পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোৰ friendship ইমানতে শেষ হ'ল-সম্বন্ধ ছিগিল বুলি জানিবি।

( কনিষ্টবল সহ প্ৰস্থান)।

হীৰা—যোৱাঁ, যোৱাঁ। তোমাৰ friendship মই ভাবি value কৰোঁ। Street-beggar, তাতে ইমান ফুটনী।

(প্ৰস্থান)।

দ্বিতীয় দৃশ্য।

ধনেশ্বৰৰ ঘৰ।

(ধনেশ্বৰ ও জগন্নাথ বহি থাকে, হৰিচৰণ ও কনিষ্টবলৰ প্ৰবেশ)।

জগন্নাথ— Hallo ভায়া! সেই কনিষ্টবলটো দেখোন তোমাৰ লগত ফুৰিবই লাগিছে। মই ভাবিছিলোঁ যে তুমি ইমান পৰে safety হাজতত বন্ধ হৈ আছা। ‘শ্ৰীমতাং কুতঃ আপদঃ’ তুমি ধনী মানুহ—ভাগ্যবান, তোমাৰ আপদ ক’ত?

হৰি— নহয়, ভাই মই এতিয়া আৰু ভাগ্যবান ধনী মানুহ নহওঁ। মোৰ নগদ যি আছিল তোমালোকৰ লগত ফূৰ্ত্তি কৰোঁতে আৰু তোমালোকক দিওঁতেই সকলো গৈছে। মাটি-বাৰী, ঘৰ-দুৱাৰো বন্ধকতে আছে।