পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৫ ]

হ' মা'—সৰ্ব্বনাশ হ'ল দেখোন এতিয়া! হে কাবৌটি কৰিছোঁ আপুনিও লগতে যাওক।

প্ৰভা—বাৰু ময়ো যাওঁ। পাৰোঁ যদি কিবা এটা উপায় কৰোঁগৈ।

(প্ৰস্থান।)

তৃতীয় অঙ্ক।

larger

হীৰালালৰ ঘৰ।

(হৰিচৰণ আৰু কনিষ্টবল প্ৰবেশ)।

হৰি—(চিঞৰি) ভাই হীৰা! ঘৰত আছানে?

হীৰা—(ভিতৰৰ পৰা) আছোঁ।

(প্ৰবেশ কৰি)

হৰি— কনিষ্টবল ককাই পালেহি হ'বলা? কুচ্ পৰোৱা নাই বাবু, আজি কালি টকাৰ হে কাম। দুহেজাৰমান ৰূপ মোৰ হাতত দিয়া, সকলো ঠিক কৰি দিম।

হৰি—ভাই হীৰা মোৰ হাতত এতিয়া এটকিও নাই। ঘৰ-দুৱাৰ বন্ধক দিয়াৰ পাচত যি এহেজাৰ ৰূপ হাতত আছিল কালিৰ গানতে তাৰ পিনেও তেনেই খতম হ'ল। এতিয়া যে মই ক'ত ৰূপ পাও তাক