পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩২ ]

 

অৱশ্যে টকা আছে, সি যি টকা লাগে আপোনাক দিব।

প্ৰভা—মোৰ বিশ্বাস তাৰ হাতত একো নাই। তাৰ অৱস্থা দেখি আন কোনোৱে তাক ধাৰেও নিদিয়ে। যি হওক, যি পাৰোঁ কৰিম।

(ঢলি ঢলি গুণ গুণ কৈ গান গাই গাই হৰিচৰণৰ প্ৰবেশ)।

সৌৱা চাওক তাৰ কি অৱস্থা হৈ আহিছে। তাক দেখিলেও মোৰ চকুৰ নোম উঘালিবৰ মন যায়।

হ' মা'—কেলেই নো তেনেকৈ কয়? সিয়েই মোৰ সংসাৰত একেটি ৰতন। বাছাৰ মোৰ কিবা বেমাৰ হৈছে, কেনেকৈ খীণাই গৈছে, শুকাই হাড়ডাল হে মাথোন আছেগৈ।

প্ৰভা—কি অ' হৰি, অলপ স্থিৰ হৈ খোজ দিব নোৱাৰনে?

হৰি—Hallo old booby, O, I beg your pardon uncle; নমস্কাৰ।

প্ৰভা—কটা গৰু বান্দৰ, বান্দীৰ মুতনি খাই কেলেই এনেকৈ বলকিছ?

হৰি—মোক গালি পাৰি একো ফল নাই। কাৰণ মই জানোঁ গালি পাৰিবলৈকে আপোনাৰ অৱতাৰ।

(গোলাপীলৈ চাই) Hallo Desdemona! here is your Othello.

প্ৰভা—হেৰ গৰু শুন; তোৰ ওপৰত এটা ফৌজদাৰী মকৰ্দ্দমা হৈছে, হয়নে?