পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নেই। ৰোজ ৰোজ ৰাস্তামে বমি আউৰ্ ময়লা কৰ্‌তা চালালোক ঘৰ্‌মে আপ্‌না কাম কৰওৱ নেহি, মৰ্‌‌তা হায়" ৰাস্তাকা উপৰ্। কভি মিলেগা তো ঝাড়ু মাৰ্‌কে উচ্‌লোককো তবিয়ত্ ঠিক কৰ্ দেঙ্গে।

(সুবল আৰু দিবাকৰৰ প্ৰবেশ।)

সুবল— কি হ’ল অ'মিতা? এই খন কাক গালি শপিছ?

মেতৰ— দেখিয়ে বাবু চাহেব, এক ৰোজ নেই দুৰোজ নেই বদ্ মাচ্ লোক ৰোজ ৰোজ ৰাস্তা ময়লা কৰ্‌তা হায়। মিউনিচিপেল্‌কা বাবুলোক ৰাস্তা ময়লা দেখ্‌নেচে ফেৰ্ হামাৰা জন‌্মানা হো যায়েগা। চব্ ৰাস্তামে যেতনা পাথৰ নিকালকে হায় উচমে এইচব চাফ্ কৰ্ নাভি বহুত মুস্কিল হায়। মিউনিচিপেল্‌কা বাবুলোক মেতৰকা উপৰ্ ভাৰি ওস্তাদ্ ৰাস্তাচব্ বেমেৰামত্‌মে ৰহেগা উচ্‌মে নজৰ নেহি, লেকিন্ থোৰা কচুৰ্‌মে মেতৰকা চাজাই।

সুবল— হয় অ’ মিতা ঠিক কৈছ। এনেই বাটবোৰত শিলবিলাকে যেনেকৈহে দাঁত চেলাই আছে তাৰ তাপতে খোজ দিবকে নোৱাৰি তাতে কেটামান হতভাগা মদপীয়ে এইদৰে দিনে দিনে বাট বেয়া কৰিলে মানুহ অহা-যোৱা কৰিব কেনেকৈ?

দিবাকৰ— মাতোৱাল কেটা নো কোন?