পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৩ ]

 

হৰি—হৈছে, পিচে তাৰ পৰা নো কি হ'ল? My friend হীৰালালে উকীল, মুক্তিয়াৰ, সাক্ষী সকলে ঠিক কৰি থৈছে। হাজিৰ হ'লেই বচ, খালাচ্।

প্ৰভাকৰ—জানিছে পিছে উকীল-মুক্তিয়াৰক টকা দিবি ক'ৰ পৰা কুকুৰ? ঘৰে-দুৱাৰে বেচা যাব দেখোঁ। ঘৰ-দুৱাৰো বন্ধকতহে আছে হ’বলা?

হৰি—অৱশ্যে আছে। মোৰ friend ধনেশ্বৰৰ difficulty হওঁতে ঘৰ বন্ধক দি তেওঁক ২০০০ দুহেজাৰ ৰূপ দিছে।

প্ৰভা—নগদ টকাবিলাক একা?

হৰি-অ’ সেইবিলাক noble purpose ত, বহুত ভাল কামত খৰচ হৈ গৈছে। টকাৰ নিমিত্তে কি ভয়, মোৰ friend বিলাকে যিমান লাগে সিমান টকা দিব। Just see ধনেশ্বৰক ২০০০, হীৰালালক ৪০০০, জগ ন্নাথক ৩০০০ টকা দিছোঁ। মোৰ বিপদত সিহঁতে ডবল দি সহায় কৰিব।

প্ৰভা—বোলোঁ শুনিলে এতিয়া? টকা নিছে—প্ৰথম ধনেশ্বৰে ২০০০ দুহেজাৰ; সি এটা বিখ্যাত গুণ্ডা ও মদপী, চাৰি বেলিমান ফাটক-খাই-অহা। হওঁতে ভাল মানুহৰ লৰাই কিন্তু গোমূৰ্খ, সদায় বেয়া ঠাইত পৰি থাকে। দ্বিতীয় হীৰালাল, ই নিছে ৫০০০, ইয়াৰ ধাৰৰ অন্ত নাই। ঘৰ-বাৰী তেনেই লিলামত গৈছেই, তদুপৰি