পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৫২ ]

 

গোলাপী—প্ৰভু, আপুনি মিছাতে বেজাৰ কৰিছে। আপুনি- য়েই মোৰ জীৱনৰ প্ৰধান অলঙ্কাৰ। আপোনাক ঈশ্বৰে সুমতি দি মোক ফিৰাই আনি দিছে, তাৰ নিমিত্তে যে অকাতৰে জীৱন দিব পাৰোঁ প্ৰভু। অলঙ্কাৰ অতি সামান্য বস্তু। আপোনাৰ মুখত একাষাৰ ভাল কথা শুনিলেই মোৰ জীৱন ধন্য যেন পাওঁ। আপুনি মোহবশত এটি লাথি মাৰিছিল, তাৰ পৰা কি হ’ল। আপুনি কিমান দয়ালু। মোৰ নিচিনা কত শত তিৰোতা আছে—সিহঁত কত অভাগিনী। দিনে ৰাতিয়ে মাৰ কিল খাই কত যন্ত্ৰণা ভুগিব লাগিছে। প্ৰভু, মই আপোনাৰ মনৰ জোখায় হ’ব জনা নাই সেই বাবে মইহে ক্ষমাৰ পাত্ৰী।

হৰি—ধন্য সতী ধন্য! আজিহে বুজিলোঁ। সাবিত্ৰীয়ে কি দৰে সত্যবানৰ জীবন দিলে। আজিহে বুজিলোঁ সতীত্বৰ কি তেজ! আজি মই অতি দুখীয়া; কিন্তু যাৰ ঘৰত এনে সাধ্বী তিৰোতা আছে, তাৰ পক্ষে ঐশ্বৰ্য্য অতি অকিঞ্চিতকৰ। নাটক-নভেল পঢ়ি তাৰ আচল সাৰভাগ নলৈ, আচল উদ্দেশ্য নুবুজি তাতে বেয়া সঙ্গত পৰি মই পশুতকৈও অধম হৈ- ছিলোঁ। ভগৱান! ধন্য তুমি যে আজি মোৰ সেই মোহ দূৰ কৰিলা। সকলোৰে জনা উচিত যে মদ আৰু অসৎসঙ্গ সকলে সৰ্ব্বনাশৰ মূল। সংসাৰৰ