পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গীত:—


বিম—

তুমি মোৰ হৃদয়ৰ ধন,
তুমি মোৰ সুখৰ সপোন,
তুমি মোৰ নিচেই আপোন।

কত নিশা কত উজাগৰে কত কান্দি কত ভাব ভৰে,

 তোমাৰ স্মৃতি ভাবিলোঁ অন্তৰে প্ৰিয় হে;
 আজি দুখনিশা অবসান,
 আজি প্ৰেমময় মনপ্ৰাণ,
 শান্ত কৰাঁহি দগধ পৰাণ প্ৰভু হে।

হৰি—এইয়া ৫০০০৲ টকাৰ এইখন চেক্; মোৰ এই ক্ষুদ্ৰ উপহাৰ গ্ৰহণ কৰাঁ সখি। মই তোমাৰ অলঙ্কাৰৰ ফৰ্‌মাচ্ দি আহিছোঁ, কাইলৈ সেইবোৰ পাবা।

বিম—নাথ, বালাজোৰ কৰিব দিছাঁ নে?

হৰি—সেই জোৰ মই হীৰা-পতোৱা চাই কলিকতাৰ পৰা অনাই দিম প্ৰিয়ে।

বিম—নাথ thanks, thanks.

হীৰা—কেলেই, মোক জানো thanks নিদিয়া বিমল?

বিম—(চকুৰ টিপ মাৰি) তুমি জোনৰ আগত কিহৰ বাতিৰ পোহৰ? তথাপি বাৰু তোমাক thanks দিলোঁ ৷