পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভিতৰৰ ভাজবিলাক খুন্দিয়া-খুদি কৰি থাকতা। পিছে বতিয়াই উকিয়াইকে মুখচে সেইবিলাক উলিয়াই দেতা। তোম্ কিয়া বুজিবিৰে গৰু?

মে—বাবু এইচা গালি ফেৰ দেনেচে (জাড়ু তোলে)

 (দিবাকৰৰ পলায়ন )।

সুবল—নহয় মিতা, নহয়; সেই বাবু বদ্‌মাচ নহয়। তেওঁ বৰ ধেমেলীয়া, ফুৰ্ত্তিবাজ—চম্‌জা? লেকিন্ মাতোয়াল কেইটাক পানেচে দিবিনা এক ঘ লগাই।

(প্ৰস্থান)

তৃতীয় দৃশ্য।

বিমলাৰ ঘৰ।

(হীৰালাল, হৰিচৰণ আৰু বিমলা বহি থাকে)।

হীৰা— বাঃ বাঃ কি শুভ মিলন! কি অপূৰ্ব দৃশ্য। যেনে সুন্দৰী তেনে সুন্দৰ, যেনে কবি তেনে কবিয়নী, যেনে প্ৰেমিক তেনে প্ৰেমিকা। এতিয়াহে সমানে সমানে মিলিছে। ভাই হৰি, তোমাৰ তিৰোতাজনীক মনে মনে divorce কৰি দি জীৱন যৌবন এই প্ৰেমিকাতে অৰ্পণ কৰা ।