পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক


১ম গৰ্ভাঙ্ক।—হৰিচৰণৰ ঘৰ।

(গোলাপী মন মাৰি বহি থাকে, এনেতে হৰিচৰণৰ প্ৰবেশ।)

হৰি— প্ৰিয়তমে গোলাপি, rose, Rosalind, my darling, কেলেই এনেকৈ মন মাৰি আছা? You don’t know my love, মাৰে হিয়াখন কিমান love এৰে পৰি পূৰ্ণ। প্ৰিয়তমে, ৰবি ঠাকুৰৰ ভাষাৰে কওঁ “জনম অবধি, বিৰহে দগধি, এজীবন হয়েছিল ছাই, তোমাৰ অপাৰ প্ৰেম পাৰাবাৰে জুড়াইতে আমি এসু তাই।" সেই ৰাজীৱ চৰণত আশ্ৰয় দি অলপ true love অৰ চিনাকি দি মোৰ শুকান বালি, চাহাৰা মৰুভূমিৰ নিচিনা এই কৰ্কৰীয়া হিয়াখন অলপ শীতল কৰিবানে?

গোলাপী— মোৰ ঈশ্বৰ প্ৰভূ, আপোনাৰ এনেবোৰ কথা শুনিলে মই বৰ ভয় খাওঁ আৰু লাজ পাওঁ। মই আপোনাৰ দাসী, মোক নো এনে কথা কব লাগে নে? আপোনাৰ চৰণ দুখানি সেবিবলৈকে মোক অনুমতি দিয়ক প্ৰভূ।

হৰি— আকৌ সেই old ideas and old style of talk। সেইবোৰ কথা পুৰণি, ৰসহীন, গদ্যময়, illiterate