বৰ দুখ পাইহে আপোনালোকৰ ওচৰলৈ আহিছোঁ। হৰিচৰণৰ কাণ্ড দেখি শুনি আৰু একো নকৈ থাকিব নোৱাৰাত পৰিছোঁহি। সি আজিকালি এটা ভয়ানক মদপী ও বদমাচ, হৈ উঠিছে। আজি সাদিন মান হ’ল সি মদ থাই এটা মানুহক মাৰি তাৰ মূৰৰ খোলা তাঙ্গি দিছে। সেইবাবে পুলিচত বৰ ডাঙ্গৰ মকৰ্দ্দমা হৈছে। ইফালে নগদ টকা আটাইখিনি যে উৰুৱালেই নে তদুপৰি ধাৰে তাৰ ডিঙিলৈকে পোত নিয়ালে। দুটা নে তিনটা কেঞায়ো হেনো পাঁচ হেজাৰ কি ছ হেজাৰ ৰূপৰ ধাৰৰ কাৰণে মক-