সুবল— নকবা ভাই, এই কুৰি শতিকাৰ সভ্যতাৰ খুন্দাত আমাৰ প্ৰাণ নিটিকাত পৰিল। হৰিচৰণ বাবু আৰু কেটামান বদমাচে সদায় সদায় আহি সেই তাতে থকা মানুহজনীৰ ঘৰত মদ খাব আৰু উদ্ভণ্ডালি কৰিবহি। তাতে থাকি সন্তোষ নহয়, ৰাতি হলে আকৌ বাটলৈ আটাইবিলাক ওলাই আহি চিঞৰি-বাখৰি, বতিয়াই-উকিয়াই বাট-পথ তেনেই চেৰেঠ কৰেহি। ওচৰতে ঘৰ; অত দৰ্খাস্ত দিও বেশ্যাজনীক তাৰ পৰা তুলিব নোৱাৰিলোঁ। ঘৰত লৰা-তিৰোতা লৈ থকাই অসম্ভৱ হৈ উঠিছে। আইন মতে হেনো তাইক তুলিব নোৱাৰি। সভ্য জগতৰ আইনৰ খুন্দাত আমাৰ অসভ্য মানুহৰ এতিয়া প্ৰাণ যায়!
মেতৰ— হাম্চে একদফে ভেট হনেচে উচ্লোককো ঠিক কৰ্নে চেক্তা।
দিবা— তেতিয়ানো তুম্ থাক্তা হায় কাঁহাৰে?
মে— বাবু চাহাব, দিনভৰ্ ময়লা উঠাকে হাম্ ভি থোৰা নিচা কৰ্কে খোচ মিজাজিমে ৰহতা।
দিবা— তেন্তে বাবুলোক মদ খাইকে অলপ বতিয়ানেচে আৰু বাহ-ওহ্য কৰ্নেচে কিয়া জগৰ্ লাগ্তা হায়?
মে—বাবু, হাম্ চাৰাপ্ পীকে কভি বমি ময়লা নাই কৰ্তা।
দিবা— তুম্ সৰু আদ্মি হায়। বড় আদ্মি হনেচে বেচিকৈ মদ খাইকে অলপ বতিয়ানে হতা হায়; নহলে বড়