পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৮ ]

মুখলৈ চাই মই এই মকৰ্দ্দমা এৰিলোঁ। মই এনে পাষণ্ড নহয় যে সতীৰ গাৰ গহনা বন্ধকত থৈ পোৱা টকা ল'ম। নিশ্চয় জানিবা হৰিচৰণ! আজি সতীৰ মহিমাতে তোমাৰ মুক্তি হ'ল। কি আশ্চৰ্য্য! মানুহে এনে মূৰ্ত্তিমতী, পুণ্যৱতী তিৰোতা এৰি অধৰমী পাপ-মূৰ্ত্তি তিৰোতাবিলাকৰ সঙ্গ বেচি পছন্দ কৰে।

(আটাইবিলাক হাকিমৰ ওচৰ চাপে)।

হা'—কি মিটমাত হ'ল নে?

সুবল—হয় হজুৰ, আমি মিটমাত কৰিলোহঁক। মকৰ্দ্দমা ডিচ্‌মিচ্ হওক।

(সকলোৰে প্ৰস্থান)।

দ্বিতীয় দৃশ্য।

হৰিচৰণৰ ঘৰৰ আগ।

(এফালে প্ৰভাকৰ ও হৰিচৰণৰ, আনফালে দিবাকৰৰ প্ৰবেশ )।

দিবা—কি বাবু, মকৰ্দ্দমাত হেনো জয় হ'ল? এতিয়া এটা party ৰ বন্দবস্ত হওক।

হৰি-দিবাকৰ, মোক আৰু ঠাট্টা নকৰিবা। ইয়াৰ আগেয়ে