পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

out.” ক্ষন্তেক আঁতৰি থাকাঁ হৰিৰ জীৱন।

(গোলাপীৰ প্ৰস্থান আৰু হীৰাৰ প্ৰবেশ।)

হৰি— (দূৰতে হীৰাক দেখা পাই ) Good evening Hira, my diamond, my dear friend.

হীৰা— Good evening to you. হয় দেও, ঘৰত বহি বহি আমনি লাগিল, সেই দেখি তোমাৰ সঙ্গত অলপ সময় কটাওঁ বুলি আহিলোঁ। ভালে আছা?

হৰি—শাৰীৰিক ভাল, কিন্তু ভাই, mind কিছু tra হৈ আছে।

হীৰা— কেলেই, সেই পুৰণি কাৰণত নে কি? আজি আমাৰ তিৰোতাবিলাক সমাজৰ দোষত driven cattle অৰ নিচিনা হৈ আছে। কিন্তু কোনো উপায় নাই। পিছে আমাৰ সৰ্ব্বসন্তা কাৰণ ক’তা?

হৰি—O, I beg your pardon. কই হায়?

(ভিতৰৰ পৰা “হাঁ হজুৰ।”)

হৰি— Peg লে আও।

(ভিতৰৰ পৰা বেহাৰা-বহুত আচ্ছা হজুৰ।)

[ জগন্নাথ আৰু ধনেশ্বৰৰ প্ৰবেশ। হৰিয়ে প্ৰত্যেকক handshake আৰু অভিবাদন কৰে।]

হৰি— বহাঁ, ভাইহঁত বঁহাহঁক। অলপ আমোদ কৰা যাওক।