পৃষ্ঠা:গৃহ-লক্ষ্মী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৪২ ]

 

আন্ধাৰ যেন লাগিছে। দুষ্ট হ'ল বুলি জানো উলিয়াই খেদাব পাৰোঁ? দুষ্টও পো, শান্তও পো। আপুনি এই অভাগিনী তিৰোতা দুজনীৰ মুখলৈ চাই এই ফেৰা উপকাৰ কৰক।

প্ৰভা—সি যেনে নিৰ্ব্বোধ, নিলাজ তেনে প্ৰতিফল হাতে হাতে পাইছে। পাপৰ যথোচিত পৰাচিত হৈছে। মইনো বোৱাৰীৰ হাতৰ আৰু ডিঙিৰ খাৰু-মণি কেই- ডাল নি কি সতেৰে বন্ধক দি টকা আনিম?

গো—কাৰ নিমিত্তে নো মই আৰু মণি-খাৰু পিন্ধোঁ? কাৰ নিমিত্তে বা প্ৰাণ ধৰিছোঁ? তেখেতক নিৰ্ব্বোধ নুবুলিব, তেখেত যথাৰ্থতে দেৱতাৰ নিচিনা। কোমল হিয়া, শান্ত স্বভাব—দুষ্ট মানুহে চল পাই নিজৰ সুযোগ বুজি যেনি-তেনি ফুচুলাই নিলে আচলতে তেখেতৰ একো দোষ নাই। এইয়া মই মণি-খাৰু এতিয়াই খহাই দিলোঁ। এই হাত-বাকচতো কিছু গহনা আছে; আপুনি তেনেই নিয়ক।

(অলঙ্কাৰ ও হাত-বাকচ প্ৰভাকৰক দিয়ে)৷

প্ৰভা—হায় ভগবান! কি দোষত এনে হেন সতী-সাধ্বীৰ এনে দশা কৰিছা! কোনটো সতেৰে নো মানুহে এইবিলাক লক্ষ্মীৰ পৰা আঁতৰি পিশাচিনীৰ আশ্ৰয় লয়? ধন্য সতী, তুমিয়েই ধন্য। তুমিও নিজ সতীত্বৰ বলতে সাবিত্ৰীয়ে সত্যবানক নতুন জীবন দিয়াৰ দৰে দিব পাৰিব।