পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 শ্ৰীশ্ৰী৺ দুৰ্গাপূজাৰ বন্ধত ঘৰলৈ গৈ পূজাৰ উৎসৱ সম্পূৰ্ণ উপভোগ কৰিৰলৈ লেখকে বৰ আশা কৰিছিল। বিদেশৰ পৰা ঘৰলৈ গ'লে উদৰ-দেৱতাৰ ওপৰত কেনে অত্যাচাৰ হয় লেখকৰ মনেৰে, তাক পাঠকসকলৰ ভিতৰত বহুতে জানে কাযেই পূজাৰ উৎসৱ ও সামাজিক আৰু আৰ্থিক অত্যাচাৰ উপভোগ কৰাৰ লগে লগে এমাহলৈ উদৰ-দেৱতাৰ অত্যাচাৰ নীৰবে সহিবলগীয়াত পৰিছিল। এনে আহুকলীয়া সময়তে লেখকৰ সুযোগ্য বন্ধু ডাক্তৰ শ্ৰীযুত ৰবিনাৰায়ণ বৰাৰ ও ডে বন্ধু শ্ৰীযুত ৰোহিণীকুমাৰ চৌধুৰীৰ জুটীয়া উৎপীড়ণে তেওঁৰ প্ৰাণ বায়ু কণ্ঠাগত কৰি তুলিছিল। উপদ্ৰব এই যে দিন নাই ৰাতি নাই কেৱল তেওঁবিলাকক হেনো এখন ফাৰ্চ (farce) লিখি দিব লাগে! এই কাৰ্য্যৰ নিমিত্তে তেওঁক যে কিয় বিশেষ বাছি ধৰা হৈছিল, তাক তেওঁবিলাকেই হে জানে। পিচে এ হৈছে ডাক্তৰ, -উদৰাময় ৰোগত কল্পনা-শক্তিব কিবা বিশেষ বিকাৰ হোৱা কথা যদি কোনো ডাক্তৰী শাস্ত্ৰত পাই থাকে তাক তেওঁৱেই হে জানে। সি যি হওক, আনবিলাক অত্যাচাৰ গুছ বুলি গুছাব নোৱাৰি, কিন্তু কিতাপ লেখা অত্যাচাৰটি ভালে বেয়াই কিবা এখন লেখিলেই গুছে। কাষেই “আত্মানাং সত্য ৰুক্ষেত” এই মহদ্বাক্য আষাৰি স্মৰণ কৰি মৰি মৰজাহ দি দুদিন ভিতৰতে এই ক্ষুদ্ৰ কিতাপখনি লেখি আপদৰ হাত সৰা হয়।