পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় অঙ্ক।

প্ৰথম দৃশ্য।

হৰিচৰণৰ শোৱনি-ঘৰ।

(হৰিচৰণ ও গোলাপী)।

গোলাপী—ইমান নিশা, তাতে আপোনাৰ হাত ভৰিৰ থিৰ নাই; এতিয়ানো কলৈ যাবলৈ ওলাইছে? এই অৱস্থাত গলে বহুতো বিপদ ঘটিব পাৰে।

হৰি—Damn বিপদ। বিপদলৈ কুচ পৰোৱা নাই। মোৰ প্ৰেমে বিপদৰ মাজে দি বাট দেখুৱাই নিব৷ তুমিও যলৈকে ইচ্ছা তলৈকে যাব পাৰা।

গো—মই যাব পাৰোঁ! কলৈ যাব পাৰোঁ প্ৰভু? সেই চৰণ ভিন্ন মোৰ আৰু কত গতি আছে? আপুনি ওলাই যাব খুজিছে যাওক, কিন্তু আজি কতদিন মই সেই চৰণ দুখানি এবাৰ সেৱা কৰিবলৈ পোৱা নাই, এখন্তক থিয় দিয়ক, মই এটুপি পদজল মূৰত লওঁ।

হৰি—পদ-জল! কি আশ্চৰ্য্য !! আকৌ সেইবোৰ Superstition, দূৰ হ’ পিশাচী মোৰ ওচৰৰ পৰা দূৰ হ'। What an idea of love !!!

গো—প্ৰভু, এই দুখুনীলৈ আপোনাৰ অলপো দয়া নহয় নে? আপুনি মোৰ সঙ্গ ভাল নাপায়, ঘৰত নাথাকে-তাৰ