পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহৰ কাণতহে ভাল লাগে। মই কি সুন্দৰ কবিতাৰে মোৰ হৃদয়ৰ true love জনালোঁ , তুমি ক'ব লাগিছিল “আজি মোৰ মন, কি জানি কেমন বসন্ত আজি মধুময়।” তেতিয়া মই কলোঁহেতেন “কাৰ নাম তুলে, মালতীমুকুলে, বায়ু ক’ৰে যায় অনুনয়"। তাকে নকৈ সেই ধৰ্ম্মকথা—মোৰ চৰণ সেৱা কৰা, মই প্ৰভু ইত্যাদি। মই কওঁ তুমি মোৰ দাসী নোহোৱাঁ; but my love, my darling. মই তোক slave কিনি অনা নাই।

গো— প্ৰভু, মই অৱশ্যে আপনাৰ দাসী। জনমে মৰণে তিৰোতাৰ স্বামীয়েই গতি, স্বামীনেই মুক্তি বুলি গীতা- ভাগৱতত শুনিছো। সেইবোৰ নো ইংৰাজীৰে কি কৈছে?

হৰি— গীতা ভাগবত! damn those superstitious books. আজি কালি সেই বোৰ সৱ মিছা বুলি proved হৈ গৈছে। এতিয়া কবিতাৰ দিন, প্ৰেমৰ দিন। তুমি নাগৰী প্ৰিয়তমে, আৰু মই নাগৰ। তুমি জুলিয়েটৰ নিচিনাকৈ প্ৰেমৰ কথা কবা, মই ৰ’মিয়’ৰ নিচিনাকৈ তোমাৰ সেই বচনসুধা পান কৰিম। কোৱাঁ darling কোৱাঁ “my dear, I love you.”

গো— এইবোৰ কি কৈছে মই হলে একো ভু পোৱা নাই।

হৰি— কেলেই ভু পোৱা নাই? মই আমাৰ শুভ মিলনৰ