পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪৬ ]

 

চিৰস্তদাৰ—বুজিছানে সুবল বাবু, সেই বলিয়াটোক মিছাতে অতবোৰ টকা দিলা। তাতকৈ মোক যদি ২০৲ কুৰি টকামান দিলাহেঁতেন, হাকিমক একাষাৰ কৈ মক- ৰ্দ্দমা জয় কৰি দিলোহেঁতেন।

সুবল—মোৰ মূৰ ভাঙ্গিলতো মস্তিস্ক বিকৃত হোৱা নাছিল। এতিয়া শগুণবোৰৰ ঢোঁহনিত পৰি মগজো বেয়া হ'ল।

আ' ট'—চিৰস্তদাৰ বাবু এইতে আহক।

চিৰ—(ওচৰ চাপি) কি?

আ' ট'— (মনে মনে টকা দি) আগেয়ে ৫৲ পাঁচ টকা দিছোঁৱেই, এতিয়া আকৌ ৫৲ পাঁচ টকা দিলোঁ; —অলপ চাব।

চিৰ-অৱশ্যে, অৱশ্যে, একো ভয় নকৰিবা।

হৰি— (সুবলৰ হাতত ধৰি) ভাই সুবল, মই বৰ অন্যায় কাম কৰিছোঁ। মোহত অন্ধ হৈ ৰাগীৰ জোঁকত মিছাতে তোমাক অপমান কৰিলোঁ। ক্ষমা কৰিবা নে?

সুবল—তুমি মোক যি মাৰ মাৰিছাঁ এনে উড়া কথা আষাৰতে তাৰ প্ৰতিকাৰ হয় নে?

হৰি—কি কৰিব লাগে কোৱাঁ। যদি কোৱাঁ, মই হাকিমৰ আগতে এতিয়াই সকলো স্বীকাৰ কৰিম। মদ আৰু অন্যায় কামত মোৰ যথাসৰ্বস্ব গৈছে। জামিন দিব