পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৯ ]

 

প্ৰভা—হেৰ, হেৰ, এইখন কি বলিয়ালি কৰিছ হোঁ? ঘৰত লক্ষ্মীৰ নিচিনা বোৱাৰী থাকোতে কেলেই ৰাতিৰে ৰাতিটো অনাই-বনাই ফুৰ হোঁ?

হৰি—False, false, চব ঝুঠা। প্ৰাণৰ অপৰিসীম হেঁপাহ, অকৃত্ৰিম ভালপোৱাৰ তৃষ্ণা, sincere yearnings of love satisfy কৰিবৰ নিমিত্তে ফুৰিছিলোঁ। “জীৱনৰ অমিয়া বিচাৰি”; অনাই বনাই ফুৰা নাই।

প্ৰভা—কটা, এইটো এতিয়াও মতলীয়া হৈ আছে হবলা। মোৰ আগত নো তই অলপ ভালকৈ কথা কব নোৱাৰনে?

হৰি—I beg your pardon uncle; মোৰ দোষ নধৰিব। Sentiment স্বৰূপ বাৰুদৰ জোৰত মোৰ হৃদয়স্বৰূপ bomb একেবাৰে ফাটোঁ ২ হৈ আছে। সেই দেখি মোৰ doings অৰ সম্বন্ধে কোনো কথা ওলালেই ভাববোৰ কথাস্বৰুপে হো হো কৰে মুখেৰে ওলাবলৈ ধৰে ৷

প্ৰভা—হেৰ, তইনো আকৌ কি এনে ভাবৰ খুন্দিয়াখুন্দিত পৰিছ?

হৰি—ভালপোৱা, ভালপোৱা, true love. মোৰ হৃদয় ভালপোৱাময় হৈ গৈছে। কিন্তু তাৰ return নেপালে প্ৰাণ ধৰ্ ফৰ্ কৰে, মন হুহু কৰে। তেতিয়া কলৈ গলে ভালপোৱাৰ প্ৰতিদান পাম সেই চিন্তাত মন ব্যাকুল হয়।